৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সাহসী এজন

লেখকঃ হৰেকৃষ্ণ ডেকা • প্ৰকাশিতঃ ২৫ আগষ্ট, ২০২৬
১ মিনিট পঠন • ৭৪২ বাৰ পঢ়া হৈছে

 হৰেকৃষ্ণ ডেকা

 

​তেওঁলোকে কয় মেৰুৰ ঘূৰ্ণীবতাহ প্ৰৱল হৈ পৰিছে।

কিছু অশান্ত বতাহ তাৰ পৰা ওলাই আহিছে।

বতাহজাক গৃহহীন আৰু ক্ৰুদ্ধ

আৰু সিহঁতৰ খং উজাৰিব বিচাৰে।

মূৰৰ ওপৰত চাল নোহোৱা মানুহ সিহঁতৰ সহজ চিকাৰ হ’ব।

মইতো সাহসী।

মনত এনেকুৱা কিছুমান ইতস্ততঃ ভাৱ লৈ মই

খোজ কাঢ়ি আছিলোঁ।

বতাহজাকে শুনিলে নেকি?

মই মোৰ মুখত এটা পূৰ্ণ চৰ অনুভৱ কৰিলোঁ।

ওঁঠযোৰ প্ৰায় অৱশ হৈ পৰিল।

মই নিবিচাৰোঁ মোৰ মাত স্তব্ধ হৈ যাওক।

মোৰ এতিয়াও বহু কথা ক’বলৈ বাকী আছে।

ঐ বাউলি বতাহ, মোক শৃংখলিত নকৰিবা।

কিন্তু তোমাক হেঙাৰ দিবলৈ মই নিশিকিলোঁ,

আৰু সেয়ে মই ঘৰলৈ উভতিছোঁ—

মোৰ আৱদ্ধ আশ্ৰয়স্থললৈ।

মই  তোমাৰ সন্মুখত  কিয়

 থিয় হ’ব নোৱাৰোঁ?

 

 ক্ৰুদ্ধ বতাহ!

তুমি আৰু মই প্ৰকৃতিৰ সৃষ্টি।

তুমি উপাদান, মই জীৱ,

আৰু তাতেই আমাৰ ব্যৱধান।

হ
লেখকৰ পৰিচয়

হৰেকৃষ্ণ ডেকা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)