৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মহাবৃত্ত

লেখকঃ বেদান্ত নাথ • প্ৰকাশিতঃ ২৩ আগষ্ট, ২০২৬
১৯ মিনিট পঠন • ২১৩ বাৰ পঢ়া হৈছে

বেদান্ত নাথ

 

তিনিআলিৰ দোকানত, আঁহতজোপাৰ তলত গুণগুণনি‌৷ ‌

পদূলিৰ মূৰে মূৰে দুই-চাৰিজনী মাইকীমানুহ বৰ গুৰুত্বসহকাৰে আলোচনাত ব্যস্ত৷ দোকানলৈ যোৱা ৰোহিত কন্দনামুৱা হৈ ঘৰলৈ ঘূৰি আহিছে৷ তাকো কোনোবাই ইতিকিং কৰিলে৷ ববীয়ে কথাটো শুনাৰে পৰা কান্দিয়েই আছে৷  

বাতৰি কাকত, টিভিত নিতৌ এইবোৰ কথা শুনি শুনি অভ্যস্ত হ’লেও‌‌ নিজৰ গাঁওখনত তেনে এটা কথা কোনেও মানি ল’ব নোৱাৰে৷ চাৰিজনীকৈ ছোৱালী আৰু এটা ল’ৰাৰ বাপেকটো হৈ সিনো‌ এনে এটা কাম কৰিব লাগেনে৷ তাকো এইটো বয়সত৷ ধনেশ্বৰ‌ বৰদেউতাই মুখখন বিতৃষ্ণাত বিকটাই দিলে৷ তিনিজনীকৈ ছোৱালী বিয়া দি উলিয়াই দিছে৷ ঘৰতে থকা সৰুজনীৰ ওচৰলৈও কমাৰ গাঁৱৰ নবীনৰ পুতেক অহা-যোৱা কৰিব লাগিছে৷ সিহঁতে এতিয়া মানুহৰ আগত কেনেকৈ মুখ উলিয়ায়৷

জয়ন্ত‌ কোনো বিশেষ মানুহ নহয় গাঁওখনৰ৷ ‌মানুহবোৰে আগতে তাৰ বৰকৈ খবৰ ৰাখিছিল যে তেনেও নহয়৷ কেইবছৰমান আগলৈ জয়ন্তই পুণে নে ক’ৰবাত কোম্পানিত চাকৰি কৰি ল’ৰা-ছোৱালীকেইটালৈ টকা পঠিয়াই আছিল৷ তেনেকৈয়ে মাক নোহোৱা ল’ৰা-ছোৱালীকেইটা ডাঙৰ-দীঘল কৰি তিনিজনী ছোৱালী বিয়াও দিলে৷ কিছুদিন আগতে জোঁৱাইয়েক তিনিটাই আলোচনা কৰি ঘৰতে ব্ৰয়লাৰ ফাৰ্ম এখন খুলি দিম বুলি ঘৰলৈ মাতি আনিছিল৷ যোৱাবাৰ বিহুত ঘৰলৈ আহোঁতে বাৰে বাৰে উৰি আমনি কৰা মাখিৰ জাকটোৰ উৎস উদ্ঘাটন কৰিবলৈ গৈ জয়ন্তৰ ঘৰৰ পাছফালে নতুনকৈ পতা ব্ৰয়লাৰ ফাৰ্মখনৰ কথাটো শুনিছিলোঁ৷

ভাওনাৰ পৰা থিয়েটাৰৰ পৰা ৰাসলৈ চাইকেল কোবাই দীঘল কৈ চুলি ৰাখি বতাহৰ আগত উৰি ফুৰা গাঁৱৰ‌ নায়কসদৃশ ডেকা কেইজনৰ ভিতৰত জয়ন্তও আছিল অন্যতম৷ পাঁচোটা ককাই-ভনীৰ ঘৰখনত জয়ন্ত সকলোতকৈ সৰু৷ দেউতাকক ভালকৈ দেখা মনত নাই বুলিয়েই বায়েক তিনিজনীয়ে আটোম-টোকাৰীকৈ ৰাখিছিল৷ মূৰত থ’লে ওকণিয়ে পাই মাটিত থ’লে পৰুৱাই৷  লগৰ আটাইকেইটাই নাইনতে ফেইল কৰি স্কুল এৰিলেও জয়ন্ত স্কুললৈ গৈ আছিল৷ দুবাৰকৈ মেট্ৰিক ফেইল কৰি তিনি নম্বৰবাৰ কৰ্ম্পাটমেণ্টেল দি জয়ন্তই মেট্ৰিক পাছ কৰিছিল৷ অৱশ্যে এইক্ষেত্ৰত বিশেষ ভূমিকা আছিল ডাঙৰ ভিনিহিয়েকৰ৷  উকীল যেন মানুহটোৱে হেঁচা মাৰি ধৰিহে তাক এই বৈতৰণী পাৰ কৰিছিল৷ ডাঙৰ ভিনিহিয়েক মানুহজন বৰ যুক্তিবাদী৷ সেয়ে গাঁৱত কোনোৱে মুখৰ আগত আৰু কোনোৱে পাছফালে উকীল বুলি মাতিছিল৷ বায়েকৰ ওচৰত পিছে জয়ন্তৰ সাত খুন মাফ৷ অজলা ল’ৰাটোক লগৰীয়াবোৰেহে লৈ ফুৰি বেয়া কৰিলে৷ ইমানৰ পিছতো জয়ন্তৰ কিন্তু এটা বৰ ভাল গুণ‌ আছিল৷ জয়ন্তই বৰ ধুনীয়াকৈ ঢোল বজাব জানিছিল৷ ধোৱাকটাৰ বিহুমেলাত, বৰপুখুৰীপাৰৰ বিহুমেলাত কিমান নাচনীক ঢোল বজাই বলিয়া কৰিলে তাৰ হিচাপ নাই৷ বাকীবোৰে খেতিত ধৰোতে জয়ন্তক বায়েক-ভিনিহিয়েকে বায়েকৰ ঘৰতে ৰাখি হায়াৰ ছেকেণ্ডাৰি পঢ়ুৱাইছিল৷

