৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ঘুণ

লেখকঃ ৰিপুঞ্জয় বৰুৱা ঋমন • প্ৰকাশিতঃ ২৫ ফেব্ৰুৱাৰী, ২০২৩
২ মিনিট পঠন • ৩৯১৮ বাৰ পঢ়া হৈছে

ৰিপুঞ্জয় বৰুৱা ঋমন



তেওঁ কয় 'আপুনি বহুত ভাল মানুহ' 

মানে মই বহুত ভাল মানুহ, 
এয়াই মোৰ বিষয়ে তেওঁৰ এটি সম্যক ধাৰণা।
মনত গোপনে গঢ়ি উঠা।

তেওঁ কোৱাৰ বহু আগতেও বহুজনে এই কথা কৈছে 
'মই হেনো লাখৰ ভিতৰত এজন'

ভাল মানুহ হোৱা কি ইমান সহজ?
কেনেকৈ ভাবিছে? মই বিশ্বাসী আৰু পৰোপকাৰী।

কেৱল স্পষ্টবাদিতা আৰু অমায়িক ব্যৱহাৰেই জানো যথেষ্ট!
তেওঁ পঢ়া শেহতীয়া উপন্যাসখনৰ 
সেই প্ৰিয় পুৰুষ বা প্ৰেমিকজন হ'বলৈ?

নিশ্চয় ন-হ-য়।

হে' মোৰ চকুৰ চিনাকি মানুহ 
এবাৰলৈও ভাবি চোৱা নাই নে 

ঘুণ কাঠৰ ভিতৰতে থাকে
আসৈ পালে বাজলৈ আহে।



ঠিকনা :

খাৰঘুলি, উন্নয়ন সমিতিৰ বিপৰীতে
গৃহ নং - ১০১
গুৱাহাটী-০৪
ভ্ৰাম্যভাষ-৬৯০১৮৫৬০৮৫
ৰ
লেখকৰ পৰিচয়

ৰিপুঞ্জয় বৰুৱা ঋমন

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)