৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰ'দে-বৰষুণে ইমান যে গান

লেখকঃ লোকনাথ গোস্বামী • প্ৰকাশিতঃ ২৩ এপ্ৰিল, ২০২৪
১৩ মিনিট পঠন • ৪০১৫ বাৰ পঢ়া হৈছে
ৰ'দে-বৰষুণে ইমান যে গান
ডাঙৰকৈ চাওক (Zoom)

লোকনাথ গোস্বামী 

            


(৩য় অধ্যায়)

 

(১)

 

মোৰ ওপজা গাঁওখন  দ বেছেৰীয়া যদিও, দ গাঁও নামেহে  মানুহৰ মাজত বেচিকৈ পৰিচিত আছিল৷ আমাৰ চৌপাশৰ বৃহৎ অঞ্চল বেছেৰীয়াক ’পুখুৰীয়া’ আৰু বামবেছেৰীয়াক  ’বামগাঁও’ বুলিহে জানিছিলো৷ বেছেৰীয়া নাম ক’ৰ পৰা কেনেকৈ আহিল আজিও নেজানিলো৷ এবাৰ হাইস্কুলত পঢ়ি থাকোতে সহকাৰী প্ৰধান শিক্ষক কামেশ্বৰ নাথ ছাৰেও সুধিছিল এই প্ৰশ্নটো৷ কাৰোবাৰ মুখত শুনিবলৈ পোৱা উত্তৰ এটা তপৰাই দিছিলো-’ তাহানি বৃটিচসকলে Best Area বুলি বোলে কৈছিল অঞ্চলটো দেখি৷ সেই Best Areaৰ পৰাই বেছেৰীয়া হোৱা বুলি হয়তো ক’ব পাৰি৷’ কামেশ্বৰ ছাৰে মোৰ উত্তৰটো শুনি হাঁহিলে যদিও একো নক’লে সিদিনা৷

