৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

স্বৰ বিভ্ৰান্তি

লেখকঃ গীতিমণি গোস্বামী (বৰঠাকুৰ) • প্ৰকাশিতঃ ২৪ মাৰ্চ, ২০২২
১১ মিনিট পঠন • ২৭০০ বাৰ পঢ়া হৈছে
স্বৰ বিভ্ৰান্তি
ডাঙৰকৈ চাওক (Zoom)

 গীতিমণি গোস্বামী (বৰঠাকুৰ)

 

মোবাইলৰ স্ক্ৰীনখনৰ মাত্ৰ দুশাৰী৷ মই আজি দিনটোত এই শাৰীকেইটাতে সোমাই আছোঁ৷ অগণিত বাৰ পঢ়িছোঁ৷ হাঁহিছোঁ, কান্দিছোঁ, ভাবিছোঁ৷ ভাবিছোঁ, কান্দিছোঁ, হাঁহিছোঁ৷

কথা ক’ব খোজা মোৰ মুখখন মেল খাই ৰৈ আছে৷ মেলা মুখখনেদি মোৰ ভিতৰলৈ পৃথিৱীৰ অনেক তুচ্ছ মলিন শব্দ সোমাইছে৷ এতিয়া যদি মই কথা কওঁ, সেইবোৰ শব্দক মই কাবু কৰি ৰাখিব নোৱাৰিম৷ তেজী ঘোঁৰাৰ গচকত ৰণক্ষেত্ৰত পৰি যোৱা সৈনিকবোৰৰ শৰীৰ নেফানেফ হয়৷ এতিয়া মোৰ ক্ষোভিত শব্দবোৰ প্ৰকাশ পালে তেজী দুৰ্দান্ত ঘোঁৰা হৈ নেফানেফ কৰিব দীৰ্ঘদিন আথে-বেথে ৰখা মধুৰ বেথাভৰা শব্দৰ  শৰীৰ৷

অনিন্দ্যই লিখিছে “তুমি মোৰ মতে চলিব লাগিব৷ অন্যথা নিজ ভাবৰাজ্যতে সম্ৰাজ্ঞী হৈ থাকা৷” অনিন্দ্যই এডাল লক্ষ্মণ ৰেখা আঁকি দিছে৷ এডাল সীমা ৰেখা৷ মোৰ দৰে মানুহৰ বাবে সীমা৷ ইমান দিনে সীমাৰ মাজত জীৱন অথবা জীপৰ বান্ধোন থাকে বুলিহে মই ভাবিছিলোঁ৷ নিজক জীপাল কৰি ৰখাৰ স্বাৰ্থত, মোৰ ঘোপমৰা একাকিত্বক পোহৰাই ৰাখিব পৰাৰ স্বাৰ্থত আজি কাৰোবাৰ নিদেৰ্শ মনা ভৃত্য কুকুৰ হ’বলৈ মনটোক এৰি দিবলৈ মন যোৱা নাই৷ মন সাগৰক ওফন্দিবৰ অনুমতিৰ প্ৰয়োজন নাই৷ মোৰ জোৱাৰ-ভাটা এটা নিৰৱতাত লয় পাব৷ নিজৰ মাজত ইয়াতকৈ মধুৰ চুক্তি আৰু কি হ’ব পাৰে!

সেউজীয়া কোমল দলিচাৰ এখন পৃথিৱী৷ দূৰৈত হালি পৰা ৰঙচুৱা বেলিৰ সুমথিৰাৰঙী পোহৰ৷ যাওঁ নাযাওঁকৈ বৈ গৈছে কৃশকায় নদীখনৰ নীলবৰণীয়া স্বচ্ছ জলধাৰা এটা৷ নিৰ্জন প্ৰান্তৰ, চৰাইৰ কুঞ্জন, সৰিয়হৰ কেঁচা সুঘ্ৰাণ৷ অসুখীয়া পৃথিৱীখনৰ পৰা অনেক দূৰৈত আমি গঢ় দিছিলোঁ এখন প্ৰেমৰ পৃথিৱী৷ মোৰ ভিতৰত উবুৰিয়াই দিবৰ জোখাৰে সিয়েই আছিল সৰ্বশ্ৰেষ্ঠ ক্ষেত্ৰ৷ নিজৰ অগোচৰে অতকাল লুকাই থকা ভাবনাৰ সাগৰখনত অনিঃশেষ অগাধ আকুলতাবোৰ নিঃসীম আদৰৰ চৰণ হৈ মোৰ উশাহবোৰক জীয়াই ৰাখিছিল৷ বিগলিত হৈ পৰা মোৰ অন্তৰাত্মাৰ পৰিধি আৰু ঘেৰো যেন ক্ৰমাৎ বাঢ়ি বাঢ়ি এদিন পৃথিৱীক আপোন বুলি ভাবিব পৰা শিখৰ চুইছিলগৈ৷ হয়! হয়! এক ঐশ্বৰিক জ্যোতিত মই নিজেই যেন এটা জ্যোতিষ্ক হৈ গৈছিলোঁ৷

