৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

তলি-উদি

লেখকঃ অৰ্চনা পূজাৰী • প্ৰকাশিতঃ ২৬ ফেব্ৰুৱাৰী, ২০২৪
২ মিনিট পঠন • ৪৩৭৯ বাৰ পঢ়া হৈছে

 অৰ্চনা পূজাৰী

 

লখিমী  চপোৱাৰ পাছত  বাগৰি পৰা নৰানিৰ ওপৰেৰে

হুঁচ হেৰুৱাই পাৰ হৈ গ’ল

সেইজনী কোন

আন কোনো নহয়

পাখি গজা বৰদৈচিলা

ফাগুনে, নে চ’তে সাঁচি থ’লে

তাইৰ কঁকালা হাঁচতিখন 

***

তাইকতো ধৰি ৰখা মস্কিল

বাউলি চিখলা হৈ আকৌ উৰিলে

***

তাইৰ গৃহস্থও নহয় কম

সাতজনী নিগনি খীৰাই খোৱা

ভেম -ভৰকত ওফন্দি ফুৰা

খাট-পাম নোহোৱা ডাঙৰীয়া

উচন যোৱা ভেটিত বহিও

 মোচত তাও দি থাকে

নাও বুৰিলেও সি  নানামে টিঙৰ পৰা

***

একেজনী আই

ঘৰখন ধৰিবলৈ

কৰিবৰ শেষ  নাই

ভু নোপোৱা ভাৰস্ত

আঙুলিৰ মূৰত লেখে

পেটৰ জুই মাৰিবলে’

পাতাল খান্দি ফুৰে

***

চলি-পলিক  চায় কোনে

গেমেহা ভুকু আৰু ঔ-কিলত আটাহ পাৰি মৰে সিহঁতবোৰে

আয়ে ঘৰ-চোতাল-পথাৰ কৰি

তাতঁবাতি কাঢ়ি ঢপলিয়াই ফুৰে

এফালে জুৰিলে আনফালে  ছিঙে

টেকেলিৰ ফুটাবোৰ বাঢ়িয়েই থাকে

***

পিতাইৰ মুৰত বহগুৱা পোকটো

মাহচেৰেকৰ আগতেই লম্ভে

দায়-দায়িত্ব কাটি কৰি

টনটনীয়া বিহুৱাটো হয়

ঢোলৰ বৰটি টানি

বতাহ ফালি থাকে সাতখন গাঁৱৰ

ঘেন খিতা, খিত ঘেন খিতা

খিত ঘেন, খিতা খিতিং দাও

ঘেন খিতা খিত খিত খিত ঘেন-

***

টিপচাকিত তেল শেষ হৈ আহে

অ
লেখকৰ পৰিচয়

অৰ্চনা পূজাৰী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)