৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰেমৰ বিজ্ঞান

লেখকঃ অভিজিত শৰ্মা বৰুৱা • প্ৰকাশিতঃ ৩১ অক্টোবৰ, ২০২১
১৩ মিনিট পঠন • ৩১৭৪ বাৰ পঢ়া হৈছে

 অভিজিত শৰ্মা বৰুৱা

প্ৰেম এক অনিৰ্বচনীয় শব্দ, শাশ্বত অনূভূতি। প্ৰেম নাথাকিলে কি হ’ব - সেয়া কল্পনা কৰাটো দুৰূঢ়, কিন্তু জীয়াই থকাৰ আমেজেই যে নাথাকিব, সেইটো নিৰ্ঘাত। সেই ৰামায়ণৰ যুগৰ পৰা এতিয়ালৈকে দেশ-কাল-পৰিস্থিতি ভাবিব নোৱৰা ধৰণে সলনি হ’ল! বান্দৰে শিল পেলাই দলং সজাৰ পৰা এতিয়াৰ ম’বাইল-কম্পিউটাৰ-ইণ্টাৰনেটৰ যুগলৈকে কিমান পৰিৱৰ্তনেই যে নহ’ল! কিন্তু ক’তা? প্ৰেমৰ ৰূপ বা প্ৰভাৱৰতো একো পৰিৱৰ্তন নহ’ল! ৰামে সীতাক ‘মই তোমাক ভাল পাওঁ’ বুলি কওঁতে সীতাৰ মনত যি মধুৰ ভাবৰ সৃষ্টি হৈছিল, এতিয়াও দেখোন সেই একেশাৰী বাক্যই আন এগৰাকীৰ বুকুতো একেই হেন্দোলনিৰ সৃষ্টি কৰে!

বুকুখন নো কিয় বিষায়!

প্ৰেমৰ প্ৰসংগকে উল্লেখ কৰি কোনোবাই ‘বুকুখন মোৰ বিষায় অ’’বুলি গালেও গাওক, পাছে তেৱোঁ জানি লওক যে প্ৰেমৰ উদ্ভৱ বুকুত নহয়, মগজুতহে হয়। মগজুৱেই আমাক প্ৰেমত পৰিবলৈ প্ৰলোভিত কৰে। মগজুৱে সেয়া নকৰিলে আন কাৰ সাধ্য আছে মানুহক প্ৰেমত পেলোৱাৰ? এই কথা ভাবিলে আচৰিত হ’ব লাগে যে সেই ‘কোমল’ অবৰ্ণনীয় প্ৰেমৰ ভাববোৰ কিন্তু কিছু ‘কঠিন’ ৰাসায়নিক বিক্ৰিয়াৰহে সৃষ্টি। প্ৰেমৰ ভাব সৃষ্টি কৰিবলৈ নিৰ্দিষ্ট হৰম’নবোৰ ব্যতিব্যস্ত হ’ব লাগে, নিউৰণে অজস্ৰ সংকেত সৃষ্টি কৰিব লাগে, মগজুৰ নিউৰ’ট্ৰেন্সমিটাৰবোৰে দৌৰি ফুৰিব লাগে, কিন্তু সঠিক ৰাসায়নিক বিক্ৰিয়াবোৰ সংঘটিত নহ’লে কোনেও একো কৰিব নোৱাৰে! মানে তেতিয়া মনত প্ৰেমৰ ভাব সৃষ্টি নহয়েই!

কিন্তু প্ৰেমে বুকুত বিষ সৃষ্টি কৰাটোতো সত্য! আচলতে প্ৰেমৰ অনুভূতিয়ে দেহৰ ৰক্ত সঞ্চালন তন্ত্ৰত যথেষ্ট ব্যাঘাত সৃষ্টি কৰিব পাৰে, আৰু ৰক্ত সঞ্চালনৰ মূল কেন্দ্ৰ হৃদযন্ত্ৰ যিহেতু বুকুতেই থাকে, গতিকে তাত হোৱা ব্যাঘাতত বুকুখন বিষাই উঠে।

