৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

দেউতাৰ তেজ-ঘামৰ টোপালবোৰ

লেখকঃ ধ্ৰুৱকুমাৰ তালুকদাৰ • প্ৰকাশিতঃ ২৯ জুলাই, ২০২২
১ মিনিট পঠন • ১২১৮ বাৰ পঢ়া হৈছে

 ধ্ৰুৱকুমাৰ তালুকদাৰ

কুৱঁলীবোৰৰ মাজৰ

এটা গলিয়েদি

চহৰখনে মোক বিচাৰি আহিছে -

লাহে লাহে আন্ধাৰ হৈ পৰা

বোকাময় পথাৰ এখনৰ মাজত

হাতত কঠিয়া এমুঠি লৈ

মোলৈ ৰৈ আছিল আই...

চহৰখনে মোক বিচাৰি পোৱাৰ আগতে

মই মোৰ ঘৰৰ দুৱাৰত তলা লগাই দিলোঁ

আৰু আইৰ কাষলৈ লৰ মাৰিলোঁ

এটা ক’লা মেকুৰীয়ে মোৰ বাটটো

কাটি থৈ গ’ল

মই গৈ থাকিলোঁ

শিলে শিলে ঘঁহনি খোৱা জুয়ে

মোৰ ভৰি দুখন পুৰিলে

মই গৈ থাকিলোঁ

গৈ থাকিলোঁ

গৈ থাকিলোঁ

গৈ গৈ দেখোঁ আই ৰৈ আছে

চহৰখনৰ এটা প্ৰকাণ্ড অট্টালিকাৰ

বেলকনিত

আৰু বালিময় পথাৰখনে

নেদেখা কৰি আনিছে

দেউতাৰ তেজ-ঘামৰ টোপালবোৰ।

ধ
লেখকৰ পৰিচয়

ধ্ৰুৱকুমাৰ তালুকদাৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)