৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা

লেখকঃ ধ্ৰুৱাৰ্ক চৌধুৰী • প্ৰকাশিতঃ ২৪ ডিচেম্বৰ, ২০২৩
২ মিনিট পঠন • ৩৬৫০ বাৰ পঢ়া হৈছে

 ধ্ৰুৱাৰ্ক চৌধুৰী

(উৎসৰ্গা : ডঃ হীৰেন গোঁহাই )

প্ৰেম মানেই টেকেলি ভঙা খেল 

প্ৰেম যে অন্ধ; হৃদয় নভঙাকৈ কৰিলোঁ কি প্ৰেম 

মই তোমাৰ নে তুমি মোৰ .. 

এইবোৰ একদম বাজে কথা

হৃদয় ভাগে... ভাগিবলৈকেই হৃদয়ে 

প্ৰেমৰ গোলাপেৰে নিজকে সাজে-কাচে

প্ৰেমৰ মুখ লাগে; মণিমুগ্ধৰ... ইতিভেনৰ...

ৰাজপথত যুযুৎসু জাতিৰ আষ্ফালন 

লাঠী চাৰ্জ , কন্দুৱা গেছ, ৰাবাৰ বুলেট...

তাৰ পাছত 

ধোঁৱা উৰে; ৰাঙলী তেজেৰে ৰঙীণ হয়

ৰাজপথৰ আলকাতৰা, কাৰেণ্টৰ খুটা

ৰঙাবোৰ বিপ্লৱ ক'লাবোৰ সন্ত্ৰাস

আকাশত শগুণ উৰে

সীমান্তলৈকে পথ পকী হয়; গাঁৱে গাঁৱে পথ যেনি যায়

আলকাতৰাৰ ক'লা সাপে গাঁওবোৰ এখন এখনকৈ গিলি যায় 

সাম্ৰাজ্যবাদে দোদাৰ ঘটিটোও নেৰে...

সকলোৱে কাষ চাপি আহক

সকলোৱে গোল হৈ আহক

সকলোৱে ঘন হৈ আহক 

বিপ্লৱ মানেই বৃত্ত ভঙাৰ খেল 

দেশ, জাতি পাভতি চাঙৰ মৰম 

প্ৰাণটোও নিদিয়াকৈ কেনেকৈ কৰোঁ দেশপ্ৰেম

দলংবোৰ উৰুৱাই নিদিয়ালৈকে, স্মাৰ্টফোনবোৰ নিষিদ্ধ নকৰালৈকে 

কেনেকৈ পক দিয়ে সশস্ত্ৰ বিপ্লৱে

ব্ৰিটিছৰ দিনলৈ মনত পৰেনে 

ৰে'লপথ আৰু টেলিগ্ৰাফহে আনিছিল প্ৰথমতে 

ছহিদ

প্ৰেমৰ নামতেই হওঁ বা জাতিৰ নামতেই

কথাটোতো একেই ৰূপালীম; এইখন মায়াব'ৰ স্বদেশ

নতুন দিনৰ মণিমুগ্ধ আৰু ইতিভেনে লগ হৈ

লক্ষ্মী ওৰাঙক উলংগ কৰে 

লক্ষ্মী ওৰাঙে ৰাজপথেৰে এতিয়াও প্ৰজাৰ টোপনিত

হিমা দাসৰ দৰে দৌৰে... আৰু দৌৰে... 

মই চকু মেলি মৰোঁ 

সপোন দেখোঁ, জাতিয়ে লাভলীনাৰ দৰে যুঁজে 

ধ
লেখকৰ পৰিচয়

ধ্ৰুৱাৰ্ক চৌধুৰী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)