মোৰ ওপজা গাঁওখন অৰ্থাৎ দ গাঁও(দ বেছেৰীয়া)তেতিয়া মোৰ বাবে বহু কেইটা কৰণত সাংঘাতিক ধৰণে আকৰ্ষণীয় আছিল৷ গাঁওখনৰ পশ্চিম দিশে নিচেই সমীপেৰে বৈ গৈছে ডিপোতা নৈখন৷ অৰুণাচলৰ পৰা নামি অহা ঢলটোৱে  আমাৰ অঞ্চলটোৰ পথাৰ-সমাৰৰ ঢৌৱাই  যোৱাৰ লগতে পলসুৱা কৰি গৈছে  বিশাল খেতি-পথাৰ৷ ডিপোতা নৈখনৰ লগতে গাঁৱৰ উত্তৰ সীমাই  বৈ গৈছে খনাজানটো৷  সেয়ে আমাৰ চুবুৰীটো খনাজানৰ পাৰ বুলিও জনা যায়৷ দ গাঁৱৰ প্ৰায় উত্তৰদিশে একেবাৰে প্ৰান্তীয় আমি বসবাস কৰা  চুবুৰীটোৱেই খনাজানৰ পাৰ৷ বামগাঁও আৰু দগাঁৱৰ মাজত থকা দলনি পথাৰৰ পানী বাৰিষা ওলোৱা সোমোৱাৰ সুবিধাৰ  কাৰণে এই জানটো ৰাইজে খান্দিছিল বাবেই জানটো খনাজান  নামে পৰিচিত হৈ ৰ’ল৷ আমাৰ ঘৰৰ পিছফালে এখন ডাঙৰ পথাৰ আছে৷ এই পথাৰখনত খেতি-বাতি কৰাৰ সুবিধাৰ্থে পথাৰখনৰ দক্ষিণফালে মোৰ লোৱা ডিপোতা নদী আৰু উত্তৰদিশৰ খনাজানৰ মাজত অইন এটা জান ৰাইজে খান্দিছিল, যিটো জান ঘাঁইজান নামে জনা যায়৷ এয়া কোনো চৰকাৰী আচনিৰ  দ্বাৰা হোৱা নাছিল , ৰাইজৰ স্বতস্ফুৰ্ত উদ্যোগতে  হৈছিল বুলি জানিছিলো৷ মুঠতে নৈ, জান-জুৰিৰে আমাৰ গাঁওখন পৰিৱেষ্টিত আছিল ৷ এই নৈ, বিল, জান-জুৰিবিলাকে দ গাঁৱকে ধৰি চুবুৰীয়া অন্যন্য গাঁওসমুহৰ নৈসৰ্গিক শোভা বৰ্দ্ধন কৰাৰ লগতে, খেতি-বাতি, মাছ-পুঠি আদি সকলো ফালৰ পৰা গাঁওখনক স্বাৱলম্বী কৰি তুলিছিল৷ এই নৈ-বিল,জান-জুৰিৰ পাৰত আশৈশৱ খেলি-ধূলি, সাঁতুৰি নাদুৰি জীৱনৰ এছোৱা সময় পাৰ কৰাৰ সুযোগকণ পোৱাৰ কাৰণেই গাঁও তথা গ্ৰাম্য সমাজ-সংস্কৃতি, পৰম্পৰাৰ সৈতে এক আত্মিক সম্পৰ্ক গঢ়ি তোলাত সুবিধা হৈছিল মোৰ৷ প্ৰাইমাৰী স্কুলত পঢ়ি থাকোতেই গাঁৱৰ লগৰীয়া,সমনীয়াৰ সৈতে ডিপোতা নৈ বা খনাজানত গা ধুবলৈ গৈ সাঁতুৰিবলৈ শিকিছিলোঁ৷ প্ৰথমে সমনীয়াৰ বুদ্ধি শুনি গৰুৰ নেজত ধৰি ডিপোতা নৈ পাৰ হৈছিলোঁ৷ কাপোৰ-কানি পাৰত খুলি থৈ উলঙ্গ হৈয়ে  নৈৰ থিয় গড়াৰ পৰা পানীত জাঁপ দিছিলোঁ৷ তেতিয়ালৈকে ডিপোতা নৈ বা খনাজানৰ ওপৰত আমাৰ ওচৰে-পাজৰে কোনো দলং নিৰ্মাণ হোৱা নাছিল৷ ইপাৰ-সিপাৰ হোৱাৰ সাঁকোৱেই একমাত্ৰ ভৰসা আছিল৷ সাঁকোও আকৌ গাঁৱৰ ৰাইজে নিজেই লগে-ভাগে মিলি নৈ বা জানৰ ওপৰত দি লব লগীয়া হৈছিল৷ খৰালি পানী শুকালে  সাঁকোত নবগোৱাকৈয়ে নৈ পাৰ হব পাৰি৷ কিন্তু ভৰবাৰিষা কালত একেবাৰে সম্ভৱ নাছিল৷ সেয়ে ডেকা-গাভৰু সমন্বিতে পুৰুষ-মহিলা আটায়ে খেতি-পথাৰত কাম কৰিবৰ কাৰণে সাঁকো বগাই যাব লগীয়া হৈছিল৷ গৰু-ম’হ নৈৰে পাৰ কৰাই ভাৰ-ভেটি,  নাঙল-যুৱলি কান্ধত লৈ মানুহবিলাক  পাৰ হোৱাত ভালেই অভ্যস্ত হৈ পৰিছিল৷ আমি স্কুলত থাকোতেই সাঁতুৰিবলৈ শিকিছিলো আৰু সাঁকোও পাৰ হব পাৰিছিলোঁ৷ (এই আত্মকথা লেখি থকাৰ সময়ত ভিয়েতনামলৈ ফুৰিবলৈ যাওঁতে মেকংডেল্টাৰ ইউনিকৰ্ণ দ্বীপত এটা জুৰিৰ ওপৰত থকা সৰু সাঁকোডালত উঠি জীয়ৰী আৰু পত্নীক মোৰ শৈশৱৰ সেই বিশেষ কৃতিত্বৰ প্ৰমাণ দিছিলো)৷

অলপ ডাঙৰ হোৱাৰ পাছত সাঁকোৰ ওপৰৰ পৰা ভৰবাৰিষাৰ নৈত জাঁপ দিব পৰা হৈছিলোঁ৷ এবাৰ তেনেকৈ কাপোৰ-কানি নৈৰ পাৰত থৈ সাঁকোৰ পৰা চবেই একেলগে জাঁপ মাৰিবলৈ যাওঁতে আমাৰ আটাইৰে কাপোৰ বিলাক কোনোবা অঘাইটং ল’ৰাই সামৰি-সুতৰি তাৰ পৰা লৈ গুচি যোৱাত আমাৰ যি পানীত হাহ হচৰা বিলৈ  হৈছিল, সেইটো ভাবিলে আজিও হাঁহো নে কান্দো তেনে এটা অৱস্থা হয় এতিয়াও, বৰ বিবুধিত  পৰিছিলো সিদিনা৷ দিনটো নৈৰ পাৰতে নল-খগৰিৰ মাজত লুকাই থাকি এন্ধাৰ হওঁতে পথাৰে পথাৰে কোনেও নেদেখাকৈ বাৰীৰ পিছ ফালেদি আহি  ঘৰ সোমাইছিলো৷ এই লৈ ঘৰত দিনটো  কি যে হাঁহাকাৰৰ সৃষ্টি হৈছিল, সেয়া মনত পৰিলে আজিও গাৰ নোম শিয়ৰি উঠে৷