মগজু আৰু প্ৰেম

মানুহৰ মনৰ সকলো ভাব-চিন্তাৰ উত্স যে মগজু সেই কথা আমি জানিলেও মগজুৰ গঠন তথা কাম-কাজৰ বিষয়ে আমি কিছুবছৰ আগলৈকে বিশেষ একোৱেই জানিব পৰা নাছিলো। ১৯৭৩ চনত পল লউটেৰবুৰ আৰু পিটাৰ মেনছফিল্ড নামৰ দুজন বিজ্ঞানীয়ে এম আৰ আই বা মেগনেটিক ৰিজনেঞ্চ্ পদ্ধতিৰে স্কেনিং কৰা পদ্ধতি আৱিষ্কাৰ কৰোঁতেহে (তাৰ বাবে সুদীৰ্ঘ ৩০ বছৰৰ পাছত ২০০৩ চনত তেওঁলোকক চিকিত্সা বিজ্ঞানৰ ন’বেল পুৰস্কাৰ দিয়া হৈছিল) আমি মগজুৰ কোষৰ জটিল সজ্জাৰ বিষয়ে সামান্য হ’লেও জানিব পাৰিলোঁ।

মগজুৰ ভিতৰত অসংখ্য- মানে ক’বলৈ গ’লে ১০০ বিলিয়নমান নিউৰণ থাকে। নিউৰণবোৰ আচলতে এক বিশেষ প্ৰকাৰৰ কোষ। এইবোৰ বাহিৰৰ সংকেতৰ দ্বাৰা উত্তেজিত হ’ব পাৰে, আৰু সেই উত্তেজিত নিউৰণবোৰে কিছুমান নিউৰ’ট্ৰেন্সমিটাৰ ‘ৰিলিজ’ কৰি আন নিউৰণকো উত্তেজিত কৰি তুলিব  পাৰে। কিছুমান বিশেষ নিউৰণ উত্তেজিত হৈ উঠিলে মানুহৰ মনত প্ৰেমৰ অনুভূতিৰ আৰম্ভণি হয়। উত্তেজিত নিউৰণবোৰে নিউৰ’ট্ৰেন্সমিটাৰৰ যোগেদি আন নিউৰণকো উত্তেজিত কৰে। আন নিউৰণবোৰ যদি তলা হয়, তেন্তে নিউৰ’ট্ৰেন্সমিটাৰবোৰ হ’ল যেনিবা তাৰ ছাবি! এনেদৰে মগজুৰ ভিতৰত সংকেতৰ সঞ্চালন হয়। প্ৰেমৰ ক্ষেত্ৰত তেনে সংকেতৰ সঞ্চালনৰ পেটাৰ্ণ যথেষ্ট ব্যতিক্ৰমী হয়। গৱেষকসকলে জানিবলৈ দিয়া মতে আমাৰ মনত সচেতন ভাবৰ সৃষ্টি কৰা মগজুৰ অংশৰ অধিক গভীৰতাত অৰ্ধচেতন, অৱচেতন আৰু গুপ্ত ভাৱবোৰৰ সৃষ্টি হয়। প্ৰেমৰ অনুভূতিয়ে আকৌ এই ভিতৰুৱা অঞ্চলতহে ক্ৰিয়া কৰে। প্ৰেমৰ ভাবে সচেতন ভাব সৃষ্টি হোৱা অংশত যদি বিশেষ প্ৰভাৱ পেলাব নোৱাৰেই, তেন্তে বাৰু প্ৰেমত পৰোঁ বুলিয়েই কেনেকৈ পৰিব পৰা যাব? আৰু প্ৰেমৰ অনুভূতিয়ে যদি আমি ক’ব নোৱাৰাকৈ অৱচেতন বা অৰ্ধচেতন অংশত থিতাপি লয়, তেন্তে নপৰো বুলিও নো কেনেকৈ প্ৰেমত নপৰাকৈ থাকিব পৰা যায়? এনে ‘অনিয়ন্ত্ৰিত’ আৰু ‘অযুক্তিকৰ’ প্ৰেমৰ বাবেই চাগৈ ৰোমিও-জুলিয়েট, দুষ্যন্ত-শকুন্তলা, লায়লা-মজনু আদিৰ মাজত প্ৰেমৰ সৃষ্টি হৈছিল আৰু তাৰ ফলত তেওঁলোকৰ নিজৰ লগতে আনকো হাৰাশাস্তি কৰি মাৰিছিল!

