পাপৰি গোস্বামী
সেই সময়ত বিদেশী খেদা আন্দোলন শেষ হৈছিল। নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলটোৱে অসমত চৰকাৰ গঠন কৰিছিল। দেৱালবোৰত কেৱল হাতীৰ ছবি আৰু বতাহত ভাঁহি আহিছিল জয় আই অসম ধ্বনি। চাৰিওদিশে নতুন নতুন পৰিৱেশ এটাই বিৰাজ কৰি উঠিছিল।
দেউতাৰ চাকৰিসূত্ৰে আমি তেতিয়া পি ডব্লিউ ডি ক’লনিটোৰ প্ৰথম কোৱাৰ্টাৰটোতে আছিলোঁ। ক’লনিটোত সোমায়েই সোঁফালে আমাৰ থকা ঘৰটোৰ আগফালে এজোপা কাঞ্চন। ডাঠ বেঙুনীয়া ৰঙী ফুলবোৰেৰে গছজোপা ভৰি উঠে। ৰাস্তাৰ কাম নাছিলেই কাৰণে হয়তো বহুদিন ধৰি ৰোড ৰোলাৰখন গছজোপাৰ কাষতে পৰি থাকিছিল। ৰোড ৰোলাৰখনত উঠিলেই কাঞ্চন ফুলবোৰ হাতেৰে ঢুকি পায়। আবেলি পৰত ৰোলাৰখন আমাৰ খেলৰ লগৰী। ৰোলাৰখনৰ ওপৰত উঠি ৰাজু, মীনা আৰু মই চিঞৰোঁ,
জয় আই অসম।
জয় আই অসম।
এদিন দুপৰীয়া স্কুলৰ পৰা আহি দেখোঁ, কাঞ্চনজোপাৰ তলতে কিচকিচিয়া ক’লা সাপ এডাল পৰি আছিল। মচোৱা গোম হেনো।
মানুহবোৰে কোৱা কুই কৰি আছিল।
বহুত দীঘল।
কাঞ্চনজোপাৰ পৰা কিছু নিলগত আচাৰাম (আশাৰাম) থকা ঘৰটোৰ ভিতৰতে শুবলৈ ব্যৱহাৰ কৰা চাঙখনৰ তলতে পৰি আছিল। পানীৰ ভাৰ কঢ়িওৱা লাঠিডালেৰে আচাৰামে কোবাই মাৰি পেলালে। দুপৰৰ চোকা ৰ’দ সাপটোৰ গাটো চিকচিকাই আছিল। তেতিয়ালৈ সাপটো চাবলৈ অহা মানুহৰ ভীৰ লাগিছিল।
“…মাৰিব নালাগিছিল, মাৰি পেলাব নালাগিছিল। সদাশিৱৰ সহচৰ। কিবাকৈ খেদি পঠিয়ালেহে ভাল হলহেঁতেন৷” - সেয়া পাটগিৰি খুড়ীৰ কথা।
“ভালেই হৈছে দিয়ক। আমাৰ ইহঁতে এইখিনিতে খেলি থাকে। কোনদিনা কি অঘটন ঘটিব ক’বতো নোৱাৰি। সন্তানতকৈ বেছি একো হ’ব নোৱাৰে৷” – মীনাৰ মাকে উত্তৰ দিলে। মীনা বৰবাবু খগেন ব্ৰহ্মৰ জীয়েক।
পাটগিৰি খুড়ীৰ সন্তান নাই। মীনাৰ মাকে তেওঁক শুনাই যে কথাষাৰ কৈছে, তাক বুজি নোপোৱা কোনো নাছিল তাত। খুড়ীৰ মুখখন শেঁতা ক’লা পৰি ঘৰলৈ গুচি গ’ল। মোৰো ভাল নালাগে মীনাৰ মাকৰ এনেকুৱা কথাবোৰ। কিন্তু মীনাই মোৰ সৈতে নেখেলে বুলিহে তাইক জানিব নিদিও। দুটা ক্লাছ ওপৰত পঢ়ে যদিও ক’লনিটোত লগৰী বুলিবলৈ তায়েই আছে।