 

 

ৰাতিপুৱা টিউশ্বন৷ স্কুলৰ পৰা আহি আকৌ দুটাকৈ টিউশ্বন‌৷ ৰাতিপুৱা আবেলি ছেকেণ্ডহেণ্ড চাইকেলখন চলাই টিউশ্বনলৈ যোৱা৷ “আগৰ পৰাই‌ ভালকৈ জোৰ দিলেহে সময়ত ভবামতে ফলাফল আশা কৰিব পাৰি৷ জোৰ পুৰি হাত পালে লাভ নাই৷” নিতৌ পুৱা-গধূলি দেউতাৰ সৰ্তকবাণী৷ এতিয়ালৈ গাঁওখনত কোনেও ৰ্ফাষ্ট ডিভিজন পাই পোৱা নাই৷ ইয়াৰ ওপৰতে ভৰষা৷  সুবিধা পালেই দুই একৰ জাপি দিয়া অনাহুত চাপ৷ ভাল ফলাফল দেখুৱাব লাগিব বুলিয়েই বিয়া সবাহ ভাওনা আনকি আত্মীয়ৰ ঘৰলৈকো মাজে সময়ে গৈ দুদিন দুৰাতি থাকি অহাৰো মুদা মৰি জীৱনটো সাৰ-পানী নোহোৱা হৈয়েই উঠিছিল৷ আনকি গাঁওখনত কি ঘটি আছিল কি নঘটিছিল তাৰো খা-খবৰ নাছিল৷ সন্ধিয়াৰ কালৰ্ভাটৰ আড্ডাটোৱো বন্ধ কৰি দিছিল দেউতাই৷ আমাতকৈ অলপ ডাঙৰ আধাতে স্কুল এৰি হালত ধৰা কেইটাৰ স’তে একেলগে বহি নিষিদ্ধ কিতাপৰ আমেজ লোৱাৰ কথাটো তিনিআলিৰ দুৰ্লভ দোকানীয়ে দেউতাক কৈ দিছিল৷ গাঁওখনো এক প্ৰকাৰ সাৰ-সুৰ নোহোৱাকৈৱে শুই আছিল৷ কোনো গৰম খবৰ নাই৷ হাই-কাজিয়া নাই৷ ৰাইজৰ মিটিংত হৈ-হাল্লা নাই৷ ওকণিমেল-তাঁতৰ মেলবোৰো বৈচিত্ৰহীন৷ নাই যি নাই, ঘৰৰ সীমাৰ জেওৰা ঠেলাক লৈ ভালকৈ কাজিয়া এখনো লগা নাই বহু দিন৷