প্ৰেম আৰু জিঘাংসা

প্ৰেমৰ অনুভূতিয়ে মগজুৰ সেই গভীৰ অঞ্চলৰো যি দুটা উপ-অঞ্চলত বেছি প্ৰভাৱ পেলাব পাৰে সেই দুটা হ’ল- কাউডেট নিউক্লিয়াছ আৰু ভেনট্ৰেল টেগমেণ্টেল। এই অঞ্চল দুটা সামগ্ৰিকভাবে মগজুৰ হাইপোথালামাছ অংশৰ অন্তৰ্গত। হাইপোথালামাছ অংশত এনে এক প্ৰকাৰ কোষ আছে, যাৰ পৰা ডোপামাইন (Dopamine) নামেৰে এবিধ হৰমোনৰ নিঃসৰণ হ’ব পাৰে। প্ৰেমৰ অনুভূতিয়ে এই ডোপামাইনৰ নিঃসৰণ ঘটায়। মানুহে যেতিয়া কোনো স্বীকৃতি, সন্তুষ্টি বা পুৰস্কাৰৰ আশা কৰে তেতিয়া এই ডোপামাইনৰ নিঃসৰণ বা সঞ্চালন বেছি হয়। উদাহৰণস্বৰূপে মগ্ন হৈ জুৱা খেলি থাকিলে যেতিয়া কিবা এটা ভাল ‘দাও’ মৰাৰ আশা কৰি থকা যায়, তেতিয়া ডোপামাইনৰ সঞ্চালন বেছি হয়। তদুপৰি ড্ৰাগছ খাই যেতিয়া সন্তুষ্টি বিচৰা যায়, তেতিয়াও ডোপামাইনৰ সঞ্চালন অধিক হয়। গতিকে এয়াও কোনো আচৰিত বা অযুক্তিকৰ কথা নহ’ল যে ডোপামাইনৰ ক্ৰিয়াৰ ফলতে প্ৰেমে সন্তুষ্টি বা স্বীকৃতি বিচাৰে।

ডোপামাইনৰ প্ৰসংগত যদিও প্ৰেমৰ লগত জুৱা খেলা বা ড্ৰাগছ খোৱাৰ তুলনা কৰা হ’ল, আচলতে কিন্তু প্ৰেমৰ স্থান বহুত ওপৰত। জুৱা বা নিচাই কৰি নোৱাৰা বহু কাম প্ৰেমে কৰিব পাৰে। তীব্ৰ প্ৰেমৰ অনুভূতিয়ে কাউডেট নিউক্লিয়াছৰ এক বিশেষ স্পট সক্ৰিয় কৰি তোলে, যিটো স্পটৰ স্থান শাৰীৰিক আকৰ্ষণ সৃষ্টি কৰা মগজুৰ অংশটোৰ পৰা বহু আঁতৰত। সেইবাবেই হয়তো প্ৰকৃত প্ৰেম আৰু শাৰীৰিক আকৰ্ষণৰ মাজত বিশেষ সম্পৰ্ক নাই। অৰ্থাৎ দেহবল্লৰীৰ প্ৰতি আকৰ্ষণ আৰু কাৰোবাক মনে-প্ৰাণে বিচৰাটো দুটা বেলেগ কথা। এই বিশেষ স্পটটোৰ ওচৰতে আছে আন দুটা নিৰ্দিষ্ট অঞ্চল, যি দুই ভিন্ন ধৰণৰ কাম নিয়ন্ত্ৰণ কৰে। প্ৰথম স্পটটোৱে মানুহৰ কিছুমান অতি প্ৰয়োজনীয় কাম কৰাৰ ইচ্ছা নিয়ন্ত্ৰণ কৰে। তাৰ ভিতৰত আছে খোৱাৰ ইচ্ছা, পিয়াহ গুচোৱাৰ ইচ্ছা, জিৰণি লোৱাৰ ইচ্ছা, চকুৰ মণি বা দৃষ্টি লৰচৰ কৰাৰ ইচ্ছা আদি। প্ৰেমৰ অনুভূতিয়ে এই চুবুৰীয়া স্পটটোৰ ওপৰত সহজেই প্ৰভাৱ পেলাব পাৰে। গতিকে আমি বুজি পালোঁ যে প্ৰেমৰ উন্মাদনাই কিয় খোৱা, পীয়া, জিৰণি লোৱা আদি কাম পাহৰাই দিব পাৰে! প্ৰেমৰ স্পটৰ চুবুৰীয়া দ্বিতীয় স্পটটো কিন্তু সাংঘাটিক। এই অঞ্চলতে জন্ম হয় জিঘাংসা, নিষ্ঠুৰতা আদি ভাববোৰ। ব্যৰ্থ প্ৰেমে চাগৈ চিধাই গৈ এই স্পটটোও উজ্জীৱিত কৰি তুলিব পাৰে, আৰু সেয়ে ব্যৰ্থ প্ৰেমিক বা প্ৰেমিকাই কেই মুহূৰ্তমানৰ আগলৈকে নিজৰ প্ৰেমাস্পদৰ বাবে জীৱন বিসৰ্জন দিব পৰা অৱস্থাৰ পৰা সেই প্ৰেমাস্পদক নিষ্ঠুৰভাবে আঘাত কৰি হত্যা পৰ্য্যন্ত কৰিব পাৰে।

