৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰদে বৰষুণে ইমান যে গান

লেখকঃ লোকনাথ গোস্বামী • প্ৰকাশিতঃ ১৫ অক্টোবৰ, ২০২৬
৫ মিনিট পঠন • ১৫৪০ বাৰ পঢ়া হৈছে

 লোকনাথ গোস্বামী


মন-দাপোণ-২৫

 

(১)

 

  নামৰূপত শংকৰজন্মোৎসৱঃ

 

নামৰূপ উদ্যোগনগৰীত আমি প্ৰথম যোৱাৰ সময়ত দেখিছিলো তাত হাইস্কুল(পাছলৈ হায়াৰ ছেকেণ্ডাৰি),সাৰনিগম হস্পিতাল, সমূহীয়া ক্লাব, সমূহীয়া বজাৰ, নামঘৰ আদি সকলো আছে৷ নামঘৰত প্ৰতিবছৰে মহাপয়োভৰেৰে শংকৰজন্মোৎসৱ উদযাপিত হয়৷ শংকৰজন্মোৎসৱ আহিলেই তাৰ সাংস্কৃতিক অনুষ্ঠানৰ দায়িত্ব মোৰ আৰু বানেশ্বৰ খাওন্দৰ ওপৰত পৰে৷ আমি দুয়ো মিলি সংগীতালেখ্য লেখি সংগীত বিদ্যালয়ৰ ল’ৰা-ছোৱালীবিলাক গোটাই গীত-মাত শিকাই পৰিৱেশন কৰাৰ ব্যৱস্থা কৰো৷ তাৰ বাবে পোন্ধৰদিন মান ধৰি ৰিহেৰ্চেল কৰিবলগীয়া হয়৷ থাৰ্মেলৰ সংগীত বিদ্যালয়ত চেমনীয়া ল’ৰা-ছোৱালীক খোলবাদন শিকোৱাৰ বাবে খোলৰ শিক্ষক(গোলাপ মহন্ত), সত্ৰীয়া নৃত্য(দীনবন্ধু বৈশ্য)ৰ বাবে শিক্ষকৰ ব্যৱস্থা কৰা হৈছিল৷ বৰগীত-জিকিৰৰ এক যুগল-বন্দী আমি নিজে গাই পৰিৱেশন কৰিছিলো৷ প্ৰতিবছৰে মুকলি সভালৈ একোজন বিশিষ্ট অতিথি আমন্ত্ৰণ কৰি অনা হৈছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, জন্মসূত্ৰে নাহৰকটীয়াৰ ড০ ভৱপ্ৰসাদ চলিহা(বৰ্তমান প্ৰয়াত) ছাৰকো আমন্ত্ৰণ কৰাৰ কথা মনত আছে৷ এই শংকৰজন্মোৎসৱ অনুষ্ঠানৰ আয়োজনৰ গুৰিতে তেতিয়া যে স্থানীয় ‘শংকৰ সংঘ’ জড়িত আছিল, মই তেতিয়ালৈকে জনা নাছিলো৷  ’শংকৰ সংঘ’ সম্পৰ্কে তেতিয়ালৈকে মোৰ কোনো ধাৰণাই নাছিল৷ পাছতহে জানিব পাৰিলো যে নামৰূপৰ, বিশেষকৈ সাৰ নিগমৰ যথেষ্ট সংখ্যক উচ্চপদস্থ বিষয়াৰ পৰা আৰম্ভ কৰি সাধাৰণ কৰ্মচাৰীলৈ প্ৰায়সকলেই শংকৰ সংঘৰ সদস্যভূক্ত আছিল৷ পাছলৈ অৱশ্যে  বেলেগ বেলেগ ব্যস্ততাৰ কৰণে এনেবিলাক ধৰ্মীয় অনুষ্ঠানত মোৰ অংশ গ্ৰহণ কমি আহিছিল ৷

(২)