‌হঠাতে ৰাতিপুৱা টান ভূমিকম্প এটাৰ দৰে তীব্ৰ  জোকাৰণি এটাত গাঁওখন  ‌সচেষ্ট হৈ উঠিল৷  জয়ন্তই ওচৰৰ গাঁৱৰ পমিলাৰ জীয়েক লিলিক লৈ ৰাতিয়েই পলাই গ’ল৷  মাকে ৰাউছিজুৰি কান্দিছে৷  মাজুজনী বায়েকে কালি গোসানীৰ ৰূপ ধৰি তাণ্ডৱ দেখুৱাই আছে৷  ঘৰ সোমালেই দুইটাকে দুচেও কৰিব৷ ককায়েকটো জুপুকামাৰি বাৰাণ্ডাৰ বেঞ্চত বহি আছে৷  উকীল যেন ডাঙৰ ভিনিহিয়েকটো বায়েকক চাইকেলত উঠাই তৰা-নৰা চিঙি আহিছে৷ সকলোৰে নাক কটা গ’ল৷  হায়াৰ ছেকাণ্ডাৰী পৰীক্ষাৰ ৰ্ফম ফিলাপ কৰি দিছিল বায়েকে৷ ঘৰতে ৰাখি পঢ়ুৱাইয়ো আছিল‌৷  ভিনিহিয়েকটোলৈহে বেয়া লাগে৷  দুই একে মন্তব্য কৰিছে৷  অবৈধ অসবৰ্ণ৷  নিছে পলুৱাই৷  ল’ৰা ঘৰ সোমালেই তৎকালীনভাৱে এঘৰীয়া হ’ব৷ ৰাইজৰ ছেক্ৰেটাৰী ব্যস্ত‌ হৈ পৰিছে৷ ‌ন’টিশ্ব ইছু কৰিব লাগিব৷ এটা কপি সিহঁতৰ ঘৰলৈ এটা কপি গাঁও উন্নয়নৰ সভাপতিকো দিব লাগিব৷  লিখিবলৈ আকৌ নৰেনৰ পুতেক নিতুক খাটনি ধৰিবগৈ লাগিব৷ তাৰ আখৰ কেইটা গোট গোট দেখিয়েই ভাল লগা৷ ছেক্ৰেটাৰীৰ কাউৰীঠেঙীয়া আখৰকেইটা ‌ন’টিশ্ব লিখাৰ বাবে কোনোপধ্যেই উপযুক্ত নহয়৷ কিন্তু বায়েকৰ ৰূপ দেখি সি যে ছোৱালী লৈ ঘৰ সোমাৱাৰ সাহস কৰিব সেইটোহে কোনেও ক’ব পৰা নাই৷ সোমাবলৈ দিয়াটোও উচিত নহয়৷ দুজনী বায়েক আৰু ককায়েকটো থাকোতে সি সৰুটো হৈ ছোৱালী পলুৱাই অনা কথাটো কোনেও মানিব ল’ব নোৱাৰে৷ ‌কাৰ্তিক যেন ল’ৰাটোক ভুলাই-ফুচুলাই পমিলাই কলি-মলি ছোৱালীজনী দি ঠগিলে৷ প্ৰেম ইমানো অন্ধ হব পাইনে৷  তিনিআলিৰ দোকানৰ আড্ডাটো গমগমাই উঠিল৷

পমিলাৰ ঘৰত পাঁচজনী ছোৱালী৷ এতিয়ালৈ এজনীহে দিছে৷ ইফালে বয়সত বিয়া পতা চেনাৰামৰো দেহা পৰি আহিছে৷ পমিলা আৰু চেনাৰামে ভালদৰে জানে সোনকালে এজনী এজনীকৈ উলিয়াই দিব নোৱাৰিলে পাছলৈ দিগদাৰি হ’বগৈ৷ জয়ন্ত বায়েকৰ ঘৰত পঢ়িবলৈ যোৱাৰ পৰাই নিতুলৰ ভিতৰি হিংসা এটা আছিলেই৷ সি পিয়নৰ কাম কৰিলে৷ তাইৰ চিঠি তাক দিয়া৷ তাৰ চিঠি তাইক৷ সেইদিনা বায়েকৰ ঘৰৰ পৰা আহি জয়ন্তই লিলিক লগ ধৰিবলৈহে গৈছিল৷ নিতুল পমিলা আৰু চেনাৰামে বুদ্ধি কৰি তাক ছোৱালী দি পঠিয়ালে৷ নিতুলয়েই দুয়োটাকে আনি ৰাতিটো ঘৰৰ ভিতৰতে সুমুৱাই থলে৷ পমিলাৰ ভয় হৈছিল পঢ়ি শুনি জয়ন্ত কলেজলৈ গ’লে লিলিক পাহৰিব৷  গতিকে পমিলাই সুযোগৰ সদ্ ব্যৱহাৰ কৰিলে৷