স্বভাৱতে অনিন্দ্য আছিল গোঁৱাৰ আৰু জেদী৷ প্ৰতিভাধৰ হ’লেও স্বভাৱৰ দোষত দহজনৰ অপ্ৰিয়ভাজন৷ অভাৱ আৰু যাতনাময় শৈশৱ এটাৰ পৰা উজাই অহাৰ বাবে কিছু পৰিমাণে আত্মকেন্দ্ৰিক আৰু অহংকাৰী৷ তথাপি পোহৰ আছিল বুকুত৷ সেই পোহৰৰ উঁহ বিচাৰি ঘূৰি ফুৰোঁতেই আমিও লগালগি হৈছিলোঁ৷ খনিৰ বুকুত লুকুৱাই থোৱা এটুকুৰা কহিনুৰ যেন এই প্ৰাণ৷ সেই প্ৰাণক গতিশীল কৰাৰ এক অবুজ দায়ৱদ্ধতা মই অনুভৱ কৰিবলৈ ধৰিছিলোঁ৷ সেই দিনবোৰত মই তৃপ্ত, তুষ্ট আৰু গৰ্বিত হৈছিলোঁ৷ নদীৰ বুকুত সূৰ্যাস্তত প্ৰাচীন ধংসস্তুপত অৰণ্যৰ নিৰ্জনতাত লিপিবদ্ধ হৈছিল ভালপোৱাৰ অনেক স্বৰলিপি৷

চৰকাৰী সুবিধা পাই অনিন্দ্য এদিন বিদেশ পাইছিলগৈ৷ উচ্চতৰ শিখৰ চুবলৈ বিচৰাজনক মই প্ৰাণৰ আকুতিৰে প্ৰেৰণাবৰ্ষণ কৰিছিলোঁ৷ উদং পাত্ৰ এটাৰ দৰে ইলুটি-সিলুটি মোৰ ভিতৰখনক বিশ্বাসৰ এটা গোঁজ হৈ অনিন্দ্যৰ ভালপোৱাবোৰ ধৰি ৰাখিছিল৷ অনিন্দ্যই কৈছিল য’লৈকে নাযাওঁ কিয় তোমাক লগত লৈ ফুৰিছোঁ– মই চঞ্চল হৈ পৰিছিলোঁ৷

হতাশাৰ চিকাৰ হৈ এদিন মোৰ একমাত্ৰ ভাই চেনেহে আত্মহত্যা কৰিছিল৷ নেফানেফ হৈ পৰিছিল জীৱনৰ কোমল স্বৰ৷ চিৎকাৰ উচুপনি আশ্চৰ্যকৰ ভঙ্গিমাৰ অৰণ্য-বেদনা৷ আদৰৰ আঁচলত প্ৰতিপালিত হোৱা ভাই মোৰ৷ কিহৰ আহ্বানত জীৱনৰ মধুৰতা এৰি তাৰ কোমলমতীয়া শৰীৰটোক হানিব খুজিলে৷ এক উত্তৰবিহীন প্ৰশ্নই খুলি খুলি খালে আমাৰ সৰু পৰিয়ালটোৰ সুখ৷ ক্ৰমাৎ নীলবৰণীয়া হৈ বহল হৈ গৈছে পিতাৰ ওঁঠ৷ শিলতকৈ গধুৰ ক্ষয়প্ৰাপ্ত জীৱনৰ ভাৰ মাৰ বুকুত৷ এই বিধ্বস্ত জীৱন দুটাক সৰু শিশুৰ দৰে আপডাল কৰাৰ দায়িত্বত ক্ৰমাৎ কুঁজা হৈ গৈছিলোঁ মই৷ শুকাই গৈছিল যেন সকলো মৈথুন সংগীত৷ খ্যাতি আৰু যশস্যাই আকাশ চুইছিল অনিন্দ্যৰ৷ এখনৰ পাছত আন এখন দেশলৈ তেওঁ বগাই ফুৰিছিল৷ চকু আৰু কণ্ঠত তেওঁৰ ইণ্টেলেকচুৱেল লুক্৷ মোৰ একাকিত্বৰ জৰাজীৰ্ণ কথাবোৰ দেখুৱালে তেওঁ বৰ অস্বস্তি অনুভৱ কৰা হ’ল৷ স্বপ্নৰ নদীৰ পাৰত বহি জীৱনৰ কথা পতা দুটা জীৱন পিয়াসী প্ৰাণ ক্ৰমাৎ সময়ৰ হাতোৰাত নিজৰ মাজতে পিঞ্জৰাৱদ্ধ হৈছিল৷ নিজৰ ভিতৰত নিজে সোমাই থকা কষ্টকৰ চলমান ক্ষণৰ সাক্ষী হৈ ৰ’ল মোৰ নিদ্ৰাহীন ৰাতি আৰু কবিতাৰ পংক্তিবোৰ৷ চকু ছাট মাৰি ধৰা পোহৰত আচ্ছন্নজনৰ ওচৰত কেঁচা চাকিৰ অমিলন আকুতিৰ দীপশিখাই ফেৰ মাৰিব নোৱাৰে৷