মোৰ কৰ্মস্থানত গায়ক, গীতিকাৰ, সুৰকাৰ কমল স্বৰ্ণকাৰৰে সংযোগঃ

নামৰূপত চাকৰি কৰাৰ প্ৰায় তিনিবছৰমান হওঁতে কেইজনমান নতুনকৈ যোগদান কৰা সহকাৰী অভিযন্তাক লগ পালোঁ কামৰ মাজতে৷ সেইসকলৰে এজন আছিল কমল স্বৰ্ণকাৰ৷ কমল স্বৰ্ণকাৰক লগত লৈ তেওঁৰেই সতীৰ্থ অভিযন্তা প্ৰদীপ দুৱৰা প্ৰথম মোৰ কোৱাৰ্টাৰলৈ গৈছিল হেমাঙ্গ বিশ্বাসৰ কলকাতাত আগবঢ়োৱা বাণীবন্ধ ভাষণটো টুকিবৰ কাৰণে৷ প্ৰদীপ দুৱাৰাৰ পৰাই জানিব পাৰিছিলোঁ কমল স্বৰ্ণকাৰে নিজে গান ৰচনা কৰি, সুৰাৰোপ কৰি গায়৷ তেতিয়া মই নতুনকৈ হাৰম’নিয়ামখন তিনিচুকীয়াৰ ‘মদন ফ্লুট এণ্ড কোম্পানী’ ৰ পৰা কিনি আনিছিলোঁ৷ কমল স্বৰ্ণকাৰে নিজে হাৰম’নিয়াম নবজাইছিল৷ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ কৰিয়েই তেওঁলোকে একেলগে নামৰূপ থাৰ্মেলত যোগদান কৰিছিল৷ কমল স্বৰ্ণকাৰৰ মুখত প্ৰথম শুনিবলৈ পোৱা গানটো আছিল-

                  হেংদাং ল’লেই নহ’ব আজি

                  মোমাই তামূলী গড় বান্ধ

                       আবেগ আজি নহয় সংগী

                        যুক্তিৰে মনকে বান্ধ---

 গানটো শুনি তবধ মানিছিলোঁ৷ ১৯৭৯ চনৰ শেষৰফালে অসম আন্দোলনৰ উক-মুকনি  শুনিছিলোহে মাথোন৷ আন্দোলনে তেতিয়ালৈকে গতি লোৱাই নাছিল৷  আন্দোলনৰ সেই উক-মুকনি শুনিয়েই কমল স্বৰ্ণকাৰে তেওঁৰ নতুন গানৰ মাজেদি যি সঁকীয়নি আগবঢ়ালে, তাৰ পৰা মোৰ মনত এটা ধাৰণা উপজিছিল যে ডেকা অভিযন্তাগৰাকী কেৱল কাৰিকৰী ক্ষেত্ৰতে নহয়, ৰাজনৈতিক দিশতো প্ৰখৰ চেতনাদীপ্ত আছিল৷

কমল স্বৰ্ণকাৰ প্ৰায়ে আহে মোৰ কোৱাৰ্টাৰলৈ৷ তেওঁ ইতিমধ্যে গম পাই গৈছিল যে তেওঁৰ গানৰ এজন প্ৰকৃত চমজদাৰ মানুহ আছে৷ তেওঁ এটাৰ পিছত এটাকৈ নতুন নতু গান শুনায় আৰু ময়ো তেওক কৈ গান বিলাক মোৰ নতুন কৈ কিনা টে’প ৰেকৰ্ডাৰটোত ৰেকৰ্ড কৰি থওঁ৷ কমল স্বৰ্ণকাৰে মোক শুনোৱা গানৰ তালিকাত আছিল-

             *নেলাগে সোণটো খুজিব বেজীটো

                     সিঁবলৈ মোনাটো জোনটো

                              নেলাগে মোনাতে ভৰাব ধন

                                        নেলাগে কৰিব ধনলৈ মন---

 

               * শংকৰে স্ৰজিলে নাট-গীত ভাওনা

                        আমি নিচিনিলো কিনো অসমীয়া--

 

               *মদাৰ গছত উজ্বলি জ্বলিছে

                           ফাগুনৰে ৰঙা জুই--

 

                * হে দুৰ্জেয় বীৰ তুমি উন্নত শিৰ

                       তুমি অমৃত পুত্ৰ বিষ্ণু ৰাভা--

 

                * দুৰ্দম সাহসৰ-

                              আৰু অন্যান্য ৷

এটা এটাকৈ কেইবাটাও গান প্ৰতিদিনে শুনাৰ পিছত কমল স্বৰ্ণকাৰৰ গানৰ মাজত এজন অন্য কমল স্বৰ্ণকাৰ লুকাই থকা যেন ভাব হ’ল মোৰ মনত৷ গানৰ ভাব-ভাষা মুঠেও সাধাৰণ নাছিল৷ ডেকা অভিযন্তাগৰাকীৰ প্ৰতি মোৰ আকৰ্ষণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিলে৷

