৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কৰ্জা আখ্যান

লেখকঃ অমৃত গোস্বামী • প্ৰকাশিতঃ ২৯ এপ্ৰিল, ২০২৪
৫ মিনিট পঠন • ৩৬৮১ বাৰ পঢ়া হৈছে

 অমৃত গোস্বামী

 

কথাটো বিশেষ একো নহয়, একেবাৰে সাধাৰণ, ঘৰুৱা ধৰণৰ কথা এটাহে৷ কিন্তু চাবলৈ গ’লে একোৱেই নোহোৱা, একেবাৰে সাধাৰণ, ঘৰুৱা ধৰণৰ এই কথাটোতে মই ‘গৰুৰ খোজৰ পানীৰ ডোঙাতে সুবিশাল আকাশৰ প্ৰতিবিম্ব দেখাৰ নিচিনাকৈ আমাৰ জোঁটপোট হেৰোৱা অতীতৰ কিবাকিবি কথা সুঁৱৰিবৰ সুযোগ পাওঁ৷ সেইহে কথাটো আজি লিখিত ৰূপতে সাঁচি সামৰি থওঁ বুলি ভাবিলোঁ৷ 

পুলিটো ৰুইছিল আমাৰ স্বৰ্গীয় দেউতাই৷ সঁচটো দেৰগাঁৱৰ জেঠাইটিৰ ঘৰৰ৷ কোনোবা এবাৰ দেউতা সদায়েই কপালত বগা চন্দনৰ ফোঁট লোৱা, ফৰকাল ৰঙৰ, শকত-আৱত, ‘গোসাঁনী হেন চেহেৰাৰ, আমাৰ জেঠাইটিৰ ঘৰলৈ যাওঁতে তাৰ পৰা পুলিটো আনি, আমাৰ বাৰীত ৰুইছিল৷ 

এই গছপুলিটো কিন্তু এলাপেচা গছৰ পুলি নহয় দেই, আমাৰ ঘৰৰ বাদে আমাৰ অঞ্চলৰ  কোনোবা দ্বিতীয় এঘৰ মানুহত এইজোপা ফলৰ গছ আমি দেখিবলৈ পোৱাৰ কথা মনত নপৰে৷ 

কালি অন্যযুগৰ পাতত ‘টেঙা-মিঠা’ নামৰ মোৰ লেখা এটা পঢ়ি ভাগিনী এজনীয়ে কৈছিল : 

“মামা, কেতিয়াবা কৰ্জাটেঙাজোপাৰ বিষয়েও লিখিবাচোন৷ পিছফালৰ পুখুৰীটোৰ পাৰত যে আছিল৷ ককা থাকোঁতে খোৱাৰ কথা  বৰকৈ মনত পৰে৷ আজিকালি গছজোপা নাই; কাটি পেলালে৷ কৰ্জাটেঙাৰ আচাৰো বিৰাট ভাল লগা হয় নহয়! বহুতে আক’কৰ্জাটেঙা কি, চিনিকে নাপায়৷” 

ভাগিনীজনীৰ কথাৰ জেৰ টানি বৌ এগৰাকীয়েও কৈছিল যে তেৱোঁ হেনো প্ৰথম কৰ্জাটেঙা বিয়া হৈ অহাৰ‌ পাছত, আমাৰ ঢাপকটাৰ ঘৰতেহে দেখিবলৈ পাইছিল৷ বিয়াৰ আগতে তেওঁলোক হাতীগড়ৰ ঘৰত থাকোঁতে, বা তাৰো আগতে বাগানৰ‌ ঘৰত থাকোতে কৰ্জাটেঙা দেখাৰ সৌভাগ্য তেওঁৰ হোৱা নাছিল৷  

তাহানিৰ কৰ্জাটৈঙা-কচুথোৰ পাতত দিয়াৰ আৰু কৰ্জাটেঙাৰ আচাৰৰ সোৱাদ  বৌৱে অটুট হেঁপাহেৰে সুঁৱৰিলে৷ 

এগৰাকীৰ আকৌ জন্ম, পঢ়া-শুনা সকলোবোৰ শ্বিলঙতে৷‌ তেওঁৰো হেনো সকলোবিলাক ভালৰো-ভাল থকা, বা পোৱা ‘আমাৰ শ্বিলঙত’ত কৰ্জা-টেঙা দেখাৰ কথা মনত নপৰে ৷ কৰ্জাটেঙা প্ৰথম দেখিলে আমাৰ যোৰহাটৰ বাৰীৰ পিছফালৰ, সেই পুখুৰীটোৰ পাৰত হে৷‌ 