অনিন্দ্যই এদিন কৈছিল, “চব এৰি গুচি আহাঁ...।” শিল অথবা শীল এটাও সহজ নাছিল মোৰ বাবে৷ দুয়োটাৰ দোলনৰ মাজত মোৰ বয়স বাঢ়িছিল৷ অপূৰ্ণতা আৰু বিষাদৰ হাতত ধৰি এখন এখনকৈ প্ৰকাশ পাইছিল মোৰ ৰচনা সম্ভাৰ৷ সাহিত্যই প্ৰাণ আৰু আত্মাৰ আহাৰ হৈ মোক জীয়ন দিছিল৷ অপ্ৰাপ্তিৰ মধুৰতাই মানুহক সাৰুৱা কৰি ৰাখিব পাৰে, কিন্তু সেই সীমালৈ সেই উচ্চতালৈ জীৱনক লৈ যোৱা প্ৰদাহৰ পাছত জিলিকি উঠা বৰ সহজ নাছিল৷ নিজৰ বাবে নিৰ্মিত এক কঠিন গহ্বৰত মোৰ আছিল নিয়ন্ত্ৰণহীন ভাৱসাগৰ আৰু ঘন উশাহৰ জোৱাৰ৷ যাৰ বাহ্যিক জলস্তৰত আছিল শান্ত-সমাহিত আন এক জীৱনৰূপ৷ সেই জলস্ৰোতত এদিন ওপঙি আহিছিল আন এখন মুখ উত্তৰণৰ৷

প’লিঅ’ ৰোগত আক্ৰান্ত হৈ দুই ভৰিৰ শক্তি হেৰুৱাই মনৰ শক্তিৰে হাঁহি থাকিব পৰা ল’ৰা উত্তৰণ৷ নিত্য নতুন পৰিকল্পনাৰে জীৱনক আহ্লাদিত কৰিব পৰা উত্তৰণৰ বাবে প্ৰতিটো দিন উদ্‌যাপনৰ দিন৷ উচ্চশিক্ষিত উত্তৰণে চাকৰিৰ আশা ত্যাগ কৰি চহৰৰ নাতিদূৰত কেইজন বন্ধুৰ সহযোগত এখন কৃষি পাম খুলিছিল৷ সেউজীয়া পৃথিৱীৰ পম খেদি যাওঁতে তেওঁ নিজেই যেন এক সেউজীয়া সুগন্ধৰ বাহক হৈ উঠিছিল৷

দেউতাৰ প্ৰাক্তন ছাত্ৰ উত্তৰণে সতেজ শাক-পাচলিৰ টোপোলা এটা লৈ মাজে মাজে আমাৰ ঘৰলৈ আহে৷ গেটৰ চ’ৰাঘৰ, চ’ৰাঘৰৰ পৰা শোৱনি কোঠালৈ ক্ৰমাৎ আগবাঢ়ি আহিছিল তাৰ দুৰ্বল পদধ্বনি৷ মোৰ কঠিন গহ্বৰৰ ভিতৰলৈ সোমোৱাৰ বাটবোৰৰ আঁত বিচাৰি নাপাই সি অহা বাটেৰে উভতি গৈছিল৷

