৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবি হোৱাৰে পৰা

লেখকঃ ধন দাস • প্ৰকাশিতঃ ২৩ ডিচেম্বৰ, ২০২৩
১ মিনিট পঠন • ২৯৫০ বাৰ পঢ়া হৈছে

ধন দাস 

সেইদিনা নৱকান্তই তোমাৰ খোপাতে আবেলি এটা বান্ধি দিছিল 

আৰু আজি মই কছৰৎ কৰি আছোঁ 

লাহ দিয়া বেলিটোক লৈ

কোনখিনিত গুজিম গোন্ধ এটা হ'বলৈ 

( বাসনা )

কবি হোৱাৰে পৰা 

ফু মাৰি ভাত খাব পৰা চোতালখন অকলশৰীয়া হ'ল দূৱৰিয়ে সেওঁতা ফালি দিয়া ৰাষ্টাৰে ঘৰ সোমাওঁ

কবিতা লিখোঁ পৃথিৱীৰ চিন্তা কৰোঁ 

কৰ্কৰা ভাতকেইটা খাই চৰকাৰ চৰকাৰ গুমৰি থাকোঁ 

বহু কাৰণ নিমাতে হাৰি যোৱাৰ বাবেই হ'বলা

অকাৰণতে এটা কবিতা ফালি পেলালোঁ

তাৰ পাছত নোৱাৰিছোঁ লিখিব 

কবিতাটোৰ সলনি 

মাছ আঁকিছোঁ চাউল আঁকিছোঁ 

পিঁয়াজৰ বাকলিত  নিমখৰ ৰং ভাবিছোঁ 

মৃত্যুক মাতিছোঁ 

ওঁহো। শেষত 'নাই' এটাৰ সন্মুখত তলমূৰকৈ 

ৰৈ আছোঁ নে গৈ আছোঁ

ধ
লেখকৰ পৰিচয়

ধন দাস

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)