৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জীৱন-সংগীত

লেখকঃ ড০ ৰাস্না ৰাজখোৱা • প্ৰকাশিতঃ ২৫ আগষ্ট, ২০২৬
১ মিনিট পঠন • ৯৭৮ বাৰ পঢ়া হৈছে

 ড০ ৰাস্না ৰাজখোৱা

 

 

বিশ্বাস কৰা নে নকৰাঁ নাজানো

আতঁৰি যোৱাৰ কথা নাছিল

আকাংক্ষা আৰু উৎকণ্ঠাই হাতত ধৰি

লাহে লাহে লৈ গৈছিল

নিলগলৈ... নিলগলৈ... বহু নিলগলৈ

ধৰিবকে নোৱাৰিলোঁ

 

দাপোণত মোৰ শান্ত মুখ

অথচ

শুবও নোৱাৰোঁ, সাৰে থাকিবও নোৱাৰোঁ

মন অৰণ্যত অহৰহ পক্ষীৰ কল্লোল

 

ভিৰৰ মাজতো

ইমান নিঃসংগ মানুহবোৰ

কেতিয়াবা

নাখাওঁ নবওঁ যেন লাগে

একান্ত ইচ্ছা আছিল, উভতি অহাৰ

উভতনি পথ যে ৰুদ্ধ

এতিয়া

ক’ৰপৰা কেনেকৈ আৰম্ভ কৰোঁ

জীৱনৰ এটা নতুন সংগীত

 

ৰ’দজিলিকা সপোন এটাই ক’লে

তুমি য’ত থিয় হৈ আছা

তাৰ পৰাই, তেনেকৈয়ে

যেনেকৈ

মৰুভূমিত পানী অবিহনেও

বালিক সাবটি

জীয়াই থাকে গছ৷

 

ড
লেখকৰ পৰিচয়

ড০ ৰাস্না ৰাজখোৱা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)