৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নভবাকৈয়ে...

লেখকঃ ধ্ৰুৱকুমাৰ তালুকদাৰ • প্ৰকাশিতঃ ২৬ নৱেম্বৰ, ২০২১
২ মিনিট পঠন • ২৬৪৬ বাৰ পঢ়া হৈছে

 ধ্ৰুৱকুমাৰ তালুকদাৰ

 

নভবাকৈয়ে কিছুমান সময় আহে

ঘড়ীটো বন্ধ হৈ আছে

আন্ধাৰৰ মাজত এৰি থৈ অহা সপোনবোৰত

এটা দুটাকৈ ফুলবোৰ ফুলিবলৈ ধৰিছে...

 

ভালপোৱাৰ নামত মই যি কথা শিকিলোঁ

তাত কেৱল খোজৰ চিনবোৰহে আছে

বাট মুকলি কৰাৰ কৌশলবোৰ নাই

 

বহুতে বহু কথা কয় ৰাতি ৰাতি

দিনত সেইবোৰ ধোঁৱা চাঙত উঠে...

 

নভবাকৈয়ে আহে কিছুমান সময়

কাপোৰ-কানি ধুই তাঁৰত মেলি দিওঁতে দেখিলোঁ

পখিলা এটা আহি মোৰ ৰঙা চোলাটোতে বহিছে

দৃশ্যটো মোৰ ভাল লাগিল

আৰু ফটো এখন তুলি থ’লোঁ

ভাল লগা দৃশ্য কেমেৰাত বন্দি কৰিব পাৰি


কিন্তু ভাল লগা সময় 

কেমেৰাই বন্দী কৰিব নোৱাৰে...

 

মোৰ হাতত থকা মুদ্ৰাবোৰ

খৰচ কৰি কৰি চলি থাকোঁতেই

হঠাৎ এদিন ভাবিলোঁ ঘোঁৰা এটাকে কিনিম

আৰু তাৰ পিঠিত উঠি ভ্ৰমণ কৰিম

সেই নগৰখন

য’ত মোৰ মৃত্যু হৈছিল

একো নভবাকৈয়ে...

ধ
লেখকৰ পৰিচয়

ধ্ৰুৱকুমাৰ তালুকদাৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)