তেতিয়া ডিপোতা নৈৰ সিপাৰে লুইতৰ পাৰৰ জাৰণি চাপৰি অথবা লোহিয়া চাপৰিত মনুহে অস্থায়ী চাপৰি পাতি, গৰু-মহৰ খুটি পাতি বিভিন্ন ৰকমৰ খেতি-বাতি কৰিছিল৷ খেতি-বাতি বৰ ভাল হৈছিল আৰু গাঁৱৰ মানুহৰ আৰ্থিক অৱস্থাও যথেষ্ট সচ্চল দেখিছিলো৷ ম’হগুৱাল সকলে প্ৰতি বছৰে মিলি-জুলি গাঁৱৰ বৰনামঘৰত ভাওনা পতাৰ কথা আজিও মনত আছে৷ গাঁওখনৰ ইও এক ডাঙৰ উৎসৱ আছিল তেতিয়া আমি জনাত৷

 

(২)

 

এটা সময়ত ডিপোতা নৈ আৰু খনাজানৰ ওপৰত দলং হ’ল ৷ সেয়াও এক ইতিহাস ৷ দলং হোৱাৰ লগে লগে নৈখন বা খনাজানৰ ইপাৰ সিপাৰ হোৱাৰ সমস্যা দূৰ হ’ল ৷ নৈখনৰ দুয়োপাৰে মথাউৰি বান্ধিলে ৷ মথাউৰিৰ ওপৰেদি সৰু-সুৰা গাড়ী-মটৰ চলিব পৰা হ’ল ৷ খনাজানৰ মুখত, অৰ্থাৎ যি খিনি ঠাইত জানটো গৈ ডিপোতা নৈত পৰেগৈ,সেই ঠাইতে ’শ্লুইচ গেট’ বহুওৱা হ’ল ৷ জীৱনত প্ৰথম এই ’শ্লুইচ গেট’কি জিনিচ দেখিলো, বুজিলো ৷ এইখন ’শ্লুইচ গেট’ৰ জৰীয়তে খনাজানৰ পানী ওলোৱা-সোমোৱাটো  নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷ গাঁৱত তেতিয়া মাছ-পুঠিৰ অলপো অভাৱ নাছিল ৷ গাৱৰ মানুহে মাছ কিনি খোৱাৰ কথা ভাবিবই নোৱাৰি তেতিয়া৷ ডিপতা নৈ, খনাজান, ঘাঁইজান সকলোতে বাৰিষা হ’লে মাছৰ উজান উঠে৷ মানুহ বিলাকৰ ঘৰে ঘৰে খেয়ালি জাল, পলঙি জাল, কাৱৈলাঙি জাল,জকাই-খালৈ,জুলুকি-পল, ডিঙৰা, খোকা আদি মাছ ধৰা সঁজুলি মজুত থাকে৷ বৰশীৰতো কথাই নাই, মই বৰশী বোৱাতো ওস্তাদ আছিলো এটা সময়ত৷ স্কুলৰ পৰা আহিয়েই নাকে মুখে এমুঠি খাই পকেটত বৰশীৰ টোপ হাতত লৈ খনাজানৰ পাৰলৈ দৌৰ ধৰোঁ বৰশী বাবলৈ৷ বৰশীৰ টোপ হিচাবে কেতিয়াবা কেচু নাইবা কেতিয়াবা বাঁহগাজৰ মাজত থকা এবিধ বগা পোক উলিয়াই বটলত ভৰাই লৈ ফুৰোঁ৷

