৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কালি ৰাতি মৰাৰ দৰে

লেখকঃ ভাস্কৰ জে নাথ • প্ৰকাশিতঃ ২৭ জানুৱাৰী, ২০২২
২ মিনিট পঠন • ২২২৫ বাৰ পঢ়া হৈছে

ভাস্কৰ জে নাথ



কাষ চাপি কাষ চাপি এয়া ক’লা
টোপনিৰ পৰা সাৰ পাই নেদেখা
কালি ৰাতি একেলগে পাৰ কৰা মাখি এটা

কালি ৰাতি মই মৰিছিলোঁ
ৰংবোৰে ৰখিছিল মোৰ নিঠৰ দেহ আৰু মাখিটোৱে গাইছিল গান “ I just died in your arms”

কালি উপজিছিল
কিলাকুটিৰ ভেঁজাত আঁঠুৰ চকুপানী
আৰু ফুটছাই বৰণীয়া আকাশ এখন

ভবাই নাছিলোঁ
নিঃসংগতাৰো থাকে নিজাকৈ অলপ ৰং
মন গলেই আঁকিব পাৰি নিজৰ এখন নদী
আৰু তৰি দিব পাৰি জোনৰ নাও এখন

এইকণ সময়তেই
মনত পেলাব পাৰি তোমাৰ মুখখনি
অথবা লিখিব পাৰি ধুনীয়া কবিতা এটা
অথবা মোৰ কোঠাৰ দেৱালবোৰত
আঁকিব পাৰি ৰাতিৰ এন্ধাৰ

কালি ৰাতি মৰাৰ দৰে
আজিও মই মৰিম নেকি!

কেৱল নিৰ্মাণৰ খাতিৰত কিয়নো পাহৰোঁ মাখিটোৰ কথা !

ভ
লেখকৰ পৰিচয়

ভাস্কৰ জে নাথ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)