৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰকৃতি

লেখকঃ ধ্ৰুৱাৰ্ক চৌধুৰী • প্ৰকাশিতঃ ২৩ অক্টোবৰ, ২০২৩
২ মিনিট পঠন • ১৫৪৪ বাৰ পঢ়া হৈছে

ধ্ৰুৱাৰ্ক চৌধুৰী


সুনীল আকাশৰ বুকুত
উৰি উৰি প্ৰাণোচ্ছ্বল মতলীয়া ডাৱৰবোৰে
পাহাৰৰ সৈতে আলিংগনৰ খেলা কৰে
আকাশত পোহাৰ মেলে ৰামধেনু ৰঙৰ মেলাৰ

ডাৱৰবোৰেই পাহাৰৰ বুকুত বৰষুণ হৈ সৰি
পাহাৰক সেউজীয়া কৰি তোলে
আৰু পাহাৰৰ বক্ষ উদাৰি নৈ-জান-জুৰি
জলপ্ৰপাত হৈ বৈ গৈ মহাসমুদ্ৰৰ বুকুত বিলীন হয় 

মানুহৰো শেষ হেঁপাহ 
মহাসমুদ্ৰৰেই বুকুত বিলীন হৈ যোৱাৰ

কিছুমান নাৰী আছে ডাৱৰৰ দৰে
চিৰযৌৱনা প্ৰাণচঞ্চলা 
আৰু পুৰুষ - সুউচ্চ পাহাৰৰ দৰে 

অপাৰ প্ৰেমে 
মানুহক মহাসমুদ্ৰৰ বুকুত বিলীন হৈ যোৱাৰ
সমস্ত অনুভৱেই দিব পাৰে

সুনীল আকাশৰ বুকুৰ মতলীয়া ডাৱৰৰ দৰে 
তেনে নাৰীৰ পাৰাপাৰ ভালপোৱাৰ বাবে 
কাৰনো বুকুৰ কেতেকীয়ে নাকান্দে 

আকাশৰ দৰে উদাৰ 
সেই সকলো নাৰীৰ নাম প্ৰকৃতি 

---

ঠিকনা :

সহকাৰী শিক্ষক (বিজ্ঞান)
গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
দিশপুৰ, গুৱাহাটী - ৬
ফোন নং - ৯৩৯৪৭৯০০৩৩
ধ
লেখকৰ পৰিচয়

ধ্ৰুৱাৰ্ক চৌধুৰী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)