এবাৰ ওলাই অহা ছোৱালীক দ্বিতীয়বাৰ ঘৰত সোমোৱাই লোৱাৰ নিয়ম নাই৷ বায়েক দুজনী নথকা হলেও বেলেগ কথা আছিল৷ এতিয়া বোৱাৰী কৰি ঘৰত সুমুৱাই লোৱা অসম্ভৱ কথা৷ ৰাইজমেল বহিল‌৷ কোনো‌‌ পক্ষই এটা সন্মতিত উপনিত হব নোৱাৰি হৈ-হাল্লাৰে মেলৰ অন্ত পৰিল৷  সমস্যাটোৰ সমাধান এটা উলিওৱাতকৈ হৰা-জিকা আৰু প্ৰতিশোধৰ কথাটোহে অধিক গুৰুত্বপূ্ৰ্ণ হৈ  উঠিল৷ তাক যেতিয়া যাদু-টোনা কৰিহে ছোৱালী গতাইছে তাৰ উত্তৰো‌ ঔষধ আৰু যাদুৰেই দিব লাগিব৷  ভিনিহিয়েকৰ সন্মতি নাছিল তথাপি ডাঙৰ বায়েক আৰু মাক চাৰিখন গাঁও পাৰ হৈ ঘাঁহি গাঁৱত থকা নীৰু বেজৰ ভৰিত দীঘলে দীঘলে পৰিল গৈ৷ বৰ জয়াল বেজ নীৰু৷ মাজৰাতি কবৰত ভূতৰ স’তে কথা পাতে৷ ঘৰৰ পাছফালৰ তেতেলী জোপাত দুজনী ডাইনী বান্ধি থৈ পূজা দিয়ে অমাৱস্যাৰ ৰাতি৷ বেজৰ বেজালীয়ে কাম দিলে৷ লিলিক নিতুলৰ ঘৰতে এৰি থৈ জয়ন্ত  ৰাতিয়েই পলাই গ’ল৷ আকৌ এবাৰ দুইখন গাঁৱত হুলস্থুল লাগিল৷ ‌পুলিচ আহিল৷ পমিলা আৰু চেনাৰাম কাছাৰি পালেগৈ৷ এৰেষ্ট ৱাৰেণ্ট ওলাল৷  জয়ন্ত নোলাল৷ নীৰু বেজে বেজালী নকৰা হলেও জয়ন্ত পলাল হয় দুদিন পাছত৷ ঘৰলৈ আহিব নোৱাৰে৷ ছোৱালীৰ ঘৰে ছোৱালী ঘূৰাই নলয়৷ নিজাকৈ কিবা এটা কৰিব পৰাকৈও সামৰ্থ হৈ উঠা নাই৷ জয়ন্ত পলাল৷ লিলি বদনামী হ’ল৷  পমিলা আৰু চেনাৰামৰ এইবাৰ একেবাৰ দমি গ’ল৷

নিৰ্বাচনৰ দিন চমু চাপি আহিছে৷ পাঁচ বছৰে দেখা দেখি নোহোৱা নেতা, লিগিৰা-লিকচৌ‌সকলৰ আহ-যাহ ঘন হৈছে নদী কাষৰীয়া পিছপৰা গাঁও কেইখনলৈ‌৷

গাঁৱৰ শিলগুটি দিয়া ৰাস্তাটোত আলকতৰাৰ প্ৰলেপ পৰিছে‌৷ পদূলিয়ে পদূলিয়ে ৰাজনৈতিক দলৰ অফিচ গঢ়ি উঠিছে৷ সন্ধিয়া ঘূগুনি চাহ৷ মাজে মাজে ভোজ-ভাত৷ এইবাৰৰ নিৰ্বাচন আগৰ নিৰ্বাচনবোৰৰ দৰে নহয়৷ আৰ্মি অপাৰেশ্বনে জুৰুলা কৰা নৈপৰীয়া হাবিতলীয়া গাঁও কেইখনত মানুহবোৰ অসন্তুষ্ট হৈ আছে৷ আৰ্মি অপাৰেশ্বনে গাঁৱৰ কেইবাটাও ল’ৰাক ঘূণীয়া কৰিছে৷  সংগঠনৰ ল’ৰা বিচৰাৰ নামত আৰ্মিয়ে ধৰি লৈ গৈ বেয়াকৈ মাৰ-পিট কৰা কথাটোৰ পৰা মানুহবোৰ ক্ষোভত আছে৷ সকলোৰে মনত ক্ষোভ‌ আৰু খং৷ ৰাজনৈতিকভাৱে অসচেতন  মানুহবোৰো সচেতন হৈ উঠিছে৷ মানুহক নিৰপত্তা লাগে৷ সন্ধিয়া ওলাই গলে ঘূৰি অহাৰ৷ ৰাতি ৰাতি শান্তিৰে টোপনি যোৱাৰ৷ পুৱতি নিশা দুৱাৰত পৰা অনাহুত বুট জোতাৰ কোবৰ পৰা মানুহক নিৰাপত্তা লাগে৷ নিৰ্বাচনৰ উত্তেজনাই আন সকলো কথা তল পেলাই৷ এই উত্তেজনাৰ আমেজৰ ওচৰত অন্য আমেজ নিস্প্ৰভৱ হৈ পৰে৷ কৰঙনৰ চুকত উঠি অহা খৰ এটুকুৰা খজুৱাই থকাৰ আমেজতকৈয়ো ইয়াৰ আমেজ অধিক৷ ইমানবোৰ উত্তেজনাৰ মাজত লিলি বদনামী হোৱা খবৰটোৰ আমেজ নিস্প্ৰভ হৈ পৰিল৷ তাৰ মাজতো লিলিক চাবলৈ দৰা আহিলে ওচৰঘৰীয়া দৰা ঘৰৰ অধিক শুভাকাঙ্খী হৈ পৰে‌৷ জয়ন্তৰ লগত কেই ৰাতিমান কটাই আকৌ ঘূৰি অহাৰ কথাটো জনাৰ‌ পাছত বিয়াখন আৰু হৈ নুঠেগৈ৷  লিলি হতাশাৰ গহ্বৰটোৰ আৰু অলপ গভীৰলৈ সোমাই .......