বিভিন্ন পৰ্যায়ৰ প্ৰেম, বিভিন্ন হৰম’ন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰুটজাৰ্ছ (Rutgers) বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক হেলেন ফিছাৰে বিভিন্ন হৰম’ন আৰু ৰাসায়নিক দ্ৰব্যই প্ৰেমৰ সম্পৰ্কৰ ওপৰত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, তাৰ ব্যাখ্যাও আগবঢ়াইছে। তেওঁৰ মতে হৰম’নৰ নিঃসৰণ তথা ক্ৰিয়াৰ ফালৰ পৰা প্ৰেমক মোটামুটিভাবে তিনিটা পৰ্যায়ত ভগাব পাৰি। সেইকেইটা হ’ল - লালসা (lust), আকৰ্ষণ (Attraction), আৰু আসক্তি (Attachment)। লালসা হ’ল প্ৰেমৰ প্ৰথম পৰ্যায়। এই পৰ্যায়টো পুৰুষ আৰু নাৰী উভয়ৰে ক্ষেত্ৰত টেষ্ট’ষ্টেৰন আৰু অয়েষ্ট্ৰ’জেন নামৰ দুবিধ হৰম’নৰ জৰিয়তে নিয়ন্ত্ৰিত হয়। প্ৰেমৰ দ্বিতীয় পৰ্য্যায় হ’ল আকৰ্ষণ। এই পৰ্যায়ৰ লগত এড্ৰেনেলাইন, ডোপামাইন আৰু ছেৰটনিন নামৰ তিনিবিধ হৰম’ন সম্পৰ্কিত হৈ থাকে। এড্ৰেনেলাইনে মানসিক চাপ বঢ়াব পাৰে। এড্ৰেনেলাইনৰ ক্ৰিয়াৰ বাবেই প্ৰেমাস্পদক লগ পালে কাৰোবাৰ হৃদস্পন্দন দ্ৰুত হয়, ঘাম ওলাই যায় আৰু মুখৰ ভিতৰখন শুকাই যায়। ডোপামাইনৰ ক্ৰিয়াৰ কথা আমি আগতে ক’লোঁৱেই। ওপৰঞ্চিভাৱে আৰু এটা কথা কৈ থ’ব পৰা যায় যে ডোপামাইনৰ ক্ৰিয়াৰ ফলতে এজনৰ সামান্য ভাল কাম, সফলতা বা প্ৰতিক্ৰিয়াতো সিজনে অনিৰ্বচনীয় আনন্দ অনুভৱ কৰে। প্ৰেমত পৰাৰ পাছত যে ইজনে সিজনৰ কথা অনবৰতে ভাবি থাকে বা মনলৈ সেই চিন্তা অনবৰতে আহি থাকে সেয়া হয় ছেৰটনিনৰ ক্ৰিয়াৰ বাবে। এই দ্বিতীয় পৰ্যায়তে নতুন প্ৰেমাস্পদৰ বাবে আনজনৰ চিন্তা, ভাবধাৰা, দৃষ্টিভংগী আৰু আচৰণৰ পৰিৱৰ্তন হ’ব পাৰে। সেয়াও এই তিনিবিধ হৰম’নৰ সন্মিলিত ক্ৰিয়াৰ ফল।

