বাব্লু প্ৰসাদ বৰুৱা
সিহঁতে খেদিলে ফুলি থকা সূৰ্যমুখী ফুলবোৰৰ
উজ্জ্বল নীৰৱতা
সিহঁতে ল’ৰা-ছোৱালীহঁতৰ ওঁঠৰ হেঙুলীয়াখিনি
কাঢ়িলে
সিহঁতেৰ আকাশ ৰঙা কৰি হানিলে সোণালী শইচৰ
চেঁই
সিহঁতে নেফানেফ কৰিলে সিহঁতৰ মাকহঁতৰ জৰায়ু
কলৱতী নদীখন শিল হ’ল সিহঁতৰ বাবে
সিহঁতৰ বাবেই ফাটি চিৰাচিৰ দেশৰ নাড়ী-ভূঁৰু
সিহঁতে আৰম্ভ কৰিলে যুদ্ধ
সিহঁতে খেলিলে তেজৰে ফাকু
সিহঁতৰ ঘৰবোৰ কুকুহা হৈ উৰি গ’ল
সিহঁতে লগালে জুই
আৰু আমি সিহঁতৰে এজন হ’লো৷
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)