৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সন্তানক যোগ্য ব্যক্তি ৰূপে গঢ়ি তোলোঁ আহক

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য • প্ৰকাশিতঃ ২৬ ফেব্ৰুৱাৰী, ২০২৪
৮ মিনিট পঠন • ৩১৯৭ বাৰ পঢ়া হৈছে

 নৱনীতা ভট্টাচাৰ্য্য

 

যোগ্য ভোগ্যা বসুন্ধৰা অৰ্থাৎ যোগ্যজনৰ বাবে এই পৃথিৱীখন নানা ভোগ্য বস্তুৰে ভৰপূৰ৷ অতিকে প্ৰয়োজনীয় কথাটো হ’ল নিজকে যোগ্য কৰি তোলাটো। পিছে আজিৰ এই প্ৰতিযোগিতাৰ যুগত নিজক প্ৰতিষ্ঠা কৰাটো সহজ নহয়৷ সকলো প্ৰতিদ্বন্দ্বীক পিছ পেলাই এখোজ আগুৱাই যাবলৈ হ’লে দিন-ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰিবলগীয়া হয়৷ তাৰ ফলত মানসিক চাপৰো সৃষ্টি হ’ব পাৰে৷ আজিকালি ছাত্ৰ-ছাত্ৰীসকলে পঢ়াৰ লগতে খেলা-ধূলা, গান-নাচ-বাজনা ইত্যাদি কামবোৰো মনোযোগেৰে কৰিবলগীয়া হয়৷ ফলত দিনটোৰ বহুতো সময় তেওঁলোকে ব্যস্ততাৰ মাজেৰে কটাবলগীয়া হয়৷ ব্যস্ততাৰ ফলত কিছুমান ভাল লগা কাম কৰাৰ পৰাও নিজকে আতঁৰাই ৰাখিবলগীয়া হয়৷ অভিভাৱক হিচাপে কেতিয়াবা ভাব হয় - এই আলসুৱা অপৰিপক্ক মনটো বান্ধি সিহঁত আগবাঢ়ি যাব পাৰিবনে? 

সঁচা কথা ক’বলৈ গ’লে পঢ়া-শুনা বা আন তেনে কামত একাণপটীয়াকৈ লাগি থকাটো বৰ কঠিন৷ বিশেষকৈ আজিৰ এই সমাজখনত, য’ত হাত মেলিলেই ভোগৰ সামাগ্ৰীবোৰ পোৱা যায়৷ সেইবাবে মনৰ চঞ্চলতা জয় কৰি একান্ত মনোযোগৰে নিজৰ কামত লাগিবলৈ প্ৰতিগৰাকী পিতৃ-মাতৃয়ে সন্তানক অনুপ্ৰাণিত কৰিব লাগে৷ সন্তানক অভিভাৱকেই ভাল-বেয়া, উচিত-অনুচিত বিচাৰি চাই কামবোৰ কৰিবলৈ শিকাব লাগিব৷ ক্ষণস্থায়ী বৰ্তমানটো আনন্দময় কৰি তুলিবলৈ গৈ ভবিষ্যতটো যাতে অন্ধকাৰ কৰি নোতোলে তাৰ শিক্ষাও দিব লাগিব৷ আমাৰ মাজত এনে বহুতো মানুহ আছে যে খন্তেকীয়া সুখৰ বাবে ছাত্ৰ অৱস্থাতে নানা ৰাগিয়াল দ্ৰব্য সেৱন কৰে৷ পঢ়-শুনাৰ দৰে কঠোৰ কামবোৰৰ পৰা নিজকে আঁতৰাই ৰাখি বন্ধু-বান্ধৱীৰ লগত আড্ডা মাৰি, নাটক-থিয়েটাৰ চাই সময় কটায়৷ ম’বাইলত খেল-খেলি, টিভিৰ অনুষ্ঠান চাই সময়বোৰ অপচয় কৰে, ফলত সকলো কামতে পিছ পৰি ৰয়৷ পাছত লগৰজনক আগবাঢ়ি যোৱা দেখি হতাশাত ভুগি নানা অপকৰ্মত লিপ্ত হয়৷ সঠিক পৰামৰ্শৰ অভাৱতে এনেদৰে নিজৰ প্ৰতিভাৰ অপচয় কৰে৷ 