মাঘ বিহু নাইবা উৎসৱে-পাৰ্বণেও গাঁৱৰ মানুহে মাছ কিনাৰ কথা ভাবিব নেলাগে ৷ নৈৰ কেঁকুৰি বা গভীৰ পানী জমা হোৱা জেগাত গাঁৱৰ মানুহে গোট-পিত খাই  বাৰিষাৰ সময়তে জেং-জাবৰ, ডাঙৰ ডাঙৰ জোপোহা গছৰ গুৰি আদি আগতীয়াকে পেলাই থয় , যাতে তাৰ মাজত মাছবিলাক আহি আশ্ৰয় লব পাৰে ৷ খৰালি মাহত, মাঘৰবিহুৰ সংক্ৰান্তিৰ আগদিনাই  ৰাইজ দলে-বলে ওলাই আহি সেই জেং-জাবৰ গুচাই তাত ভিন ভিন সঁজুলিৰে মোনে মোনে মাছ ধৰে ৷  সেই মাছ কেতিয়াব গাঁৱৰ মানুহে সমানে ভাগ কৰি কেতিয়াবা ঘৰলৈ খাবলৈ নিয়ে, কেতিয়াবা লগে-ভাগে মিলি ভোজ-ভাত খায় ৷

ওপজা গাঁওখনৰ মানুহ বিলাকে কৰা ব্যক্তিগত কিম্বা সকলোবোৰ কামেই মোৰ চকুৰ আগত যিহেতু হৈছিল,গতিকে সিবিলাকৰ নানা তিতা-মিঠা অভিজ্ঞতাও মই লাভ কৰিবলৈ সুবিধা পাইছিলো৷ দ গাঁওখনত নাথ, কলিতা, বৰা ,চুতীয়া আদি ভিন ভিন সম্প্ৰদায়ৰ মানুহ আছিল যদিও গোসাঁই মানুহ বা ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহ কেৱল এঘৰেই আছিল আৰু সেইখনেই আছিল একমাত্ৰ আমাৰ ঘৰখন৷ গাঁৱত জাত-পাত, উচ্চ-নীচ, ভেদাভেদৰ কথাবিলাক সৰুৰে পৰাই শুনি শুনি এক প্ৰকাৰ অভ্যস্ত হৈ পৰিছিলো ৷ সেই বিষয়বিলাক লৈ এতিয়াৰ দৰে সামাজিক পৰিৱেশ কাহানিও বিনষ্ট হোৱা দেখা নাছিলো অৱশ্যে ৷ আচলতে এনেবিলাক কথা গাঁওখনত এক স্বাভাৱিক পৰম্পৰাত পৰিণত হৈছিল ৷ কিন্তু  তাৰ মাজতে জাত-পাত, উচ্চ-নীচৰ চাপ সমাজৰ স্তৰে স্তৰে  প্ৰতক্ষ নকৰাকৈ থকা নাছিলো ৷ গাঁৱৰ মাজভাগত সমুহীয়া বৰ-নামঘৰটো থকাৰ পিছতো কলিতা সম্প্ৰদায়ৰ মানুহখিনিয়ে নিজাববীয়াকৈ গাঁৱৰ সিটো মূৰে নামঘৰ এটা স্থাপন কৰিছিল, য’ত পোন-প্ৰথমবাৰৰ বাবে মই  ’ধ্ৰুৱ চৰিত্ৰ’ত ধ্ৰুৱৰ ভাও লৈ ভাওনাত  অভিনয়  কৰাৰ সুযোগ লভিছিলো ৷

 

(৩)

এটা কথা পোনতে কৈ আহিছো যে মোৰ জন্ম হৈছিল সত্ৰৰ এক স্বকীয় পৰিৱেশৰ মাজত ৷ সত্ৰখনৰ নাম আছিল মূৰাৰী সত্ৰ ৷ অসমৰ কেইবাঠাইতো সত্ৰৰ শাখা আছে বুলি জানো যদিও নিজে দেখা নাই আজিলৈকে ৷ দেউতাহঁতৰ তিনিজন ভাই-ককাই আছিল ৷ দেউতা ডাঙৰ আছিল ৷ দেউতাৰ ওপৰত সত্ৰৰ দায়িত্বভাৰ অৰ্পণ কৰি ভায়েকহঁতে তেজপুৰ টাউনত ঘৰ-দুৱাৰ কৰি নিগাজিকৈ বহিল ৷  সত্ৰৰ দায়িত্ব গ্ৰহণ কৰাৰ আগেয়ে দেউতাই  কোনোবা এখন বৃটিচকোম্পানীৰ চাহবাগিচাত কেৰেণীৰ চাকৰি কৰিছিল ৷ পিছত ঘৰ, সত্ৰ, খেতি-পথাৰ চম্ভালিব লগীয়া হোৱা হেতুকে বাগিচাৰ চাকৰি এৰি গাঁৱলৈ আহি দ গাঁৱতে ৰাইজৰ সৈতে মিলি প্ৰথমবাৰৰ বাবে প্ৰাথমিক বিদ্যালয় এখন স্থাপন কৰি তাৰ প্ৰধান শিক্ষকৰ গুৰু দায়িত্বও  পালন কৰিব লগীয়া হৈছিল ৷  পৰৱৰ্তী সময়ত  এই স্কুলৰ চাকৰিটোও  এৰি  সত্ৰ চলোৱাৰ ভাৰ  ল’ব লগীয়াত পৰিছিল ৷ গাঁৱৰ সেই স্কুলখনৰ শতবাৰ্ষিকী উদযাপনৰ সময়ত যাওঁতে পুৰণি পঞ্জীয়নবহীত দেউতাৰ হাতৰ মুকুতা-সদৃশ আখৰ দেখি বিস্মিত হৈছিলো ৷

