৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বুট-জোতা

লেখকঃ দাদুল ভূঞা • প্ৰকাশিতঃ ২৮ ডিচেম্বৰ, ২০২২
২ মিনিট পঠন • ৩৭১৬ বাৰ পঢ়া হৈছে

 দাদুল ভূঞা



সিদিনা ক’লাকোট আৰু এযোৰ দামী বুট-জোতা পিন্ধি
ঘূৰি ফুৰিছিল বগা বঙাল

থুই...

পাৰ হৈছিল এলান্ধুৰ এন্ধাৰে আৱৰা দুশটা বছৰ
পৰিৱৰ্তনৰ মাটি-আখৰাৰে
অহিংসাৰ জয়


মাণিকীয়ে পাহৰা নাছিল তিৰাশীৰ ৰাতি
কেঁকোৰা হৈ বুকু চেপি ধৰা
অজগৰ হাতদুখন

চকুপানী আঁচলত সামৰি খোজকাঢ়ি গৈছিল
আৰু আমি চকু মুদি চাই ৰৈছিলোঁ সময়

ডবা, শংখ বজাই এদিন আমিয়েই
আকৌ এযোৰ বুট-জোতা সিহঁতক কিনি দিছিলোঁ

শতিকাৰ ধূলি-মাকতি লাগি লেতেৰা হোৱাত
জোতাযোৰ এদিন এজন মুচীয়ে নকৈ পলিচ কৰি দিছিল


জোতাযোৰ খোজকাঢ়ি গৈছিল
যাওঁতে ভাঙি গৈছিল
মৰক-মৰককৈ শতিকাৰ শীৰ্ণ কামিহাড়

এনে এযোৰ বুট-জোতাই
এতিয়া প্ৰতিদিনে খেদি ফুৰিছে আমাক

বজাৰত, ডাষ্টবিনত,
জীৱন-যুদ্ধ আৰু প্ৰেমত

থুই... 

*** 


ঠিকনা :


দাদুল ভূঞা
মাগনি, গহপুৰ
বিশ্বনাথ-৭৮৪১৬৮

ভ্ৰাম্যভাষ - ৯৮৫৯২৮৯৩২৫

দ
লেখকৰ পৰিচয়

দাদুল ভূঞা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)