প্ৰেমৰ তৃতীয় পৰ্যায়টো হ’ল আসক্তি। এই আসক্তিয়ে দুজন প্ৰেমিক-প্ৰেমিকাক বিবাহৰ ডোলেৰে বা তেনে ডোল নোহোৱাকৈও একেলগে ধৰি ৰাখিব পাৰে। তেওঁলোকে সন্তান জন্ম দিবলৈ আৰু সেই সন্তানক একেলগে তুলিতালি ডাঙৰ-দীঘল কৰিবলৈ অনুপ্ৰেৰণা লাভ কৰে। এই পৰ্যায়ৰ লগত প্ৰধানকৈ অক্সিটচিন আৰু ভাছ’প্ৰেছিন নামেৰে দুবিধ হৰম’ন সম্পৰ্কিত হৈ থাকে। মিলনৰ সময়ত অক্সিটচিন হৰম’ন নিৰ্গত হয় আৰু দুয়োজন প্ৰেমাস্পদকে মানসিকভাৱে অধিক ওচৰ চপাই নিয়ে। অক্সিটচিনে মাক আৰু সন্তানৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আৰু মৰমৰ বান্ধোন সৃষ্টি কৰাতো সহায় কৰে। নিজৰ কেঁচুৱাটিক দেখিলেই বা তাৰ কান্দোন বা মাত শুনিলেই যে মাকৰ স্তনৰ পৰা গাখীৰ ওলাই আহে, সেয়া অক্সিটচিনৰ বাবেই হয়। ভাছ’প্ৰেছিন হৰম’নৰ পৰিমাণ কমি গ’লে ই দুই প্ৰেমিক-প্ৰেমিকা বা স্বামী স্ত্ৰীৰ মাজত সম্পৰ্কৰ বান্ধোন ঢিলা হৈ যাব পাৰে আৰু তেনে ক্ষেত্ৰত তেওঁলোক আন কোনোবাৰ প্ৰতি আকৰ্ষিত হোৱাটোও ডাঙৰ কথা নহয়। কোনো লোক যে নিজৰ প্ৰেমাস্পদৰ বাহিৰে অধিক ধুনীয়া বা অধিক গুণসম্পন্ন আন এগৰাকীৰ প্ৰতি আকৰ্ষিত নহয়, তাৰো মূলতে এই দুয়োবিধ হৰম’নেই।

প্ৰেমৰ ক্ষেত্ৰত কিছু অস্বাভাৱিক ঘটনাও ঘটে। প্ৰেমত নিমজ্জিত হৈ চুমা খালে স্নায়ুৰ মাজেৰে যোৱা ইমপালছৰ (Impulse) বেগ হয়গৈ ঘণ্টাত ১৪০ মাইল। কিন্তু আমাক যদি কোনোবাই জোঙা বেজীৰ আগেৰেও খুচি দিয়ে তেন্তে, ইমপালছৰ বেগ হয়– ঘন্টাত মাত্ৰ ২৫ মাইল। তাৰমানে প্ৰেমৰ আবেগ কিমান বেছি শক্তিশালী!

অবাধ্য মন, অবাধ্য প্ৰেম!