 

(৪)

আমাৰ পৰিয়ালটো অন্য পৰিয়ালতকৈ ব্যতিক্ৰম আছিল ৷ দেউতাই প্ৰথমগৰাকী পত্নীৰ মৃতুৰ পাছত দ্বিতীয় বিবাহ কৰাইছিল৷ প্ৰথম গৰাকী পত্নীৰ ফালৰ পৰা দুজন  পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তান আছিল ৷ মই অৱশ্যে দুজন পুত্ৰ ত্ৰৈলোক্য দাদা (কাবুল)আৰু জগতদাদাৰ লগতে এগৰাকী কন্যা মাইকণ বাইদেউকহে পাইছিলো, তাকো তেওঁলোকৰ  ভাটি বয়সত ৷ প্ৰথমগৰাকী পত্নীৰ মৃত্যুৰ পিছত দেউতাই আমাৰ মাক  বিবাহ কৰায় ৷ আমাৰ আঠোটি সন্তান, পাচোটা ল’ৰা আৰু তিনিগৰাকী কন্যা ৷ মুঠতে দেউতাৰ ফালৰ পৰা কবলৈ গ’লে আমাৰ পৰিয়ালটোৰ মুঠ সন্তান তেৰটি আছিল ৷  মই জন্ম হোৱাৰ সময়ত এঘাৰটা আছিল ৷ আগৰ পত্নীৰ তিনিওজনী জীয়ৰীক বিয়া দিয়াৰ লগতে দুজন ল’ৰাৰো বিয়া-বাৰু পাতি দেউতাই ভালেই নিজৰ দা-দায়িত্ব নিয়াৰিকৈ সম্পাদন কৰিছিল ৷ পিছৰ গৰাকী পত্নী অৰ্থাৎ আমাৰ মাক বিয়া কৰোৱাৰ পিছত জন্মপোৱা প্ৰথমজনী ছোৱালীক বিয়া দি উলিয়াই দিওঁতে মোৰ জন্মই হোৱা নাছিল ৷ মোৰ পিছৰ বাকী দুটাৰ কথা নকলোৱেই বা ৷ আগৰ গৰাকী মাৰ দুজন ল’ৰাৰ  প্ৰত্যেকৰে সাত-আঠটাকৈ সন্তান জন্ম হোৱাৰ কোনো ভূকে পোৱা নাছিলো মই ৷ পিছত মানুহে এনেকুৱা কৈ কোৱাও শুনিছিলো যে দেউতাক, পুতেক, জীয়েকৰ মাজত যেন অঘোষিত প্ৰতিযোগিতাহে চলিছিল  কোনে কিমান সন্তান জন্ম দিব পাৰে ৷ মোৰ জন্মৰ আগতেই দেউতাই কেইবাটিও পো-নাতি, জী-নাতিৰ মুখ দেখিবলৈ পাইছিল ৷