     নিৰ্বাচন যেনেকৈ আহে যায়ো তেনেকৈ৷ ‌ কিন্তু এইবাৰ যোৱাৰ পৰত মানুহখিনিৰ মনত দকৈ আঁচ এদাল টানি থৈ গ’ল৷ নিৰ্বাচনৰ আগৰ গাঁওখন আৰু পাছৰ গাঁওখন একে হৈ নাথাকিল৷ প্ৰচাৰ কৰি ৰাতি দেৰিকৈ উভতি আহোঁতে মোহন বৰদেউতাৰ পিঠিত উগ্ৰজাতীয়তাবাদীৰ লাঠিৰ কোব পৰিল‌৷ নিৰ্বাচনত জিকা পক্ষই বিৰোধী পক্ষৰ পদূলিত বোমা ফুটাই ফূৰ্তি কৰাৰ ঘটনা আগতে ঘটা নাছিল৷ এইবাৰ নতুন ঘটনা দেখিলে মানুহবোৰে৷ গাঁৱত ৰাজনীতি সোমাল৷ গাঁও ফাট মেলিল‌৷ ‌গাঁও বুঢ়াই ৰাজহুৱা মিটিংত আক্ষেপ কৰি উঠি গ’ল৷

ইমান দিনে দৰমহা নোপোৱাকৈ‌ থকা গাঁৱৰ‌ একমাত্ৰ এল.পি স্কুলৰ মাষ্টৰজনে দৰমহা পাইছে৷  গাঁৱলৈ আৰ্মি অহা বন্ধ হৈছে৷ মানুহ মুকলিমূৰীয়াকৈ ওলাই ফুৰিবলৈ সাহস কৰা হল৷ পথাৰত পৰি থকা অচিনাকী মৃতদেহবোৰ নোহোৱা হল৷ ভাওনা, থিয়েটাৰ, ৰাস, বৰ পথাৰৰ বিহুতলী আকৌ ৰজনজনাই উঠিল৷ ঘৈণীয়েক ঢুকুৱা দুটা ল’ৰা-ছোৱালী থকা মানুহ এটালৈ লিলিও বিয়া হৈ গ’ল৷  এজনী এজনীকৈ জয়ন্তৰ দুইজনী বায়েকৰ বিয়া হ’ল৷ ককায়েকে বিয়া পাতিলে‌৷ বিহুৱে ভাওনাই নাতি-নাতিনীৰে ঘৰখন ভৰি থকা হ’ল৷ তথাপি জয়ন্তৰ মাকৰ বুকুত এটুকুৰা খালী ঠাই ৰৈ গ’ল৷  মানুহজনীৰ বুকুত সকলোৰে অগোচৰে অলপমান শূণ্যতাই নিগাজিকৈ খুটি মাৰি বহিল৷

 

চহৰত নিগাজিকৈ থাকিবলৈ লোৱাৰে পৰা এতিয়া বিহুৱে-সংক্ৰান্তিয়ে, পূজাই-ভাওনাইহে মোৰ গাঁৱলৈ অহা হয়৷ গাঁৱলৈ আহি এতিয়া আগতকৈ ভাল লাগে‌৷ গাঁৱৰ ৰাস্তা-পদূলি উন্নত হ’ল৷  বাৰিষা আগৰ দৰে বোকা নহয়৷ মানুহৰ খেৰ-কাঠৰ ঘৰবোৰ পকি হ’ল৷ গাঁৱত লাইব্ৰেৰীৰ অধিৱেশনৰ লগত এতিয়া সৰু-সুৰা গায়ক মাতি ফাংশ্বন পাতিব পৰা হ’ল৷ গাঁৱৰ ভাওনাত আগৰ মেন্ঠল লাইটৰ সলনি বিবিধ লাইটৰ সমাহাৰ ঘটিল৷ বিয়া-সবাহত তাহানিৰ ৰাইজৰ টো-কেৰাহী, টিন পাটৰ ঠাইত টেণ্ট হাউচ, ৰাইজৰ দেউৰী-বিলনীয়াৰ ঠাইত কেটাৰিং পাৰ্টিয়ে ভূমুকি মাৰিলে৷ ইমানবোৰ জাক-জমকতাৰ মাজত দীঘল কৈ চুলি ৰাখি মুকলি বিহুত নাচনীক নচুৱাই নচুৱাই বলীয়া কৰি তোলা জয়ন্ত নামৰ মানুহটোক মানুহবোৰে একেবাৰে পাহৰি পেলালে৷ বায়েক-ককায়েকহঁতেও সংসাৰৰ জেঙাত জয়ন্ত হেৰাই যোৱাৰ কথাটো মনৰ পৰা মচি দিলে৷ মচি দিলে লিলিয়েও ......

