৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সেউজী সেউজী সেউজী অ'

লেখকঃ ড॰ প্ৰাণজিৎ বৰা • প্ৰকাশিতঃ ১ নৱেম্বৰ, ২০২৬
১ মিনিট পঠন • ১৫৭৫ বাৰ পঢ়া হৈছে

ড° প্ৰাণজিৎ বৰা

(৮)

পাছদিনা ছাৰে শ্ৰেণীকোঠালৈ সোমাই আহিয়েই কাৰো ফালে নোচোৱাকৈ নিজৰ চকীখনত বহি পৰিল। আনদিনা ছাৰে মুখত হাঁ‌হি এমোৰোকা লৈ সোমায়, কোনোদিনেই তেওঁ চকীত নবহে, আহিয়েই ব'ৰ্ডৰ ওচৰলৈ গৈ হাতৰ চকডালেৰে ব'ৰ্ডত সিদিনাৰ পাঠটোৰ নামটো ডাঙৰ ডাঙৰকৈ লিখে। 

আজি কি হ'ল ছাৰৰ! ল'ৰা-ছোৱালীহঁ‌ত নিমাত হৈ ৰ'ল।

"মই আজি বৰ দুখেৰে দুটামান কথা ক'ব লাগিব।", অলপ পাছতে ছাৰে লাহে-ধীৰে ক'বলৈ আৰম্ভ কৰিলে, "মই যাৰ কথা ক'বলৈ ওলাইছো তেওঁলোকৰ নাম নকওঁ‌। কথাখিনি কওঁতেই যাৰ কথা কৈছোঁ‌ তেওঁলোকে গম পাব।"

মুহূৰ্ততে গোটেই শ্ৰেণীটোৰ পৰিৱেশ কাঁ‌হ পৰি জীণ যোৱাৰ দৰে হ'ল। ল'ৰা-ছোৱালীহঁ‌তে পৰস্পৰে পৰস্পৰৰ মুখৰ পিনে চাবলৈ ধৰিলে অবাক হৈ।

ছাৰে কিছুপৰ ৰ'বৰ পাছত পুনৰ ক'বলৈ ধৰিলে, "কথা হ'ল, আজি পুৱা আমাৰ শ্ৰেণীৰ দুজন ছাত্ৰৰ ঘৰৰ মানুহ মোৰ তালৈ আহিছিল। দুয়োজনৰে মাক-দেউতাকৰ এটাই আপত্তি, ল'ৰাই হোৱাই-নোহোৱাই ম'বাইল চাই থাকে, পঢ়া-শুনাত মন নাই।"

এটা মৃদু গুনগুননিয়ে গোটেই শ্ৰেণীটোক ঢৌৱাই থৈ গ'ল। ছাৰে অলপ ৰৈ আকৌ কৈ গ'ল, "মই সিহঁতৰ মাক-দেউতাকৰ মুখকেইখন পাহৰিব পৰা নাই। বৰ দুখ লাগি আছে। দুয়োজনৰ দেউতাক-মাকে পুৱাৰে পৰা গধূলিলৈকে খেতিপথাৰত কষ্ট কৰি কাম কৰে, তেওঁলোকে যোৱা কোভিড মহামাৰীৰ সময়ত যেতিয়া স্কুল-কলেজ সকলো বন্ধ হৈ গৈছিল, তেতিয়াই ল'ৰাই অনলাইন ক্লাছ কৰাৰ কাৰণে ল'ৰাক স্মাৰ্ট ফোন একোটা কিনি দিছিল। সেই সময়ত আমাৰ কাৰো হাততে অনলাইন ক্লাছ কৰাৰ বাহিৰে আন উপায় নাছিল, কিন্তু এতিয়া সেই মহামাৰী আৰু নাই, এতিয়া পৰিৱেশ স্বাভাৱিক। এই পৰিৱেশত অনবৰতে ম'বাইল ফোনটোত লাগি থাকিলে হ'ব জানো? এই যে অনবৰতে গেম খেলি থকা, ম'বাইলটো হোৱাই-নোহোৱাই অভিভাৱকৰ পৰা লুকুৱাই হ'লেও লিৰিকি-বিদাৰি থকা, এই আসক্তিৰ নাম কি জানানে তোমালোকে?"

"নাজানো, ছাৰ।", কেইবাজনেও একেলগে সঁ‌হাৰি জনালে।

"তোমালোকৰ লগত থকা ম'বাইল ফোনটোৰ বিকাশৰ ইতিহাস একা? জানানে কোনোবাই? মই যদি সেই ল'ৰাদুজনক সোধো, মই জানো, ইমানকৈ ম'বাইল চাই থকা তেওঁলোক দুজনেও একো ক'ব নোৱাৰিব।"

ছাৰে বহি থকাৰ পৰা উঠি শ্ৰেণীৰ মাজভাগত আহি ৰ'লহি, "ম'বাইলটো নোহোৱাকৈ এক মিনিটো নাযাব বুলি যিটো ভয় বা অৱস্থা, তাৰ ইংৰাজী নাম হৈছে নম'ফবিয়া। এই অৱস্থাটো বৰ ভয়লগা অৱস্থা দেই। ডাক্তৰী চিকিৎসা নহ'লে এই বেমাৰৰ পৰা উদ্ধাৰৰ আশা বৰ কম।"