তেৰটা সন্তান জন্ম দি, ডাঙৰ-দীঘল কৰি, এটা পৰ্যায়লৈ বিয়া-বাৰু পাতি দেউতাই প্ৰথম অৱস্থাত ভালেই ঘৰ-সংসাৰ চলাই আছিল৷ কিন্তু পিছলৈ দিনকাল একেদৰে নগৈছিল৷ পূৰ্ৱৰ মাৰ দুয়োজন ল’ৰা গাঁৱৰ পৰা টাউনলৈ উঠি আহিছিল৷ তেওঁলোকে উচ্চশিক্ষা লবলৈকো সুযোগ-সুবিধা নেপালে যদিও নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ যত্নৰ ক্ৰুটি  নকৰিলে৷ ডাঙৰজন কাবুলদা (ত্ৰৈলোক্য গোস্বামী)ই খুব কম সময়তে তেজপুৰত এজন সফল ব্যৱসায়ী হিচাবে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল৷ সেইজন দাদাই তেজপুৰ টাউনত চিটি বাচৰ লগতে লাইন-বাচৰ চিণ্ডিকেট খুলি বাছৰ  ব্যৱসায় চলাইছিল সফলতাৰে৷ মোৰ দাদাহঁতৰ দুখন বাচ দেখা মনত আছে৷ সেই সময়ত দেউতাই অৱশ্যে খোজ কাঢ়ি টাউনলৈ অহা-যোৱা কৰা দেখিছিলোঁ, কেতিয়াবা দেউতাৰ লগত ময়ো খোজেৰে টাইনলৈ যোৱা মনত আছে৷ সিফালে  ডাঙৰজন দাদায়ো নিজৰ আঠোটি সন্তানক উপযুক্তভাৱেই গঢ় দিয়াৰ ক্ষেত্ৰত যত্নৰ ক্ৰুটি কৰা নাছিল৷

সৰুজন দাদা জগত গোস্বামী(মানুহে বাপু বুলি মাতিছিল)য়ে নিজৰ ছাত্ৰ জীৱনৰ অপূৰণীয় আশা-আকাঙ্খ্যা বিয়াৰ বহু বছৰৰ পিছতহে পূৰণ কৰিবলৈ সক্ষম হৈছিল৷ নিজৰ বৰপুত্ৰ জীৱন গোস্বামী(এই আত্মকথা লেখাৰ সময়ত ঢুকায়) সৈতে একেখন টেবুলতে, একেখিনি গ্ৰন্থ অধ্যয়ন কৰি দাদাই বি কম পাচ কৰি এক নজিৰ-বিহীন চানেকি ৰাখিবলৈ সক্ষম হৈছিল৷ কেৱল সেয়ে নহয়,বি কম পাচ কৰাৰ পিছতে এল এল বি ডিগ্ৰীও আৰ্জন কৰি তেজপুৰ ল কলেজত অধ্যাপনাও কৰাৰ যোগ্যতা লাভ কৰিছিল দাদাই৷ এই বিলাকৰ উপৰিও দাদা জগত গোস্বামী তেজপুৰ ঐতিহাসিক বাণ থিয়েটাৰৰো এজন খ্যাতিমান বাদ্যযন্ত্ৰী আছিল৷ জগতদাদাই ভাল অৰ্গেন আৰু ভায়লিন বজোৱাৰ লগতে বানথিয়েটাৰত বহু নাটকত অৰ্গেন, ভায়লিন আদি সংগত কৰাৰ দৃশ্য আজিও চকুৰ আগত ভাহি থাকে৷ নিজৰ সাতোটি সন্তানক দাদাই উপযুক্ত ভাবেই গঢ় দিবলৈ সক্ষম হৈছিল৷

দুয়োজনে তেজপুৰ টাউনত ঘৰ-দুৱাৰ নিৰ্মাণ কৰি ভালেই প্ৰতিষ্ঠা লাভ কৰিছিল৷ চান্দমাৰীৰ ৰে’ল গেট( বৰ্তমান ৰে’ল লাইনটো উঠাই দিয়া হ’ল)ৰ পৰা পৰ্বতীয়া(বৰ্তমান পাৰ্ৱতী নগৰ)লৈ যোৱা এই পথছোৱা তেতিয়া আজিৰ দৰে জনাকীৰ্ণ নাছিল, প্ৰায় জনশূন্য আছিল৷ ৰাস্তাটোৰ সোঁফালে বিস্তৃত অঞ্চল ধাননি পথাৰে ভৰা৷ এই দীঘল ৰাস্তাছোৱাৰে প্ৰায় আধা মাইলৰ ব্যৱধানত মাথোঁ তেতিয়া দুটাই ঘৰ আছিল, প্ৰথমটো কাবুলদাহঁতৰ পকাঘৰ আৰু দ্বিতীয়টো জগতদাহঁতৰ কেঁচাঘৰ৷ তেতিয়া মানুহৰ মুখ মুখে সেই ঘৰ দুটা কাবুল গোসাঁই আৰু জগত গোসাঁইৰ ঘৰ বুলি জনাজাত আছিল৷ 

    (আগলৈ)


ল
লেখকৰ পৰিচয়

লোকনাথ গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)