গাঁওখনত নতুকৈ লগোৱা WLL ফোনৰে মন কৰিলেই দূৰৈৰ মানুহৰ মাত শুনিব পৰা দিনত ওচৰৰে‌‌ ডাকঘৰটোৰ পৰা গাঁওখনলৈ পিয়ন আহিছে৷ নীলা খামৰ চিঠি এখন গুণগুণনি‌‌ এটা হৈ পাৰ হৈ গ’ল গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ‌‌৷ জয়ন্তৰ খবৰ ওলাইছে৷ জয়ন্তই ঘৈণীয়েক আৰু ছোৱালী দুজনীৰ ফটো পঠিয়াইছে৷ ইমান দিনে অপ্ৰাসঙ্গিক হৈ পৰা জয়ন্ত মানুহটো হঠাতে প্ৰাসঙ্গিক  হৈ উঠিল৷  চিঠিখন বুকুত সুমুৱাই মাকে ৰাউছি জুৰিছে‌৷ বায়েক কেইজনী উধাতু খাই আহিছে‌৷ ঘৰৰ চোতালত এজন দুজনকৈ মানুহ গোট খাইছেহি৷ জয়ন্ত বিয়া পাতি কাকপথাৰত আছে৷ ডাঙৰ ভিনিহিয়েকে জয়ন্তক ঘূৰাই অনাত আপত্তি কৰিলে৷ সি য’ত আছে তাতে থাকক৷  ইয়াৰ পৰা মানুহ গৈ চাই আহকগৈ৷ মাকে কথাটো মানি লবলৈ টান পালে৷ ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহক৷ নাতি পোৱালি দুটা তেওঁৰ চকুৰ আগত ডাঙৰ হওক৷ মাকৰ মৰম আৰু জেদৰ ওচৰত   সকলোৱে হাৰ মানিলে ......

 

আগৰ জয়ন্ত আৰু এতিয়াৰ জয়ন্তৰ মাজত আকাশ আৰু মাটিৰ পাৰ্থক্য৷ নায়ক সদৃশ চেহৰা শুকাই শীৰ্ণকায় হ’ল৷ গালত দুফালে দুটুকুৰা ডাঠ ক’লা দাগ৷ দীঘল চুলি সৰি কপালৰ দুয়োফালে জোঙা হৈ সোমাই গ’ল৷ কপাল বহল ‌হৈ চোতাল যেন হ’ল৷ জয়ন্তৰ অহা দুদিন হ’ল কি নহল৷  কোনোবাই অলপমান আমেজ লবলৈকে পমিলাক উচতাই লিলিৰ কেচটো খুচৰি দিলে৷ আকৌ কৰ্ট -কাছাৰি, থানা, জামিন, লটি-ঘটি৷  লিলিয়ে মাকৰ গা বেয়া বুলি ফাঁকি দি গিৰিয়েকে নজনাকৈ আহি কেচ উঠাই লোৱাতহে  জয়ন্তই স্থায়ীভাৱে ৰেহাই পালে৷ প্ৰতিশোধ লবলৈ যোৱা মানেই গোপন অধ্যায় এটা খুচৰি তাইৰ সংসাৰখন‌ আকৌ এবাৰ নষ্ট কৰা৷ ‌জয়ন্ত আকৌ এবাৰ হাৰি গ’ল লিলিৰ ওচৰত৷ সৰু মানুহৰ জয় আৰু পৰাজয় মূল্যহীন৷ তথাপি নিজৰ ওচৰত সৰু হৈ গ’ল জয়ন্ত৷  দুবটল ফটিকা খাই হৰেণৰ ওচৰত হেঁপাহ পলুৱাই কান্দিলে সি৷     