এবাৰ প্ৰদীপ দুৱৰা আহি মোক লগ ধৰিলে ডিব্ৰুগড়লৈ যাবলৈ৷ ময়ো ফুৰি ভালপোৱা মানুহ, গতিকে আপত্তি কৰাৰ থলেই নাছিল৷ লগত কমল স্বৰ্ণকাৰো ওলাল৷ পুৱাৰ ভাগতে নামৰূপৰ পৰা যাত্ৰা কৰি দুপৰীয়া প্ৰদীপ দুৱৰাৰ ঘৰত উঠিলোগৈ৷ প্ৰদীপ দুৱৰাহঁতৰ ডিব্ৰুগড়ৰ আমোলাপট্টিৰ ৰে’ল লাইনটোৰ কাষতে৷ দেউতাক তিলক দুৱৰা এগৰাকী সু-অভিনেতা, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত অভিনয়-শিল্পী৷ পৰিয়ালটোৰ ভাই-ভনী কেইগৰাকীৰ সৈতে চিনাকি হৈ ভাল লাগিল৷ প্ৰদীপ দুৱৰাৰ ভায়েক ৰূপজ্যোতি দুৱৰায়ো পিচত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত প্ৰযোজকৰ পদত কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে৷ সিদিনা প্ৰদীপ দুৱৰাৰ তাতে দুপৰীয়াৰ সাজ খাই দুয়ো একেলগে কমল স্বৰ্ণকাৰৰ ঘৰলৈ গ’লো৷ স্বৰ্ণকাৰৰ ঘৰ আছিল চিৰিংচাপৰিত৷ পথাৰৰ মাজত আছিল তেনেই জপুৰী সদৃশ ঘৰটো৷ তেতিয়া আজিৰ দৰে তাত মানুহৰ বসতি নাছিল আৰু ৰাস্তা-পদূলিও নাছিল বুলিব পাৰি৷ কমল স্বৰ্ণকাৰৰ ঘৰলৈ যে সেয়াই প্ৰথম আৰু শেষ যোৱা হ’ব পাৰে কেনেকৈ ভাবিব পাৰো বাৰু ?

স্বৰ্ণকাৰৰ ঘৰৰ পৰা পুনৰ জিলা পুথিভঁড়াললৈ গ’লো৷ তালৈ গৈ বাৰাণ্ডাতে নগেন শইকীয়া ছাৰক থিয় হৈ থকা দেখিলোঁ৷ তেতিয়ালৈকে তেখেতৰ সৈতে মোৰ চাক্ষুষ চিনাকি অৱশ্যে নাছিল৷ প্ৰদীপ দুৱৰাই তেখেতৰ সৈতে মোক চিনাকি কৰি দিলে৷ সেয়াই আছিল মোৰ আছিল নগেন শইকীয়া মানুহজনৰ সৈতে প্ৰথম চিনাকি৷ অলপ পাছত ভালেখিনি মানুহ আহি গোট খালেহি৷ তেতিয়াহে জানিলো দুৱৰাহঁতে মোক আচলতে সেই মিটিংখনলৈ বুলিয়েই নামৰূপৰ পৰা লৈ গৈছিল৷ সভাখন আছিল ডিব্ৰুগড়ত নকৈ গঠন হোৱা ‘সামাজিক সাম্ৰাজ্যবাদ বিৰোধী মঞ্চ’ৰ দ্বাৰা আহুত৷ তেতিয়ালৈকে ‘সামাজিক সাম্ৰাজ্যবাদ বিৰোধী মৰ্চা’ ৰ বিষয়ে মই একো নেজানিছিলো বা ‘সামাজিক সাম্ৰাজ্যবাদ’নো কি তাকো বুজা নাছিলো৷ সভাখনত বহি বক্তাসকলৰ কথা-বতৰাবিলাক শুনি অলপ-অচৰপ অৱশ্যে ধৰিব পাৰিছিলোঁ৷ সেই সময়ত কমিউনিষ্ট ৰাছিয়াৰ ৰাজনৈতিক কৰ্ম-কাণ্ডক লৈ বিশ্বৰ ৰাজনৈতিকমহলত ভালেই বিতৰ্কৰ সূচনা হৈছিল৷ সেই বিতৰ্কৰ মূল বিষয় আছিল ৰাছিয়াই কমিউনিষ্ট চৰিত্ৰ হেৰুৱাই সাম্ৰাজ্যবাদী চৰিত্ৰ পৰিগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে৷ ইতিমধ্যে আফগানিস্থান, কম্পুচিয়া আদি ৰাষ্ট্ৰলৈ ৰাছিয়াই নিজৰ আধিপত্য বিস্তাৰ কৰিছে৷ সেয়ে ৰাছিয়াৰ এই সামাজিক সাম্ৰাজ্যবাদী আগ্ৰাসনৰ বিৰুদ্ধে বিশ্বৰ প্ৰান্তে প্ৰান্তে বিৰোধ আৰম্ভ হৈছে, যাৰ প্ৰভাৱ এই অসম মলুকতো পৰিছিল৷ এই লৈয়ে চি পি আই(এম এল)আৰু চি পি আই(এম)ৰ মাজত লাহে লাহে মতবিৰোধ হবলৈ ধৰে৷ চি পি আই(এম)য়ে ৰাছিয়াক সামাজিক সাম্ৰাজ্যবাদী ৰাষ্ট্ৰ হিচাবে কোনো কাৰণতে গণ্য কৰিবলৈ বিচৰা নাছিল ৷

