৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতাৰ শাও লাগি নাৰীবোৰ নষ্ট হ’ল

লেখকঃ পুলেন ৰাজ ডেকা • প্ৰকাশিতঃ ৮ জুলাই, ২০২২
২ মিনিট পঠন • ১৪৯০ বাৰ পঢ়া হৈছে

পুলেন ৰাজ ডেকা


উৰু উলিয়াই বহি থকা নাৰীবোৰ একোটা

কবিতা ৷
কবিতা পুৰুষবোৰো এনেকি কাগজ কলম
চিঞাহী দোৱাতবোৰো

কবিতা নোকোৱা কথাবোৰ অদেখা
অজানা মুখবোৰ

ধোঁৱাই নুঠা জুইকুৰা কবিতা
ভৰি নহা খালৈৰ ভৰুণ শূন্যতাখিনিও

পাৰৰ পাখিত  ধপধপাই থকা মাতটো
জিকা ফুলা ৰাতিটো
এনেকি কুকুৰাই ডাক দিয়া পুৱাৰ
পহিলাডোখৰো এটা কবিতাই

২
আবুৰ পানীলাওৰ সাঁচাটো
ছাই-জুয়ে ক
’লা কৰা চাদৰৰ লোছটো ক’ত

নাছিল কবিতা

ফু দি জুইতোলা চুঙাটো
চোতাল কুৰুকি “মাৰাণ” চোবোৱা
উখনিটো
জয় নোহোৱা জাতিটোৱে নাছিল জানো
কবিতা ?

সুস্থিৰ সৃষ্টিৰে পোনৰ পৰা কবিতা
জন্মিছিল আপুনি
জোঁট ভাঙি গৈ থকা আমি কাটি কৰিলোঁ
তাৰ কুৰিটা ডোখৰ

আৰু এদিন
কবিতাৰ শাও লাগি নাৰীবোৰ নষ্ট হ’ল
কবিতাৰ শাও লাগি পুৰুষবোৰ নষ্ট হ’ল
সময় নাই অসময় নাই
কবিতাৰ গা-ধুনি সকলোৱে যে কবিতাৰ
গৰাকী হ’ল ৷
 

       

ঠিকনা :
পুলেন ৰাজ ডেকা
গাঁও- চেংনৈ কটৰা সত্ৰ (পাগ্লাদিয়াৰ পাৰ)
ডাকঘৰ-চেংনৈ
ডাক-সূচাঙ্ক -৭৮১৩৩৭

জিলা- নলবাৰী
ভ্ৰাম্যভাষ - ৮১৩৫৯২৬৭৮৫
 

 


প
লেখকৰ পৰিচয়

পুলেন ৰাজ ডেকা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)