৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভালপোৱা অথবা পথাৰ বিষয়ক

লেখকঃ মানস প্ৰতিম দত্ত • প্ৰকাশিতঃ ২৫ আগষ্ট, ২০২৬
১ মিনিট পঠন • ৬৮৯ বাৰ পঢ়া হৈছে

মানস প্ৰতিম দত্ত


 

শালি খেতিৰ বন-বাত নিৰাই

জোনটোৱে খণ্টিখন ক’ত বা গুজিছে

 

বিন্ধাই ভাঙি ছিঙি

শেষ কৰিব পাৰেনে ভোকৰ ভাত

 

মোৱা মাছৰ চিতিপনি, ডৰিকণাৰ অসুখ

ভেলেঙীজনীৰ বহল মুখৰ লপথপ হাঁহি যেন

আবেলি এটাত নিভাঁজ বেলিৰ হেঙুলীয়া গীত

 

টুনি চৰায়ে টুনটুনায়

পথাৰত শালিধানৰ সুহুৰি নাই

 

তুমি জোনৰ পোহৰ খেদি

বিচাৰি পাইছিলা নেকি এখন খণ্টি

 

ধেমাজি-লখিমপুৰ

শালি ধানৰ ঘৰ

বৰষুণৰ দুখত হেৰাই যায় শালিতলী

 

জলবায়ু পৰিৱৰ্তনৰ অবাধ মোখোৰা

গছ ভঙাৰ সাধ্য আছে নেকি জবকা অথবা দলি মাৰিৰ?

 

এদিন চাগে ৰ’দ অথবা বৰষুণৰ শোকত

হেৰাই যাম আমি

 

ঠিক ভালপোৱাৰ অজুহাত এটাত এৰি

হেৰাই যোৱাৰ দৰে তুমি…।

ম
লেখকৰ পৰিচয়

মানস প্ৰতিম দত্ত

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)