এক নিচাৰ আবিৰতাত মই তেতিয়াও মন্ত্ৰমুগ্ধ৷ অনিন্দ্যৰ মৌনতা, এলাগী অনাদাৰবোৰ এক অদ্ভুত ৰাগি হৈ মোক জেদী আৰু তীব্ৰ অভিমানী কৰি ৰাখিছিল৷ ক’তো কোনো অসুয়া, ক’তো কোনো অভিযোগ নৰখাকৈ নিয়মিতভাৱে মই শেষ ৰাতি শেষ যোগাযোগ ৰখা মানুহজন অনিন্দ্য আছিল৷ সোঁৱে-বাঁৱে বেঢ়ি ৰখা তেওঁৰ অনেক আপোন মানুহৰ মাজত মোৰ নিজা পৰিচয় তেতিয়ালৈ বৰ্তি থকা নাছিল৷ সহানুভূতি আৰু সান্ত্বনাৰ কৰুণ দৃষ্টিবোৰে লাহে লাহে মোৰ ডিঙিত সজোৰে হেঁচা মাৰিছিল৷ ওফৰাই দিবৰ জোখাৰে মোৰ ভিতৰৰ শক্তিও লাহে লাহে কমি গৈছিল৷ অনিন্দ্যই ধৈৰ্যচ্যুত হৈ নিক্ষেপ কৰা কঠোৰ শব্দবোৰ মই নতশিৰে মূৰ পাতি লৈছিলোঁ৷ অথচ মানসিক নিপীড়ণৰ এক নামহীন ক্ৰূৰ আনন্দত নিজেই নিজৰ অচিনাকি হৈ পৰিছিলোঁ৷

নিজৰ খেতি পামখন চাবলৈ উত্তৰণে প্ৰায়ে মোক লগ ধৰিছিল৷ তালৈ গ’লে তুমি লিখাৰ নানা সমল পাবা, প্ৰতিজোপা গছ প্ৰতিজোপা ফুলে তোমাক সম্ভাষণ জনাব৷ পামখনৰ উশাহবোৰত তুমি মুকলি অনুভৱ কৰিবা। - উত্তৰণে কোৱা কথাবোৰ মই থৰ হৈ শুনিছিলোঁ৷ নিজৰ আত্মমগ্নতাক চেৰাই প্ৰথমবাৰৰ বাবে মই আনৰ কথা শুনিব খুজিছিলোঁ৷

উত্তৰণ নথকা দিন এটা চাই এদিন মই অকলে পামখনলৈ গৈছিলোঁ৷ আদিগন্ত বিয়পা সেউজৰ বিস্তাৰ৷ বিৰাট বিৰাট আকাৰৰ পুখুৰীত চৰি থকা হাঁহ, কাছ, কেওকাষৰ পাচলিৰ বাগান, নাৰিকল নেমুৰ গছ আৰু এখন অনাথ আশ্ৰম৷ সেউজীয়াৰ এটা জীয়া সুঘ্ৰাণে মোক গোটেই ৰাতি নুশুৱালে৷ অনিন্দ্যৰ মৌনতাৰ কাঁইট, উত্তৰণৰ সেউজ সংলাপে একে লগে মোক শৰবিদ্ধ কৰিছিল৷ বহু বছৰৰ পাছত অনিন্দ্য দেশলৈ আহিছে৷ অদ্ভুত এক শিহৰণ মই অনুভৱ কৰিলোঁ৷ পৃথিৱীৰ অযুত-কোটি মানুহৰ মাজত এজন মানুহ, যি একেলগেই বহুত৷ য’ত একেলগে থুপ খাই থাকে ভিন্ন ভাবনাৰ ভিন্ন বিস্তাৰ৷ দীৰ্ঘদিনীয়া মৌনতাৰ উত্তৰবোৰ পাবলৈও উথপথপ মোৰ ভিতৰখন৷ আকাংক্ষা একো নাই মোৰ৷ আকাংক্ষা কৰিব পৰাকৈ সময় এতিয়া ৰৈ থকা নাই৷ বোঁৱতী সময়ৰ বুকুত এটা উজাৰৰ পিছত আকাংক্ষাহীন প্ৰাপ্তিৰ অৰ্থ কেৱল মোৰ ধৰণেৰে বুজোঁ মই৷

