৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সোৱণ ডঁৰিকণা

লেখকঃ সিদ্ধাৰ্থ শংকৰ কলিতা • প্ৰকাশিতঃ ১৬ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ৮২৮ বাৰ পঢ়া হৈছে

সিদ্ধাৰ্থ শংকৰ কলিতা

 

​বৈ যোৱা পানীখিনিত

ৰূপোৱালী পোহৰৰ ভমক

তুমি নৈৰ বুকুত সাঁতুৰি ফুৰা

এটা সোণোৱালী চমক

 

চঞ্চল পোহৰৰ মাজত

নাচি উঠে সোৱণ ডঁৰিকণা,

নিজৰাৰ নিজান পানীৰ আয়নাত

মেঘ আৰু বতাহৰ অলিখিত কথা

 

পানীৰ গভীৰতালৈ

তোমাৰ লাস্যময় গমন

সৰু ফিছাৰ মৃদু কম্পনত

থমকি ৰোৱা এটি ক্ষণ

 

ঢৌবোৰৰ চঞ্চল বুকুত

জিলিকি থকা সোণোৱালী ৰেখা

পোহৰ-ছাঁৰ ধেমালিতে

এটা উকা সপোনৰ ভাষা

 

বাৰিষাৰ প্ৰথম জাক বৰষুণত

সাৰ পায় পানীৰ প্ৰাণ

জোপোহাৰ আঁৰত বতাহে গায়

জীৱনৰ অনাবিল গান

 

নৈ কেতিয়াও থমকি নৰয়

এয়া কালৰ আহ্নিক গতি

তুমি সেই সোঁতৰ বুকুত স্পন্দিত

জীৱনৰ ক্ষণস্থায়ী আশা

 

তোমাৰ চকুত নীলা আকাশৰ পিয়াহ

দেহত বৈ যায় নিজৰাৰ নিজান প্ৰবাহ

সোৱণ ডঁৰিকণা—

পানীৰ বুকুত অংকিত অমল উৎসাহ

 

নৈৰ নিমাত বুকুখন ফালি

তুমি উমি উমি জ্বলা সোণোৱালী শিখা

কালৰ নিৰৱধি গতিত

য’ত মিলি যায় স্মৃতি আৰু অদৃশ্য কায়া

 

হিয়াৰ অৰণ্যত

সোৱণ ডঁৰিকণা মাথোঁ এটি মাছ নহয়

নিয়তিৰ বুকুত ক্ষণিকৰ জুই—

পানীৰ মাজত জ্বলি থকা এটি অদৃশ্য দ্যুতি

 

সময়ৰ বিশাল জলৰাশিত বিলীন এয়া সৰু পৃথিৱী,

পানীৰ বুকুত উজলি উঠা পোহৰৰ এটি পদ্য

কেৱল এই নৈখনৰ নহয়

তুমি অনন্ত কালৰ এক অন্তহীন গুঞ্জন

স
লেখকৰ পৰিচয়

সিদ্ধাৰ্থ শংকৰ কলিতা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)