“ আচ্ছা, যি হ’ল হ’ল আৰু। এতিয়া সাপটোৰ ব্যৱস্থা কৰা আচাৰাম৷”
দেউতাৰ কথাত আচাৰামে সাপটো লাঠীডালেৰে ইফাল-সিফাল লুটিয়াই বগৰাই চালে। কিজানিবা ‘জানটো’ আছেই ক’ৰবাত। কষ্ট পাব নালাগে জীৱটোৱে। পাটগিৰি খুড়ীয়ে কোৱা কথাষাৰ শুনি আচাৰামৰ মনত যেন অলপ ভয়ো সোমাইছে।
সাপডাল ওলট-পালট কৰি থাকোঁতে গৌৰীপেহী উচপিচাই আছিল। কোনেও মন নকৰিলেও আঠবছৰীয়া মই গৌৰী পেহীক ঠিকেই মন কৰিছিলোঁ। পেহীৰ মনত হয়তো কষ্ট হৈছিল সাপটো মাৰি পেলোৱা কাৰণে। গৌৰীপেহীয়ে লৰালৰিকৈ গৈ নিজৰ কোৱাৰ্টাৰত সোমোৱাটো আচাৰামে ট’ ট’ কৈ চাই আছিল ।
আচাৰামক মই বৰ বেছি ভাল নাপাওঁ। ভয়হে লাগে ৰঙা চকু দুটা দেখি। গোম সাপটোৰ দৰেই ক’লা গাৰ ৰং। অনবৰত চকু দুটা ৰঙা হৈয়ে থাকে। নিচা খাই থাকে হেনো। দিনটোৰ বেছিভাগ সময় ড্ৰামচিটেৰে সজা ঘৰটোত শুই থাকে। কাৰোৰে সৈতে বিনা প্ৰয়োজনত এটা কথাও নকয়। ভালকৈ অসমীয়া ক’বও নাজানে। পশ্চিমা মানুহ। বিহাৰৰ কোনোবা গাওঁ এখনৰ পৰা আহি অফিচৰ নাইট চকীদাৰ হিচাপে আছে। প্ৰায় সাত-আঠ বছৰেই হৈছে হেনো। লগতে ক’লনিৰ এঘাৰটা কোৱাৰ্টাৰত পানীভাৰীৰ কামো কৰে। আচাৰাম সদায় গহীন মুখ এখন লৈয়ে থাকে। মোৰ মনত পৰা মতে বছৰটোৰ মাত্ৰ এটা দিন হে তেওঁৰ মনত ফূৰ্ত্তি দেখিছিলোঁ। হোলীৰ দিনা আচাৰামে পুৱাই গা পা ধুই বগা ধুতি পাঞ্জাৱী পিন্ধি লয়। ডিঙিত দেচুৱালী গামোচাখন লৈ চাঙৰ তলৰ পৰা ঢোলটো উলিয়ায়। প্ৰায় গোটেই দিনটো ঢোলটো বজাই নিজৰ ভাষাৰে হোলী গীত গাই থাকে। সিদিনা আচাৰামলৈ ভয় নালাগে। আমিবোৰে ৰঙ সানি দিছিলোঁ। চকু দুটা চলচলীয়া হৈ পৰিছিল। মায়ে কৈছিল, -
“হয়তো দেচত থকা তাৰ পৰিয়ালটোলৈ মনত পৰিছে৷”
