৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কলি যুগৰ গান

লেখকঃ কেশৱ চাউ • প্ৰকাশিতঃ ৮ জুলাই, ২০২২
১ মিনিট পঠন • ২৬১২ বাৰ পঢ়া হৈছে

কেশৱ চাউ

অলপ আগতে তিনিজন মানুহ

মোৰ ভাড়াঘৰৰ কাষেদি যোৱা দেখিছিলোঁ

মুখত মৌনতা

হাতত সময়ৰ নিচা-নগ্নতা

কপালত ৰঙা বেলিৰ ছাঁ

তেওঁলোক বাৰু ক'লৈ গ'ল

ইয়াত এতিয়া

এজাক বৰষুণ

মেঘৰ গৰ্জন...

ভাবি আছোঁ

তিতিম নে বৰষুণত

নাভাবি কি কৰোঁ

যদি ওলায় এটা বাতৰি

মৃত শৰীৰৰ ওপৰত কুকুৰৰ আঁচোৰ

চকু নথকা মানুহ চিনিব পৰাটো 

বৰ টান

এয়া কলি যুগৰ গান।

***

ভ্ৰাম্যভাষ : ৭০৯৯১৫৫৭৫৬


ক
লেখকৰ পৰিচয়

কেশৱ চাউ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)