উত্তৰণে ক’লে “ময়ো যাম তোমাৰ লগত”৷ ক’ব নোৱাৰিলোঁ নেলাগে বুলি৷ দুৰ্বল লেতু-সেতু হৈ পৰিছে মোৰ সমগ্ৰ সত্ত্বা৷ জানো এখন যুঁজৰ পাছত অনেকখন যুঁজৰ আখৰাৰ সময় এয়া৷ প্ৰসাধনবিহীন মোৰ দুগালোদি বৈ যোৱা চকুলোধাৰলৈ চাই উত্তৰণে নিজৰ ৰুমালখন বাৰে বাৰে আগবঢ়াই দিছে৷ অনৰ্গলভাৱে ওৰে বাটটো মই কৈ গ’লোঁ সমৰ্পিত মোৰ জীৱন কথা৷

দেহৰক্ষীজনে দেখুৱাই দিয়া বাটেৰেই মই কোঠাটোত প্ৰৱেশ কৰিলোঁ৷ অচিম্বতে মোক দেখি অনিন্দ্য আচৰিত হ’ল৷ গোলাপী চকু বাদামী ৰঙৰ সুন্দৰী গাভৰুগৰাকীক মই চিনি পালোঁ৷ হাই সুজল৷ মই হাতখন আগবঢ়াই দিলোঁ৷ চকুত ক’লা চচমাৰে টপা মূৰৰ ভদ্ৰলোকজন অনিন্দ্য৷ সুৰুচিপূৰ্ণ সাজ-পোছাক, আদৰহীন ব্যৱহাৰ৷ “ব’লা তোমাক আগবঢ়াই দিওঁ” অনিন্দ্য উঠি আহিল৷

হালি পৰা বেলিটোৰ আটাইবোৰ ৰ’দ আহি আমাৰ গাত পৰিছিলহি৷ দীঘল বাটটো এখোজ দুখোজ জুখি জুখি মই আগ বাঢ়িছোঁ৷ শেষ হৈ অহা এটা কবিতাৰ বাকী থকা শাৰীটো যেন শেষ হ’ব আজি৷ তেওঁ পুনৰ দোহাৰিলে সেই সীমাৰ কথা৷

“বৰ সলনি হ’লা অ!” – অতৰ্কিতে  মোৰ মুখ ফাটি ওলাই গ’ল তলিখন ৷

“আৱেগত পৃথিৱী নচলে, practical হোৱাঁ...।” তেওঁৰ টান মাত৷

“মোৰ পৃথিৱীত আৱেগেই উশা...।” মই কষ্টেৰে ক’লোঁ৷

“সেই বাস্তৱত কষ্ট পাবা৷” চচমাযোৰ খুলি তেওঁ মোলৈ চালে৷

“কষ্টই বাস্তৱ৷ আৱেগেৰেই সমাপ্ত হম মই...।” মই ক’লোঁ৷

“৫০ টা বছৰ আৱেগেৰেই পাৰ হ’ল...। এতিয়া ৫১ নম্বৰ খোজটো মই মোৰ মতে কাঢ়িম৷ শিপাডাল মই মাথোঁ চাবলৈ ৰৈ আছিলোঁ৷” অনিন্দ্যৰ চকুত চকু থৈ মই যেন নাটকৰ সংলাপ গালোঁ৷ কঠুৱা মোৰ মাত৷ এটা শব্দও লৰা নাই৷ শিল শিল শব্দ মালা৷

এবাৰো উভতি নাচাই মই দীঘল দীঘল খোজ পেলাই গাড়ীলৈ বাট পোনাইছোঁ৷ জীয়াই থকাৰ উকি এটা যেন দূৰত শুনিছোঁ৷ আজি চিজাৰ হৈ গাবলৈ মন যোৱা নাই ইউ টু ব্ৰুটাছ... ডেচডিমনা হৈ আওঁৰাবলৈ মই যোৱা নাই সেই তন্দ্ৰা বিভ্ৰান্তিৰ সংলাপ৷ বৰ সহজভাৱে উত্তৰণক কৈ দিলোঁ– “সতেজ শাক-পাচলি আছে যদি বেগত ভৰাই লৈ আহিবাচোন৷

গ
লেখকৰ পৰিচয়

গীতিমণি গোস্বামী (বৰঠাকুৰ)

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)