যুৱশক্তিৰ অপচয় আন এটা কাৰণ হ’ল এলাহ। বহুতো ল’ৰা-ছোৱালীয়ে এলাহৰ কবলত পৰি জীৱনৰ আপুৰুগীয়া সময় অপচয় কৰা দেখা যায়৷ এই সকলোবোৰৰ মূল কাৰণ হৈছে দূৰ্বল ইচ্ছাশক্তি। দুৰ্বল ইচ্ছাশক্তিৰ বাবে নিজৰ লগতো যুদ্ধ কৰি পৰাজয়ৰ মুখ দেখিবলগীয়া হয়৷ যিবোৰ ল’ৰা-ছোৱালীয়ে সৰুৰে পৰা কঠোৰ পৰিস্থিতিৰ মাজত ডাঙৰ-দীঘল হয় তেওঁলোক শক্তিশালী ইচ্ছাশক্তিৰ গৰাকী হয়৷ সেইবাবে পিতৃ-মাতৃয়ে সন্তানক কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ প্ৰস্তুত কৰি তুলিব লাগিব৷ চকুৰ আগত কোনোবাই আৰাম কৰি থকা দেখিলেও তাৰ সলনি কষ্ট কৰিবলৈ শিকাব লাগে৷ জীৱনত যি প্ৰত্যাহ্বানেই নাহক কিয়, তাৰ মোকাবিলা কৰিবলৈ শিকাব লাগিব৷ তাৰ বাবে আমি সৰুকালৰে পৰা সিহঁতক আত্মনিৰ্ভৰশীল হ’বলৈ শিকাব লাগিব, সমাজৰ নীতি-নিয়মবোৰ মানি চলিবলৈ শিকাব লাগিব আৰু শুদ্ধ পাথত থাকি উচিত সিন্ধান্ত লৈ আগুৱাই যাবলৈ শিকাব লাগিব৷ 

পিছে আমি প্ৰায়ে ইয়াৰ ওলোটাহে কৰোঁ৷ আজিকালি প্ৰতিগৰাকী পিতৃ-মাতৃয়ে সন্তানক আৰামত ৰাখিবলৈ বিচাৰে আৰু নিজে নোপোৱা সুখ, আৰামেৰে সন্তানৰ জীৱনটো ভৰাই পেলাবলৈ চেষ্টা কৰে৷ সকলো কামকে নিজে কৰি দি এলেহুৱা কৰি তোলে৷ সন্তানে যি বিচাৰে তাকে দিক্ৰমে ক্ৰমে আত্মকেন্দ্ৰিক আৰু জেদী কৰিও তোলে৷ কঠিন পৰিস্থিতি আহিলেই আগভেটি সমস্যা সমাধা কৰি দি দুৰ্বল কৰি তোলে৷ মুঠতে সন্তানৰ গাত বা লাগিবই নিদিয়ে৷ শিক্ষাবিদসকলৰ মতে সন্তানক বাল্যকালত কঠোৰ অনুশাসন মানি চলিবলৈ বাধ্য কৰাব লাগে৷ কোমল কান্ধত গধুৰ দায়িত্ব অৰ্পণ কৰিবলৈও অকণো কুণ্ঠাবোধ কৰিব নালাগে৷ নিজৰ কামৰ লগতে ঘৰৰ কামতো সহায় কৰিবলৈ দিব লাগে৷ এনে কামবোৰে শিশুৰ শাৰীৰিক বিকাশৰ লগতে শক্তিশালী মনৰ গৰাকী হৈ উঠাতো তেওঁলোকক সহায় কৰিব৷ ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশৰ বাবেও শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ প্ৰয়োজন হয়৷ এই খিনিতে এটা কথা মনত ৰখা উচিত যে সন্তানক আৰাম দিয়া মানে হৈছে পুষ্টিকৰ খাদ্যৰ যোগান ধৰা, সামৰ্থ্য অনুযায়ী ভাল পোচাক বা অন্যান্য সুবিধা প্ৰদান কৰা৷ কিন্তু এইটোও ঠিক যে শুবলৈ আৰামদায়ক বিছনা এখন যোগান কৰি দিয়া মানে ভৰ দুপৰলৈকে শুই থকাৰ অনুমতি দিয়া নহয়৷ ৰাতিপুৱাৰ লগে লগে এলাহ ত্যাগ কৰি সোনকালে উঠাৰ অভ্যাস গঢ়ি তুলিব লাগিব৷ আৰামী জোতা বা পোচাক যোগাৰ কৰি দিয়াৰ লগে লগে গৰম-শীতক নেওচি কাম কৰিবলৈ শিকাব লাগিব, বিলাসী জীৱন যাপনৰ লগতে প্ৰয়োজনকৈ অধিক কষ্ট কৰিবলৈ অনুপ্ৰাণিত কৰিব লাগিব৷ 

