৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মৰদ কো দৰদ নেহি হ'তা হ্যেঁ

লেখকঃ ধন দাস • প্ৰকাশিতঃ ৬ ডিচেম্বৰ, ২০২২
২ মিনিট পঠন • ৩০১৬ বাৰ পঢ়া হৈছে

ধন দাস  

পুৰুষৰ বাবেই 

নগৰৰ দেৱালবোৰত লিখা হয় 

'ইয়াত কুকুৰে প্ৰস্ৰাৱ কৰে' 

বিশেষ কথাটো হ'ল সেইখিনিতেই সিবিধ লাগে 

ছেঃ আজিও নাকটো জেপতে আছে 

লাজত কিহৰ দৰদ 

জেপত হাত খুচৰি চাধাৰ টেমাৰ পৰা

চাধা মলি মলি

গব্বৰ সিঙৰ ডাইলগ 

"নাচ বাসন্তী নাচ" 

নানাচিলেই মৃত্যুদণ্ড 

টুকুৰা-টুকুৰ হ'ব দেহৰ মাংস 

অলপ প্ৰেম চিনেমাৰ দৰে

দেহত মাৰ নোযোৱা ঢৌ 

নাকত লাগিছে সন্দেহৰ গোন্ধ

আৰু শেষ  খেলা খতম - পইচা হজম

ধৰ্ষণৰ বিৰুদ্ধে এনে কি আছে যে

গব্বৰে ভয় নকৰে 

এহাতে কণ্ডম এহাতে দা 

পৰ্দাৰ সিপাৰে কাপোৰ পিন্ধা সমাজ 

ইছ্‌ ইছ্‌  আছ্‌ আছ্‌ -

পৰ্দাৰ ইংলিছ ভাৰ্ছন মেডিয়া 

দৌৰিছে নে খেদিছে বুজি পাইছে নে ? 

পুৰুষ কি যে শব্দ 

তাৰ বাবেই যেন লেতেৰা মজিয়া

বাসন্তীৰ মুখখন ঢকা 

বাকী সকলোৰে খোলা 

লাইট্‌ কেমেৰা এক্‌শ্য়ন্ 

পুৰুষ পৃথিৱীৰ আধা জনসংখ্যা 

ফীৰ ভী ইট্‌না গুণ্ডা 

কিয় ? 

চিনেমাৰ পৰ্দাত বাজিছে

মুন্নাভাইৰ সংলাপ 

আৰে বাপু চোচ্‌নেকা ন্যেই জীনে কা 

হামলোগ মৰদ হ্যেঁ , 

সন্মান কিয় লাগে !

গান্ধীৰ অৱস্থা জাইলাং-থাকেলাং

পুৰুষৰ বীৰ্যৰেই জন্ম হয় বদনামী বেশ্যালয় 

ভদীয়া কুকুৰৰ দৰে কথাবোৰ 

বাগৰি ফুৰে বিছনাই বিছনাই 

নিচাত হাত ভৰি জিভা চকু চব্ পিছলখোৱা 

অথচ এইখন পুৰুষতন্ত্ৰ 

ইয়াত চলে এটাই সংলাপ 

মৰদ কো দৰদ নেহি হ'তা হ্যেঁ ।

ধ
লেখকৰ পৰিচয়

ধন দাস

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)