মই আচাৰামক ভাল নাপালেও ক’লনিৰ সৱেই ভাল পাইছিল। বিশেষকৈ গৌৰীপেহীয়ে। গৌৰীপেহীৰ যাৱতীয় বজাৰ-সমাৰো কৰি দিছিল আচাৰামে।
গৌৰীপেহীৰ এটা বিষ আছিল। মাজে মাজে হেনো উক দিয়ে। ভালে কেইবছৰ আগতে বাৰীৰ পিছফালে থকা পুখুৰীটোৰ পাৰতে বাওঁ ভৰিৰ মাজৰ আঙুলিটোত সাপে খুটিছিল। হৈ চৈ লাগিল। মনহৰি বেজক খবৰ দিয়া হ’ল। পিছে সেই সময়ত অম্বুবাচী চলি আছিল। সদ্য বিধবা হোৱা গৌৰী পেহীক অম্বুবাচীৰ দিনকেইটাত কোনো পুৰুষে চুব নোৱাৰে বুলি শাহুৱেকে বেজক ঘূৰাই পঠিয়ালে।
‘… বোলো নিয়ম নিয়মেই, বামুণ বিধৱা। নীতি-নিয়ম নামানিলে পাপে চুব। ল’ৰাটোৰ মূৰটো খালে। এতিয়া তাইও মৰে যদি মৰক। কিন্তু নিয়ম খণ্ডন কৰিব নিদিওঁ৷’
সাপটো বেছি বিষাক্ত নাছিল হয়তো।
তিনি দিন তিনি ৰাতি বিষত কেঁকাই কেঁকাই গৌৰী পেহী বাচি থাকিল। পিছলৈ বিষটো কমিল যদিও মাজে মাজে উক্ দিয়া হ’ল। বিষটো উজাই আহিলেই পেহীয়ে উচপিচাই থাকে।
বিয়াৰ ছয় মাহৰ পিছতে পেহী বিধৱা হৈছিল। বিভাগীয় অনুকম্পামূলক চাকৰিটো পোৱাৰ পিছে পিছে পেহীয়ে শহুৰেকৰ ঘৰ এৰিলে। কোনো যোগাযোগেই নাৰাখিলে। সন্ধিয়া পৰত ক’লনিৰ মহিলাসকলৰ আলোচনাত এইবোৰ কথা ওলায়। গৌৰী পেহীৰ প্ৰতি সকলোৰে সহানুভূতি আছিল। ময়ো পেহীক বৰ ভাল পাইছিলোঁ।
সেইদিনা মীনাৰ ভায়েকৰ জন্মদিন আছিল। আবেলি খেলৰ শেষত কলনিৰ সৰু ল’ৰা-ছোৱালীকেইটাক মাতি মীনাৰ মাকে লুচী, মাংস আৰু মিঠাই খাবলৈ দিছিল।
সন্ধিয়া পৰত কাঞ্চনজোপাৰ তলতে গৌৰীপেহী আৰু পাটগিৰি খুড়ীয়ে কথা পাতি আছিল। সম্ভৱতঃ সাপটোৰ কথাকেই পাতি আছিল। মোক দেখি খুড়ীয়ে হাঁহি এটা মাৰি সুধিলে,
মীনাৰ মাকে কি খুৱালে ?
মই মাংসৰ কথা কোৱাত খুড়ীয়ে হাঁহি হাঁহি কৈছিল, “ইচ ৰাম, মৰা সাপটোৰহে মাংস আছিল সেয়া৷”
“ইস, সাপৰ মাংস খায় নেকি..! কোনেও নেখায়৷”
“খায় খায়, আচাৰামেও খায় নহয়। সেই কাৰণেই আচাৰামৰ শৰীৰত ইমান শক্তি।”
খুড়ীৰ কথাত মই গৌৰীপেহীলৈ চাই সুধিছিলোঁ,
“সঁচানে?”