আমাৰ ঘৰৰ পিছফালৰ সেইটো‌ পুখুৰীৰ পানী খাবলৈ ব্যৱহাৰ কৰা নহয়; অন্যান্য কামতহে ব্যৱহাৰ হয়৷‌ সেই পুখুৰীটোৰ একেবাৰে পাৰতে লাগি দুজোপা গছ৷ তাৰে এজোপা কৰ্জাটেঙা আৰু আনজোপা ডালিম৷ আমাৰবোৰ ঠাইত দেখোন ডালিম বৰ ভালকৈ নহয়৷‌ কিন্তু সৰু সৰু পাতৰ কৰ্জাটেঙাজোপা হ’লে ফলে-ফুলে একেবাৰে জাতিষ্কাৰ আছিল৷ 

পুখুৰীটোৰ সেইটো পাৰ কিছু খহা অৱস্থাতে আছিল৷ গছজোপা পুখুৰীটোৰ একেবাৰে পাৰতে আৰু গছজোপাৰ ডাল-পাতবোৰ পুখুৰীটোৰ ফাললৈ দোঁ খাই থকাৰ বাবে, কৰ্জাটেঙা ছিঙিবলৈ গৈ, ভৰি পিচলি কোনোবা অকস্মাতে পুখুৰীত পৰাৰ ভয় এটা অনবৰতে আছিলেই৷ সেইটো আশঙ্কাতে বোধহয় দুয়োজোপা গছ এটা সময়ত একেবাৰে কাটি পেলাবলৈকে বাধ্য হৈছিল৷‌ 

যি কি নহওক, গছজোপা কাটি পেলালেও কৰ্জাটেঙাজোপাৰ স্মৃতি পিছে আমাৰ মানস পটত সদায় সজীৱ‌ হৈয়ে থাকিল৷ 

কৰ্জাটেঙা বৰ এজোপা ডাঙৰ গছ নহয়৷ কৰ্জাটেঙা জোপোহা লতা চানেকিয়া গছ৷ মাৰ্চ-এপ্ৰিল মাহত কৰ্জাটেঙাৰ ফুল ফুলে৷‌ ফুল ফুলা অৱস্থাত কৰ্জাটেঙা গছ দেখিবলৈ বৰ শুৱনি হয়৷‌ একেবাৰে কেঁচা অৱস্থাত কৰ্জাটেঙা‌ একোটাৰ বৰণ ঘন‌ সেউজীয়া হয়৷ আগষ্ট-ছেপ্টেম্বৰ মাহত কৰ্জাটেঙা পুৰঠ হয়৷‌ পুৰঠ কৰ্জাটেঙা আকাৰে বৰজামু একোটাৰ সমান হয়৷‌ আধা পকিলে কৰ্জাটেঙা কোমল ৰঙা-সেউজীয়া হৈ, দেখিবলৈ বৰ সুন্দৰ হৈ পৰে৷ পুৰঠ হোৱা পকা কৰ্জাটেঙাই তেজৰঙা বৰণ লয়৷ 

পকা কৰ্জাটৈঙা দাইলত দিলে টেঙা হোৱাৰ উপৰিও দাইলখনৰ ৰঙটোও ভাল লগা হয়৷ কৰ্জাটেঙাৰে সুস্বাদু টেঙা-আচাৰ তৈয়াৰ কৰিব পাৰি৷ বৌগৰাকীয়ে কোৱাৰ দৰে কচুথোৰ-কৰ্জাটেঙা-জলকীয়া ইত্যাদি একেলগে কলপাটত দি পিটিকা কৰি খাবলৈ অতি উত্তম৷ 

কৰ্জাটেঙাৰ আখ্যান ইমানেই৷ কিন্তু আখ্যানটো সামৰাৰ আগতে সাৱধান বাণী এফাঁকি শুনাই যাওঁ৷

–পকা কৰ্জাটেঙাৰ ৰঙা ৰস ভৰি বা গাত অকণমানো কেতিয়াও পৰিবলৈ দিব নালাগে৷ তেজৰঙা কৰ্জাটেঙাৰ ৰঙা ৰস ভৰিত পৰি, বাগৰি অহা কোনোবাই দেখিলে, “এওঁৰ ভৰিখনৰ এবকলা গল নহয়!” বুলি মিছাতে আটাহ পাৰি হাঁঐ-বিঐখন লগাব৷

–

ঠিকনা :

চাৰ্ভে, গুৱাহাটী -৭৮১ ০২৮

ভ্ৰাম্যভাষ : ৯৪৩৫০ ১৪৪৫৫

অ
লেখকৰ পৰিচয়

অমৃত গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)