তেনেকুৱাতে জয়ন্তৰ জীৱনত আৰু দুটা ঘটনা ঘটিল৷ প্ৰেছাৰ উঠি পৰি যোৱা মাকৰ সোঁ ফালটো অকামিলা হৈ পৰিল৷ কিছুদিন বিছনাতে পৰি থাকি মাক সিফলীয়া৷ পিছে পিছে চেৰিব্ৰেল মেলেৰিয়াত ভূগি তাৰ ঘৈণীয়েকজনী৷ তিনিজনী ছোৱালী আৰু সৰু ল’ৰাটো লৈ জয়ন্তই অন্ধকাৰ দেখিলে৷ এই অন্ধকাৰ অমাৱস্যাৰ অন্ধকাৰতকৈও ভয়াবহ৷ চিৰস্থায়ী৷ মৃত্যুৰ মোহনালৈ বৈ থকা নিৰৱধি৷ পৰিয়ালৰ গাঁৱৰ‌ সকলোৱে জয়ন্তক আকৌ বিয়াৰ বাবে জোৰ দিলে৷ আগত জীৱনটো পৰি আছে৷ ল’ৰা-ছোৱালীকেইটা ডাঙৰ কৰাৰ কথা আছে৷ জয়ন্ত‌‌‌ মৌন হৈ ৰ’ল৷ বায়েককেইজনীয়ে সহায় কৰিলে৷ ছোৱালী তিনিজনী আৰু ল’ৰাটো বায়েক, ককায়েকৰ তদাৰকত এৰি জয়ন্ত দূৰণিত কাম বিচাৰি ওলাল৷ পলাবলৈ বিচাৰিছিল সি৷ অতীতৰ পৰা৷ বৰ্তমানৰ পৰা৷ ‌শেষহীন অন্ধকাৰৰ পৰা৷ এই অন্ধকাৰৰ পৰা আঁতৰি বহু দূৰলৈ‌ নগলে‌ অন্ধকাৰে তাক গিলি পেলাব৷ জীয়াই থাকিব লাগিব সি৷ ল’ৰা-ছোৱালী কেইটাৰ বাবেই জীয়াই থাকিব লাগিব৷

 

মানুহ নিজক লৈ সন্তুষ্ট নহয়৷ ‌হাততে পোৱা খিনি প্ৰৰ্যাপ্ত নহয়৷  ৰঙচঙীয়া পৃথিৱী এখনে অহৰহ মানুহক হাত বাউলি মাতে৷ কি গাঁও কি চহৰ৷ সুস্থিৰ ঘৰখন, সংসাৰএখন থকাৰ পাছতো মায়ময় পৃথিৱীৰ সন্ধানত মানুহ দৌৰি যায়৷ টিভিত, বাতৰিত এইবোৰ খবৰৰে প্ৰাধান্য এতিয়া৷ ‌মানুহৰ মনোজগতখন‌‌ জটিল হৈ গৈ আছে দিনক দিনে৷ প্ৰথম গিৰিয়েকটো‌ বিয়াৰ এবছৰতে এক্সিডেণ্টত ঢুকুৱাৰ পাছত প্ৰণীতা আকৌ এবাৰ বিয়াত বিহিছিল‌৷ দেউতাকে ঘৰতে ৰাখি ল’ৰা এটা চাই-চিটি বিয়া দিছিল৷ তাইৰ ল’ৰাও এটা হ’ল৷ তাৰ পিছতো সংসাৰত তাইৰ আউল লাগিল‌৷ গিৰিয়েক মোবাইলত ৰীলচ বনোৱা কোনোবা মহোময়ী সুন্দৰী এজনীৰ মোহত পৰিল৷ তাই ভাগি আহি ঘৰ পালেহি৷ বিয়া দিয়া ছোৱালী গুচি আহি মাকৰ ঘৰত থকাৰ কথাটো সহজভাৱে ল’ব পৰাকৈ গাঁওবোৰ এতিয়াও‌ আধুনিক হৈ উঠা নাই৷ ‌তাই বুজি নোপোৱা নহয় মাক-দেউতাক, ককায়েকৰ ওপৰত তাই বোজা হৈ উঠিছে৷ দেউতাক জীয়াই থকালৈ ঠিক আছে৷ তাৰ পাছত৷ দেউতাকক তাইৰ দায়িত্বৰ পৰা মুক্তি দিবলৈ তাই ভিতৰি অস্থিৰ হৈ উঠে৷

 