গৌৰীপেহীয়ে একো নকৈ হাঁহি মূৰ দুপিয়াইছিল।
খুড়ীয়ে ধেমালিতে কোৱা কথাষাৰ মই বহু ডাঙৰ হোৱালৈ সঁচা বুলিয়েই ভাবি আছিলোঁ। সাপৰ মাংস খাই পাইছোঁ বুলি লগৰবোৰৰ আগত নিজকে জহাইছিলোঁ। মনত পৰিলে এতিয়াও হাঁহি উঠে।
পিছদিনা দেওবাৰ আছিল। মায়ে কলৰ পিঠা পুৰিছিল। গৌৰীপেহী অকলশৰীয়া বুলি মায়ে প্ৰায়ে ইটো-সিটো পঠিয়াইছিল। সিদিনাও মায়ে দিয়া বাটি এটা লৈ মই চিধাই গৌৰীপেহীৰ ৰুম পালোঁ। পীৰা এখনত বহি ভাত খাই আছিল। পেহীয়ে হঠাতে মোক দেখি অপ্ৰস্তুত হৈ পৰিল। মাংসৰ ফুৰফুৰীয়া গোন্ধ মোৰ নাকত লাগিল।
সাপে কামোৰা পুৰণি বিষ হেনো সাপৰ মাংসৰেহে গুচাব পাৰি। কোনেও নজনাকৈ মনে মনে সাপৰ মাংস খাব লাগে। নহ’লে বিষ বেছি হয়। গৌৰীপেহীয়ে আঠ বছৰীয়া ছোৱালীজনীক বুজাইছিল।
দুমাহৰ পাছত দেউতাৰ ট্ৰেন্সফাৰ হৈছিল আৰু আমি সেইটো, কলনি, সেইখন ঠাই, মীনা, গৌৰী পেহী, আচাৰাম সকলোৰে পৰা বিদায় লৈ গুচি আহিলোঁ। নতুন ঠাই, নতুন মানুহৰ মিলি গৈছিলোঁ। তেনেকুৱাই হয় ছাগৈ, চকুৰ আঁতৰ হ’লে মনৰো আঁতৰ হয়।
ককাদেউতাৰ মৃত্যু হোৱাৰ ছাব্বিছ বছৰৰ পাছত আমাৰ আইতা ঢুকাইছিল। মই তেতিয়া কলেজ পাইছিলোঁ। আইতাৰ সৈতে মোৰ খুব আবেগিক সম্পৰ্ক আছিল। গাওঁৰ ঘৰত থকা দিনকেইটা মই আইতাৰ পিছে পিছে ঘূৰি ফুৰিছিলোঁ। আইতা আছিল মোৰ আটাইতকৈ প্ৰিয় ব্যক্তিত্ব। তেওঁৰ অনুপস্থিতিয়ে মোক বিহ্বল কৰি তুলিছিল। যোৱা বাৰটা দিনে আত্মীয়-স্বজনেৰে ঘৰখন ভৰি থকা স্বত্বেও চাৰিওফালে কিবা এটা শূন্যতা বিৰাজ কৰিছিল। সেই শূন্যতাই মোৰ মনটোকো সেমেকাই ৰাখিছিল। যথাবিধি আদ্যশ্ৰাদ্ধৰ কামবোৰ হৈ গৈছিল। তেৰদিনৰ দিনা মৎসস্পৰ্শ। ব্ৰহ্ম ভোজনৰ আয়োজন হৈছিল। মৃতকৰ কাৰণে বাঁহেৰে এখন ভাৰ সজা হৈছিল। তাত এখন ডাঙৰ কলপাতত ভাগে ভাগে বিভিন্ন ব্যঞ্জনৰ সৈতে আইতাই খাই ভাল পোৱা পূৰৈ শাকৰ ভাজি, নাৰিকল দিয়া ভাপত দিয়া লাৰু, ৰসগোল্লা আদি বহুতো খোৱা বস্তু সজাই থোৱা আছিল। মাজতে গৰম ভাতৰ সৈতে এটা সিজোৱা কণীও আছিল। কোনোবাই দুটা বাতিত মাছ আৰু মাংসও আনি থ’লে। মনত পৰাৰে পৰা দেখি আহিছোঁ, আইতাই সদায় নিৰামিষ আহাৰহে গ্ৰহণ কৰিছিল। আইতাৰ পাকঘৰত মাছ, মাংস, পিয়াজ, নহৰু আদি নিষেধ আছিল। সদায় নিজেই ৰান্ধি খাইছিল। এনেস্থলত মাংসৰ বাতি দেখি মই আচৰিত হৈছিলোঁ। মোৰ এনে লাগিছিল যেন আইতাৰ আত্মাই কষ্ট পাব এনেদৰে খাবলৈ দিলে। মা, খুড়ী, পেহীহঁতে কান্দি আছিল। কোনেও একো কোৱা নাই। কি আচৰিত !
