৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জলজ

লেখকঃ জ্যোতিনীলিমা গগৈ • প্ৰকাশিতঃ ২৭ জানুৱাৰী, ২০২২
২ মিনিট পঠন • ২৫৫৬ বাৰ পঢ়া হৈছে

 জ্যোতিনীলিমা গগৈ


দ পুখুৰীৰ পাৰত ঔ ফুলিছিল

ন পানীৰ ধাৰত ঠেও ধৰি জলকা লাগিছিল
এশৰীৰ সপোন

যখিনীয়ে ৰন্ধা বেলা
তেনেই ৰিঙা ৰিঙা
বতাহত ভিক্ষু এজন হেৰাইছিল
নিষিদ্ধ দেশৰ বাতৰি লৈ

ঢেঁকীঘৰৰ গুমগুমনি বনকুঁৱৰীৰ বুকুত
চিৰাচিৰ ভাবনাৰ বঁকিয়াত
চিতভোলোঙা দি পৰি আছিল কালিদাস  

ঘাটৰ পুৰণি সাধুৰ পৰা
সাঁকো এডালি উঠি আহি
আফুলন বেলিলৈ চিপিয়াইছিল
স্বপ্ন-স্মৃতিৰে খুন্দ খাই থকা
শলিতা জ্বালি
তেতিয়াও টিপচাকি এটি উজাগৰে আছিল

এই জলজ বলয় ভেদি
দুটি পথিকে কেনা লগা বাটত আওঁৰাইছিল -
জীৱন এখনি চিলা
ৰঙীন অথচ জঁটীয়া
সোঁতৰ বিপৰীতে আঙুলিত অনিশ্চয়তাৰ খেলা ...
জ
লেখকৰ পৰিচয়

জ্যোতিনীলিমা গগৈ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)