৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

হামিদ

লেখকঃ গায়ত্ৰী দেৱী বৰঠাকুৰ • প্ৰকাশিতঃ ৩১ জুলাই, ২০২৬
২ মিনিট পঠন • ৪০৯৭ বাৰ পঢ়া হৈছে

 গায়ত্ৰী দেৱী বৰঠাকুৰ

 

 

বয়স নোহোৱাকৈ বুজন হৈ পৰা 

হামিদক আজি   চিনাকি 

কৰি দিওঁ বুলি ভাবিছোঁ 

সময় আছে নে আপোনাৰ?

 

আইতাকৰ বাবে লোহাৰ চেপেনা কিনা

হামিদক চিনি পায় চাগে আপুনি 

 

 

হামিদবোৰ বাৰু মেছিঅৰেই নেকি 

 

যা হক এই হামিদ সেই হামিদ নহয় 

এইজন হামিদ কাশ্মীৰৰ

 

অ’ কাশ্মীৰ 

ভূস্বৰ্গ কাশ্মীৰ 

যাক আপুনি পিঅ’কে বুলি জানে

যাৰ এখন নিজা সংবিধান আছে 

য’ত আপুনি মাটি কিনিব নোৱাৰে 

কৰিব নোৱাৰে বেহা বেপাৰ 

আনকি কৰিব নোৱাৰে কন্যাৰো

আদান- প্ৰদান

য’লে

হাত ধন থাকিলেও আপুনি

যাওঁ যাব নোৱাৰে যাওঁ বুলি 

 

পিছে  শুনিছো 

তাত এতিয়া 

বাতিল কৰা হৈছে 370

জানেই চাগে 

 

কেনে এতিয়া পৰিস্থিতি 

যাব পাৰি নে 

স্কুল, কলেজ খুলিছে!!!!

 

প্ৰথমে 370 

ক’ভিড - 19

 

বাৰু থাকক 

কথাবোৰ ক’ৰবাৰ পৰা

ক’ৰবালৈ গতি কৰিছে

 

আচলতে 

হামিদ আৰু হিমাৰা হিন্দুস্তান একেই

সমস্যা জৰ্জৰিত 

সদায়ে

 

 

হামিদে বুজে 

তাৰ শিৰত বন্দে মাতৰমৰ তেজ

তথাপি

হামিদে কোৱালিফাই কৰিব নোৱাৰে 

অগ্নিপৰীক্ষাৰ টেষ্ট  

 

ইট’চ হিজ ৱন’লি হানড্ৰেড্‌থ এটেম্প্ট

হিজ এজ ইজ ৱনলি .....টেন....

 

***

 

 

ভ্ৰাম্যভাষ -৮৮২২৯৪৩০৬৪

 

 

 

গ
লেখকৰ পৰিচয়

গায়ত্ৰী দেৱী বৰঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)