৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বাপুজীৰ মূৰ

লেখকঃ হেমচন্দ্ৰ কছাৰী • প্ৰকাশিতঃ ৩০ অক্টোবৰ, ২০২২
২ মিনিট পঠন • ৩৬৬৪ বাৰ পঢ়া হৈছে

হেমচন্দ্ৰ কছাৰী


বাপুজীৰ চিৰনমস্য মূৰটোতকৈ

তেওঁৰ মূৰৰ চাপবোৰৰ প্ৰয়োজনযে বহুগুণেই বেছি

সেই কথা সকলোৱে জানে

 

সঁচাকৈ, নম্বৰ সংপৃক্ত বাপুজীৰ মূৰবিহীন পল এটাৰ কথাচোন ভাবি‍বই নোৱাৰি

বগাই হওক বা ক’লাই হওক

জেপত বাপুজীৰ মূৰ থাকিলে

চৰাই হৈ উৰিব পাৰি

ভুকুৱাই পকাব পাৰি কেঁচা কল

কিন্তু, তেওঁ যেতিয়া লগ এৰে

অলৰ-অচৰ হৈপৰে জীৱন

কুঁজা হৈ পৰে বোজাবাহী এজন

 

বাপুজীৰ মূৰৰৰ বাবেইতো বিক্ৰী হয় শৰীৰ

পনীয়া হয় তেজ

বাপুজীৰ মূৰৰৰ বাবেইতো মনুষ্যই মঞ্চত সুৰ সলনি কৰি পেলালে-

"লোভেই পাপ, পাপেই মাংস ভাত"

 

উপৰোক্ত কথাবোৰ কোনোবাই হয়তো ‘আউটডে‍টেড’ বুলি ক’ব পাৰে

কাৰণ, ‘পে’পাৰলে’ছ’ ‘ডিজিটেল’ ‘ডিজিটেল’ হৈ পৰিছে সময়

 

তেনেহ’লে বাপুজীৰ চিৰনমস্য মূৰটোহে থাকিবগৈ

তাকো, বিশেষ বিশেষ কেইটামান দিনহে আমাৰ মনত পৰিব চাগৈ

আজি ‘জন-গণ’, ‘বন্দে মাতৰম’ কিমানজনেনো গায়

বুকু কঁপাই তুলা বুৰঞ্জীৰ পাত কিমানজনেনো লুটিয়ায়

 

উপসংহাৰ-

বাপুজীৰ মূৰবোৰ নোহোৱা হৈ যাব পৰে

কিন্তু বাপুজীৰ কান্ধত বন্দুক ৰাখি যাৰ কথা কৈ আছোঁ

তাৰ মূল্য কেতিয়াও নকমে

দিনক-দিনে বাঢ়িহে থাকে ।

 

ঠিকনা : 

ধেমাজি

ভ্ৰাম্যভাষ : ৯৯৫৭৫৪২০৭০

হ
লেখকৰ পৰিচয়

হেমচন্দ্ৰ কছাৰী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)