মাক-দেউতাকে সন্তানক দিবলগীয়া আন এটা শিক্ষা হ’ল ভাল-বেয়া, উচিত-অনুচিতৰ বিচাৰ৷ আমাৰ সমাজখন নানা উপভোগ্য বস্তুৰে ভৰপূৰ৷ ক্ষন্তেকীয়া সুখ দিব পৰা বস্তু আমি আজিকালি হাত মেলিলেই পাওঁ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে এই বস্তুবোৰ আৰু অধিক সহজলভ্য কৰি তুলিছে। এই বস্তুবোৰে আমাৰ জীৱনটো ক্ষন্তেকীয়া সুখেৰে ভৰাই তোলে যদিও ভৱিষ্যত জীৱনটো দুখময় কৰি তোলে৷ যিবোৰ কামে আমাৰ জীৱনটো স্থায়ীভাৱে সুখময় কৰি তোলে তেনে কামবোৰ কৰাটো অতি কঠিন আৰু আমনিদায়ক৷ কঠিন কাম কৰিবলৈ সাহস আৰু ধৈৰ্যৰ প্ৰয়োজন হয়৷ জীৱনত কৃতকাৰ্য হ’বলৈ বা জীৱনটো মংগলময় কৰি তুলিবলৈ এনে কামবোৰ অতিকে প্ৰয়োজনীয়৷ এই কামবোৰে অকল এজন ব্যক্তিৰে নহয় সমাজৰো কল্যাণ সাধন কৰে৷ সেইবাবে সন্তানক এনে কামবোৰ ভাল পাবলৈ শিকাব লাগিব৷ এনে কামবোৰে যদি মানসিক চাপ বৃদ্ধি কৰে, তেনেহ’লে তাক হাঁহিমুখে গ্ৰহণ কৰিবলৈ প্ৰশিক্ষণ দিব লাগে৷ আনহাতে যিবোৰ কামে ক্ষন্তেকীয়া সুখ প্ৰদান কৰে বা অকল বৰ্তমানটো আনন্দময় কৰি তোলে তেনে কামৰ পৰা নিজক আঁতৰাই ৰাখিবলৈ শিকাব লাগিব৷ এই কথাটোও ঠিক যে এনে কামসমূহে আমাক অতি সহজতে আকৰ্ষণ কৰে৷ সেইবাবে ছাত্ৰ-ছাত্ৰীৰ কুমলীয়া মনটো আমনিদায়ক কামৰ সলনি এনে কামৰ প্ৰতি আকৰ্ষিত হোৱাটো স্বাভাৱিক। কিন্তু জীৱনটো সফল আৰু সুন্দৰ কৰি তুলিবলৈ হ’লে এই কামবোৰৰ পৰা আঁতৰি থকি মনটো ডাঠ কৰি মনোযগেৰে পঢ়া-শুনা কৰিবই লাগিব৷ ঘৰতো এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিব লাগে যাতে সিহঁতে প্ৰত্যাহ্বানসমূহ হাঁহি মুখে গ্ৰহণ কৰিব পাৰে৷ ভালপোৱা কাম এটাই নিশ্চয় মনত চাপৰ সৃষ্টি কৰিব নোৱাৰে৷ সেইবাবে এই আমনিদায়ক কঠোৰ কামবোৰ ভাল পাবলৈ শিকোৱা উচিত, ক্ষন্তেকীয়া সুখৰ সলনি দীৰ্ঘস্থায়ী সুখত পিছত দৌৰিবলৈ শিকোৱা উচিত, আৰামৰ সলনি কঠোৰ আৰু কষ্টকৰ জীৱন-যাপন কৰিবলৈ বাধ্য কৰোৱা উচিত৷ তেতিয়াহে আমাৰ সন্তানক সমাজৰ যোগ্য ব্যক্তিৰূপে গঢ়ি তুলিব পাৰিম৷ অৱশ্যে এইখিনিতে প্ৰতিগৰাকী পিতৃ-মাতৃয়ে ব্যক্তিৰ মাজত থকা পাৰ্থক্যসমূহ বুজি পোৱা উচিত৷ কোনো দুজন ব্যক্তি কেতিয়াও একে হ’ব নোৱাৰে, সেইবাবে তেওঁলোকৰ পৰা একে ধৰণৰ ফলাফল আশা কৰাটোও ভুল৷ তদুপৰি সন্তনক আগ বাঢ়ি যোৱাৰ পথহে দেখুৱাব লাগে৷ কেনেকৈ আগুৱাই যাব সেইটো নিৰ্ভৰ কৰিব তেওঁলোকৰ দক্ষতাৰ ওপৰত৷ সন্তানক লৈ সপোন দেখা উচিত, কিন্তু সিহঁতক সপোন পূৰণ কৰাৰ আহিলা হিচাপে গ্ৰহণ কৰিব নালাগে৷ বহুতো পিতৃ-মাতৃয়ে নিজৰ আধৰুৱা সপোন পূৰণ কৰিবলৈ সন্তানক লালন-পালন কৰা দেখা যায়৷ তেনে কৰাৰ পৰিৱৰ্তে সিহঁতক নিজৰ লক্ষ্য নিজে নিৰ্ধাৰণ কৰি তাক পূৰণ কৰিবলৈহে প্ৰস্তুত কৰি তুলিব পাৰে৷

 

ঠিকনা :

বেলতলা তিনিআলি

গুৱাহাটী-২৮

৯৮৬৪২৩৩৩৫০

 

ন
লেখকৰ পৰিচয়

নৱনীতা ভট্টাচাৰ্য্য

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)