ডিব্ৰুগড়ৰ পৰা ঘূৰি অহাৰ পিছত এই লৈ কমল স্বৰ্ণকাৰ মোৰ কাোৱাৰ্টাৰলৈ আহোঁতে কথাবিলাক মুকলিকৈ আলোচনা কৰিছিলো আৰু সেই ‘সামাজিক সাম্ৰাজ্যবাদ বিৰোধী মৰ্চা’ ৰ বিষয়ে জানিবলৈ বিচাৰিছিলোঁ তেওঁৰ পৰা৷ তেওঁৰ পৰাই গম জানিছিলোঁ সেই মৰ্চা মূলতঃ আছিল যুক্তমৰ্চা, য’ত বেলেগ বেলেগ দল-সংগঠন বা ব্যক্তি বিশেষকো যুক্ত কৰোৱা হৈছিল৷ ড০ নগেন শইকীয়াক তেনেকৈয়ে যুক্ত কৰোৱা হৈছিল আৰু তেখেতক সভাপতি পাতি ছেক্ৰেটাৰিৰ দায়িত্ব লৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে এজন ৰাজনৈতিকভাৱে সক্ৰিয় ছাত্ৰকৰ্মী লক্ষ্যধৰ কলিতাই৷ নগেন শইকীয়া এই যুক্তমৰ্চাৰ সৈতে জড়িত হোৱাক লৈ সেই সময়ত ৰাজ্যখনত বৌদ্ধিক সমাজত ভালেই বিতৰ্কৰ সূচনা হৈছিল৷ সিদিনা কমল স্বৰ্ণকাৰৰ মুখে বহু নতুন কথা শুনিলো৷ যাবৰ সময়ত তেওঁ মোক আৰু এটা নতুন, নতুন মানে বহুত নতুন গান শুনালে ৷ গানটো আছিল এনে ধৰণৰ-

                           দুৰ্দম সাহসৰ জনতাৰ জয়গান

                            মুক্তিৰ তৃষাৰে ৰক্তিম অম্লান

                                নোৱাৰে নোৱাৰে কেঁৱে ৰুধিব

                                 নোৱাৰে নোৱাৰে কেঁৱে নাশিব

 

                           সমৰৰ বেহু সাজি শান্তিৰ দূত সাজি

                           নতুন জাৰৰ দলে কৰে গৰ্জন

                                    শান্তি পিয়াসী যৰ শান্ত লোকৰ কত

                                     অহৰ্নিশে শান্তি কৰিছে হৰণ

 

                           সমতা ৰচিব বুলি প্ৰগতি আনিব বুলি

                           সাম্যবাদৰ মিছা ৰাম নাম গাই

                                     সামৰিক চাতুৰিৰে ৰখীয়াৰ ভাও ধৰি

                                      নতুন জাৰৰ দলে ক্ষমতা বঢ়ায়

 