ছাৰ এইবাৰ হেমন্তহঁ‌ত বহি থকা বেঞ্চখনতে বহিল, "কথা হ'ল, পুৱাৰে পৰা ৰাতি বিচনালৈ গৈ টোপনি নহালৈকে লিৰিকি-বিদাৰি থাকিবলৈ ম'বাইল ফোনটো আবিষ্কাৰ কৰা হোৱা নাছিল। যোৱা শতিকাৰ সত্তৰৰ দশকৰ আৰম্ভণিতেই উলিওৱা প্ৰথম ম’বাইল ফোনটোৰ ওজন কিমান আছিল ক'ব পাৰানে? তাৰ ওজন আছিল দুই কেজি। আজি বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নতিয়ে সেই দুইকেজি ওজনৰ ফোনটোক কেনেকৈ ইমান কম ওজন,কম দাম আৰু সহজলভ্য কৰি পেলালে, তোমালোকক বুজাই ক'ব নালাগে আৰু! মুহূৰ্তৰ ভিতৰতে যোগাযোগ আৰু ইণ্টাৰনেটৰ সুবিধাৰে গোটেই জগতখনকে আজি ম'বাইলটোৱেই চলাই নিছে। যোৱা মহামাৰীত ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হোৱাৰ সময়তো ম'বাইলটোৰ জৰিয়তেই আমি সকলোৱে সকলোৰে সৈতে যুক্ত হৈ থাকিলো। তোমালোকে ঘৰতে থাকি ক্লাছ কৰিলা, পৰীক্ষা দিলা, নহয়নে? ইমান সুবিধাজনক ম'বাইলটোৰ ব্যৱহাৰ তেনেহ'লে কিয় আমি বেয়াকৈ কৰিব লাগে বাৰু? প্ৰযুক্তি সদায়েই লাভজনক, আমি মানুহেহে তাৰ বেয়া ব্যৱহাৰেৰে নিজৰ বিপদ মাতি আনো।"

হেমন্তহঁ‌তৰ বেঞ্চখনৰ পৰা উঠি গৈ ছাৰ এইবাৰ ৰিদীপহঁ‌তৰ বেঞ্চখনৰ ওচৰত থিয় হ'লগৈ, "ম'বাইল ফোনটোত গোটেই জগতখনেই আছে, তোমালোকে জানা। কিন্তু ফোনটোৰ বেয়া ব্যৱহাৰ কৰাত আমি যিমান পাকৈত, তাৰে জগতখনৰ ভালখিনি চাবলৈ বা জানিবলৈ আমি সিমানেই আগ্ৰহীনে? ফোনটো হাতত থকাৰ পিছতো তাৰ আজিৰ ৰূপটোৰ বিৱৰ্তনৰ ইতিহাসকেইবা আমি চাইছো জানো কেতিয়াবা? বা ফোনটোৱেনো কোনো তাঁ‌ৰ নোহোৱাকৈয়ে কেনেকৈ কাম কৰে, সেইখিনি? এইবোৰ বিচাৰি চোৱাতকৈ আমি কি বিচাৰিবলৈ ভাল পাওঁ‌? সহজ আনন্দৰ উৎস, যিবোৰত নিজৰ মগজু খটুৱাব নালাগে, ভাবিব নালাগে, চিন্তা কৰিব নালাগে। নতুন গেম, নতুন চিনেমা, নতুন গান, ৰীল, এইবোৰেই নহয় জানো?"

"ম'বাইল ফোনটোৰ পৰা হোৱা বিকিৰণৰ ফলত কি কি ক্ষতি হয়,  সেইবোৰলৈ নগৈ মই নিজে ভবা কথাটো কওঁ‌, ম'বাইল ফোনৰ আসক্তিয়ে তোমালোকৰ মাজৰ সৃষ্টিশীল কল্পনাক্ষমতাক কিন্তু বৰ বেয়াকৈ প্ৰভাৱিত কৰিছে। ম'বাইলত ব্যস্ত হৈ থাকোতে থাকোতে বিষয় এটা সম্বন্ধে নিজে কিবা এটা ভাবিবলৈ, কিবা এটা লেখিবলৈ আমাৰ মানসিক প্ৰস্তুতিয়েই নোহোৱা হোৱাৰ দৰে হয়গৈ। আমাৰ জীৱনৰ পৰা বহু বিস্ময় আৰু আনন্দ ম'বাইল ফোনটোৱে কাঢ়ি লৈ গৈছে। তোমালোকে সেইবাবেই সাৱধান হ'ব লাগিব। ফোনটোৰ ব্যৱহাৰ কৰা, কিন্তু সহজ আনন্দ লাভৰ বাবে নহয়। আজি যি দুজন ল'ৰাৰ বাবে মই এনেকৈ ইমানখিনি ক'বলগীয়া হ'ল, তেওঁলোকে মোৰ গোটেই কথাখিনি জুকিয়াই চাবা। এটা কথা নাপাহৰিবা যে আমাৰ নিজৰ ভৱিষ্যৎ আমাৰ নিজৰ হাততে আছে আৰু সেই ভৱিষ্যৎ নিৰ্ভৰ কৰিছে বৰ্তমানৰ ওপৰত। তুমি তোমাৰ কামেৰে বৰ্তমানটোক অৰ্থপূৰ্ণ কৰি তুলিব পাৰিলেহে তোমাৰ ভৱিষ্যতো অৰ্থপূৰ্ণ হ'ব।"

কথাখিনি কৈ ছাৰ ওলাই গ'ল। থুপিতৰাই ছাৰে কৈ যোৱা শেষৰ কথাকেইটা লেখি থবলৈ বুলি নিজৰ বহীখন উলিয়াই ললে।

(আগলৈ)

ড
লেখকৰ পৰিচয়

ড॰ প্ৰাণজিৎ বৰা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সিহঁতক অকণমান লেতেৰা হ’বলৈ দিয়কচোন
ড০ ইন্দ্ৰাণীৰেখা শইকীয়া • ৩০ অক্টোবৰ, ২০২৬
জন্মদিন : জন্মৰ পৰা জীৱনবোধলৈ
অংকুৰজ্যোতি বুঢ়াগোহাঁই • ২৫ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)