‘আইতাই নিৰামিষভোজী হে আছিল। মাছ, মাংস কিয় দিছে ইয়াত?’ – প্ৰতিবাদৰ সুৰত কোৱা কথাষাৰ শুনি কাষতে থকা ডাঙৰ মামাই কৈছিল-
‘তোমাৰ আইতা বৰ্তমান বিধৱা হৈ থকা নাই। তেখেত এতিয়া মুক্ত, কায়িক সুখ-দুখৰ উৰ্দ্ধত। জন্মৰ পিছৰে পৰা মানুহ এগৰাকীয়ে যেনেকৈ, যি যি খাইছিল ঠিক তেনেকৈয়ে শেষ ভাতসাজো দিয়া হ’য়। তোমাৰ ককা ঢুকোৱাৰ আগলৈকে তোমাৰ আইতাইও মাছ-মাংস খাইছিল। গতিকে, আজি তেওঁৰ আত্মাক বিধৱা জ্ঞান কৰি খাবলৈ দিয়া নহয়৷’
“ আইজনী অ’, কপালত বৈধব্যৰ যন্ত্ৰণা থাকিলে ভূগিবই লাগে। উকা কপাল আৰু ৰং নোহোৱা সাজযোৰৰ মাজত যে কিমান আশা, কিমান আকাংক্ষা নোহোৱা হৈ যায় সেয়া আন কোনোৱেই বুজিব নোৱাৰে। আইতাৰে ৰঙচঙীয়া কাপোৰহে পিন্ধিবলৈ ভাল পাইছিল, পিছে বগা সাজেৰেহে পৃথিৱী এৰিলে৷” - সেয়া উচুপি থকা কণ আইতা। আইতাৰ সৰুজনী ভনীয়েক। তেওঁৰো কপালখন উকা।
স্থবিৰ হৈ ৰৈছিলোঁ কিছুপৰ। কিমান হেঁপাহক মনৰ ভিতৰতে দবাই ৰাখিছিল আইতাই। মন গৈছিল নে, এসাজ ৰঙা কাপোৰ পিন্ধিবলৈ ! হেঁপাহ পলুৱাই মাংসৰ আঞ্জাৰে ভাতসাজ তৃপ্তিৰে খাবলৈ !
কেতিয়াও সোধা নহ’ল। কোনোবাই সুধিছিল নেকি সেয়াও জনা নহ’ল।
সমাজ মানুহে গঢ়ে। নিয়মবোৰো মানুহে গঢ়ে। কিন্তু মানুহ এগৰাকীৰ মনৰ কথাবোৰ কিয় সমাজখনে নুবুজে..!