                             কম্বোজ জনগণ প্ৰণিপাত তোমালৈ

                             তোমাৰ মুক্তিৰণ

                                          নোৱাৰে নোৱাৰে কেঁৱে ৰুধিব

                                          নোৱাৰে নোৱাৰে কেৱে নাশিব

১৯৭৮-৭৯ চনৰ সেই অতি কম সময়ৰ ভিতৰতে কমল স্বৰ্ণকাৰে এক নতুন ৰাজনৈতিক চেতনাৰ আভাস এই গানটোৰ জৰিয়তে বিলাবলৈ সাহসী প্ৰয়াস কৰিছিল৷ গানটোৰ মাজেৰে যুৱশিল্পীগৰাকীৰ সমগ্ৰ বিশ্বতে ‘সামজিক সাম্ৰাজ্যবাদী দেশ’(Social Imperialist Country) হিচাপে পৰিগণিত হোৱা, ‘সাম্যবাদৰ মিছা ৰাম নাম’ গোৱা ৰাছিয়াৰ বিৰুদ্ধে প্ৰচণ্ড খং-ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটিছে৷ ৰাছিয়াৰ সামাজিক সাম্ৰাজ্যবাদী আগ্ৰাসনৰ বিৰুদ্ধে কম্পুচিয়াৰ মুক্তিকামী জনগণে আৰম্ভ কৰা মুক্তিযুঁজলৈ সেয়ে তেওঁ ইয়াৰ পৰাই বৈপ্লৱিক অভিবাদন জনাইছে ৷ গানটো শুনি, তাৰ মৰ্ম উপলব্ধি কৰি বুজিবলৈ বাকী নেথাকিল সেই যুব অভিযন্তাগৰাকীৰ ৰাজনৈতিক চিন্তা-চেতনা কোনটো স্তৰত আছিল৷ বাওঁপন্থী ৰাজনীতিৰ গতি-গোত্ৰ বুজাৰ ক্ষেত্ৰতো কমল স্বৰ্ণকাৰৰ ব্যক্তিগত সান্নিধ্য আৰু তেওঁৰ গীত-মাত মোক যথেষ্ট প্ৰভাৱান্বিত কৰিছিল, যিটো কাৰণে মই গতানুগতিক বাটেৰে খোজ নিদি অলপ ভিন্ন বাটত খোজ পেলালোঁ৷

কিন্তু অতিকে দুৰ্ভাগ্যজনক কথাটো আছিল এইজন প্ৰখৰ ৰাজনৈতিক চেতনাৰে প্ৰোজ্জ্বল প্ৰতিভাৰ যুব অভিযন্তা কমল স্বৰ্ণকাৰে ১৯৭৯ চনৰ মে’ মাহত নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰত সহকাৰী অভিযন্তা হিচাবে চাকৰিত যোগদান কৰি একে বছৰৰে অক্টোবৰ মাহৰ ছয় তাৰিখে মাথোঁ চৌবিশ বছৰ বয়সত জীৱন নাটৰ সামৰণি পেলায়৷ শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰায় ৩৫ বছৰৰ পিছত ডিব্ৰুগড়ৰ ‘জনসাংস্কৃতিক সমাজ’ৰ (প্ৰয়াত) অঞ্জু বৰকটকী আৰু এই লেখকৰ দীৰ্ঘদিনীয়া নেৰানেপেৰা চেষ্টাৰ মূৰত তেওঁৰ নিৰ্বাচিত এমুঠি গীতৰ শ্ৰব্য-সঁফুৰা ‘মুক্তি দেউলৰে আভা’ ৰ লগতে নিৰ্বাচিত ৰচনা সংকলন ‘চিৰায়ত’ প্ৰকাশ পায় ৷ এই লৈ ডিব্ৰুগড় আমোলাপট্টি নাট্যমন্দিৰত ডিব্ৰুগড়ৰ গণ্য-মান্য লোকসকলৰ উপস্থিতিত এখনি উন্মোচনী সভাও অনষ্ঠিত হৈছিল আৰু মই কেছেটৰ প্ৰচ্ছদ আৰু অন্যান্য সামগ্ৰী লৈ গুৱাহাটীৰ পৰা ৰে’লেৰে সেই দিনা ডিব্ৰুগড় পাইছিলোগৈ ৷

তাৰ আগেয়ে ডিব্ৰুগড়ৰে অঞ্জু বৰকটকীৰ স্বামী লক্ষ্য কলিতাৰ পৰা কমল স্বৰ্ণকাৰৰ জীৱন কালৰ তেনেই সীমিত সময়তে গোপন চি পি আই(এম এল)পাৰ্টিৰে গঢ়ি উঠা যোগা-যোগ সম্পৰ্কে বহুখিনি পূৰ্বে নজনা কথা জানিব পাৰিছিলোঁ৷

ল
লেখকৰ পৰিচয়

লোকনাথ গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)