ব্ৰয়লাৰ মূৰ্গীৰ ব্যৱসায়টো ভাল চলিছে গাঁৱত৷ কেইবাখনো ব্ৰয়লাৰ ৰ্ফাম হৈছে৷ দুখন কৈ ব্ৰয়লাৰ মাংস কটা দোকানো হৈছে৷ তিনিওটা জোঁৱাইয়েকে আলোচনা কৰি ব্ৰয়লাৰ ৰ্ফাম এখন খুলি দিয়াৰ কথাটোকে ঠিক কৰি জয়ন্তক ঘৰলৈ ওভটাই আনিলে৷ জীৱনটোৰ বেছিভাগ সময় জয়ন্তই ঘৰৰ বাহিৰতে কটালে‌৷ জীৱনত সুখ আহিছিল যদিও সেইয়া ক্ষণিকৰ বাবে৷ তাৰপাছত গোটেই জীৱনজুৰি কষ্ট আৰু ত্যাগ৷ একাকীত্ব আৰু শূণ্যতাই  হেঁচা মাৰি ধৰে জয়ন্তক৷ সন্ধিয়াবোৰ দীঘল হৈ গৈ থাকে৷ ৰাতিবোৰ ডুব যায় এতিয়া নীৰবতাত৷  দূৰণিত বাজি থাকে দুখৰ বাঁহী এটা অহৰহ৷  মানুহক স্পৰ্শৰ প্ৰয়োজন৷ কোনোবাই হাতত হাত থওক৷ আগৱঢ়াই দিয়ক অলপ সহচৰ্য৷ শেষলৈ আগবাঢ়ি যাবলৈ অলপমান সাহস‌৷ সমানে সমানে খোজ দি আগুৱাই যাবলৈ এজন সঙ্গী৷ বাৰাণ্ডাত বহি চাহ একাপ হাতত লৈ আবেলিৰ ডুব যোৱা বেলিটোৰ শেষ ৰ’দকণ চাবলৈও শেষ বয়সত লগ এটা লাগে৷ জয়ন্ত সন্ধিয়াৰ সময়কণ প্ৰণীতাহঁতৰ ঘৰতে বহেগৈ৷ আগতে পাতলীয়াকৈ গৈছিল৷  এতিয়া সদায় যায়৷ লাহে কথাটো বিয়পিছে৷ জয়ন্ত প্ৰণীতাৰ ওচৰলৈ যোৱা হৈছে৷ প্ৰণীতা বদনামী ভাগি অহা তিৰোতা৷ কথা বিয়পি গৈ জয়ন্তৰ ছোৱালী তিনিজনীৰ ওচৰো পালেগৈ৷ আগ-পিছ নুগুণি, তিলটোকে তাল কৰি, তিনিওজনী প্ৰণীতাৰ ঘৰ ওলালগৈ৷ সিহঁতে এবাৰো দকৈ নাভাবিলে৷ ‌ দেউতাকৰ নিঃসঙ্গতা, শূণ্যতা, একাকীত্বক সিহঁতে নেদেখিলে‌৷ দেউতাকৰ ত্যাগো মনত নপৰিল সিহঁতৰ৷ বহু কথাই চাব নোৱাৰে সিহঁতে৷ বৃত্তটোৰ বাহিৰলৈ ওলাই আহি সিঁহতে একোৱেই চাব নোৱাৰে এতিয়া৷ ককায়েকে ইমান দিনে বিচাৰি থকা সুযোগটো সিহঁতে আনি দিলে৷  প্ৰণীতাক ঘৰ এৰি যাবলৈ কৈ ককায়েক গৰজি উঠিল৷    

গাঁওখনত হুলস্থুল লাগিল৷ সকলোৱে বিতৃষ্ণাত, ঘৃণাত নাক কোচাইছে৷ বিয়া দিয়া ছোৱালী তিনিজনী ঢপলিয়াই ঘৰলৈ আহিছে৷ কোনোৱে কোনোৱে কৈছে জয়ন্ত পাহাৰৰ ফালে গুচি গৈছে৷ কোনো কোনোৱে জয়ন্ত আৰু প্ৰণীতাক দেখাও পাইছে পুৰণি বাছষ্টেণ্ডটোত, পাহাৰলৈ যোৱা বাছত উঠা৷ জয়ন্ত গুচি গৈছে বদনামী পৃথিৱীৰ পৰা দূৰলৈ৷ ‌ মুক্ত, সৰল, পাকৃতিক, অঘৰী জীৱন এটা আগত লৈ৷ প্ৰণীতা‌ আৰু তাইৰ ল’ৰাটোক লগত লৈ‌ গৈছে৷ বিচৰা ধৰণে জীৱনটো জীয়াই থাকিব খোজা বহু মানুহেই কেতিবা গুচি যায়‌৷ বহু দূৰলৈ৷ অলপমান মুক্ত বতাহৰ সন্ধানত৷ ‌

অলপমান সহচৰ্য, প্ৰেমময় স্পৰ্শৰ এখন হাতৰ বাবে বদনামী হৈ যায় মানুহবোৰ৷ শেষ প্ৰহৰতো‌ পৰিধি ভাঙি ওলাই যায়৷ বদনামী হৈয়ো জয়ন্ত‌ সুখী হৈ থাকক শেষ প্ৰহৰত৷  

 

জালুকবাৰী

৭০৯৯০০৬৬৯২


ব
লেখকৰ পৰিচয়

বেদান্ত নাথ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)