কিয় অসহায় অৱস্থাতো সামাজিক নিয়মবোৰৰ প্ৰাধান্য বেছি হয়..! কিয় ৰঙহীন জীৱন কেৱল মহিলাগৰাকীয়েহে জীয়াবলগীয়া হয়! সাতো জনমৰ বান্ধোনত বান্ধ খায় দুগৰাকী মানুহে। কিন্তু, অকথ্য যন্ত্ৰণা কেৱল এগৰাকীয়েহে ভোগ কৰিবলগীয়া হয়।
সমাজৰো সংশোধন হোৱাটো বাঞ্চনীয়। প্ৰয়োজন আছে সংশোধনৰ।
কথাবোৰ নতুনকৈ চিন্তা কৰিব পৰাকৈ হয়তো মই ডাঙৰ হৈ পৰিছিলোঁ সিদিনা।
বহু বছৰ পিছত গৌৰী পেহীলৈ মনত পৰিল। সাপৰ মাংসৰ কাহিনীটোও মনলৈ আহিল।
তেওঁ জানো কিবা ভুল কৰিছিল..! নাই, কোনো ভুল কৰা নাছিল। পৰিস্থিতিয়ে বাধ্য কৰাইছিল তেওঁক সৰু ছোৱালী এজনীক মিছাকৈ বুজাবলৈ। কিন্তু, তেওঁৰ মনৰ হেঁপাহ অপূৰ্ণ ৰখা নাছিল।
তেওঁৰো গাভৰু মন এটা আছিল ।
মনৰ ভোক আছিল, শৰীৰৰ ভোক আছিল।
ৰঙ নোহোৱা জীৱনটোত কাৰোবাৰ অলপ মৰম আৰু সহানুভূতি আশা কৰিছিল। হয়তো সেইখিনি মৰম তেওঁ আচাৰামৰ মাজত বিচাৰি পাইছিল!
গৌৰী পেহীয়ে নিজৰ মনৰ ইচ্ছাক সন্মান দিছিল। নিৰৱে প্ৰতিবাদো কৰিছিল সমাজৰ একপক্ষীয় নীতি-নিয়মৰ। সাহসেৰে থিয় দিছিল প্ৰতিকূল পৰিস্থিতিত। অনাদৰ, অপমানৰ প্ৰত্যুত্তৰ দিছিল শহুৰেকৰ ঘৰ এৰি আহি।
তেওঁৰ প্ৰতি মনটো শ্ৰদ্ধাৰে ভৰি পৰিল।
বুকুৰ ভিতৰখনত এক প্ৰশান্তি বিয়পি পৰিল। থাকক, সাপৰ মাংসৰ কাহিনীটো তেনেকৈয়ে থাকক। বহুজনৰ প্ৰতিবাদৰ ভাষা হৈ।
“ আইতা, সাপে কামুৰিলে বিষ নোহোৱা কৰিবলৈ সাপৰ মাংস খাব লাগে নহয় নে?”
বাৰীৰ পিছফালে শাক তুলি থাকোঁতে কোনোবা এদিন আইতাক সুধিছিলোঁ।
“কোনেনো ক’লে তোক এই বেবেৰিবাং কথাবোৰ...!” - আইতাই হাঁহি হাঁহি কৈছিল ।
“গৌৰী পেহীয়ে।“
দঢ়াই দঢ়াই নক’বলৈ কোৱা স্বত্তেও মই কৈ পেলাইছিলোঁ।
আইতাই শাক তোলা এৰি মোৰ মুখলৈ চাই আছিল।
“মাজে মাজে বিষটো উক দিলে আচাৰামে সাপৰ মাংস ৰান্ধি আনে গৌৰীপেহীলৈ। মনে মনে খাব লাগে। লোকে জানিলে বিষ নকমে। মই দেখিছোঁ নহয়৷”
মোৰ মনত আছে, আইতাৰ মুখৰ বৰণ সলনি হৈছিল। ক্ষন্তেক সময় কিবা ভাবি মোক কৈছিল,
“খাওক দে। তই কথাটো কাকো নক’বি৷”
মই মূৰ জোকাৰি কৈছিলোঁ,
‘নকওঁ৷’
আইতাৰ উজ্জ্বল হৈ উঠা মুখখনত লুকাই থকা হাঁহি এটা ওলাই আহিছিল ।
***
গল্পকাৰৰ ঠিকনা:
গোলকগঞ্জ, ধুবৰী।
ফোন নং : ৯৭০৬৯১১৫৩৩
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)