অৱশ্যে প্ৰেমৰ লগত সম্পৰ্কিত বিভিন্ন নিউৰণ, হৰমোন, নিউৰ’ট্ৰেন্সমিটাৰ আদিৰ ক্ৰিয়াৰ বিষয়ে জানিও বিশেষ লাভ নাই! কাৰণ এইবোৰে তাৰ ‘মালিক’ৰ কথা মুঠেই নামানে। প্ৰেমৰ ভাব সৃষ্টি কৰাৰ লগত বিশেষভাবে জড়িত নিউৰণবোৰে অজস্ৰ কোষ বা নিউৰ’ট্ৰেন্সমিটাৰৰ পৰা ‘ইনপুট’ ল’ব পাৰে, কিন্তু সেইবোৰ ‘ইনপুট’ৰ পৰা সি উত্তেজিত হ’বনে নাই, বা নিজস্ব সংকেত সৃষ্টি কৰিবনে নাই সেই সিদ্ধান্ত নিউৰণৰ নিজা। যদিহে সি সেই সংকেত সৃষ্টি কৰাৰ সিদ্ধান্ত লয়, তেন্তে সি সেই সংকেত একে সময়তে ১০,০০০ পৰ্য্যন্ত আন নিউৰণ, কোষ বা গ্ৰন্থিলৈ প্ৰেৰণ কৰিব পাৰে আৰু সেইবোৰৰ সন্মিলিত ক্ৰিয়া আৰু হৰম’ন নিঃসৰণৰ জৰিয়তে প্ৰেমৰ ভাব সৃষ্টি কৰি দিব পাৰে। আনকি ইচ্ছা কৰিলে সি অতি বেগেৰে এই কাম কৰিব পাৰে বা ‘মন’ গ’লে লেহেমীয়া গতিতো কৰিব পাৰে। গতিকে যাৰ দেহতে এইবোৰ ঘটি আছে, তেওঁ গম নোপোৱাকৈয়ে আৰু তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকি নিউৰণ-হৰম’নবোৰে নিজৰ কাম আৰম্ভ কৰি দিব পাৰে, তেওঁৰ মনত প্ৰেমৰ ভাব সৃষ্টি কৰি দিব পাৰে আৰু সেইজনে শেষত স্বীকাৰ কৰিবলৈ বাধ্য হয় যে প্ৰেমত পৰা বা নপৰাটো তেওঁৰ ক্ষমতাৰ বাহিৰত! মানে ‘প্ৰেমত নপৰোঁ’ বুলি মন বান্ধি থাকিলেও শেষত তেওঁ হয়তো প্ৰেমতেই পৰি গ’ল। 

প্ৰেম আৰু জিন

প্ৰেমৰ লগত সম্পৰ্কিত এক বা একাধিক জিন থকা বুলিও বিজ্ঞানীসকলে ধাৰণা কৰিছে। তেনে এক জিন  পৰীক্ষামূলকভাৱে এন্দুৰৰ দেহত সুমুৱাই দিয়াৰ পাছত দেখা গ’ল, এন্দুৰটোৱে তাৰ আগৰ বহুগামিতা বাদ দিছে আৰু একনিষ্ঠ প্ৰেমিক হৈ পৰিছে। অৰ্থাৎ এই জিনৰ প্ৰভাৱত তাৰ মনত প্ৰেমৰ লক্ষণ সৃষ্টি হ’লেই, বা ডি এন এ আৰু প্ৰ’টিনবোৰে সেইমতে কাম কৰিবলৈ আৰম্ভ কৰিলেই! প্ৰেম আঁতৰি যোৱাৰ পাছতো প্ৰেমৰ এই ‘হট স্পট’ বহু বছৰলৈকে উজ্জীৱিত হৈয়ে থাকে। গতিকে প্ৰেম, বিশেষকৈ প্ৰথম প্ৰেম,  কিয় পাহৰি যোৱা নাযায়, তাৰো এক বৈজ্ঞানিক কাৰণ গম পোৱা গ’ল!

প্ৰেমৰ বিষয়ে বিজ্ঞানীসকলে তেওঁলোকৰ গৱেষণা চলায়েই আছে। হয়তো ভৱিষ্যতে এনে এটা দিন আহিব, যিদিনা ইজনৰ মনত প্ৰেমৰ ভাব আছেনে নাই নিৰলে লগ ধৰি সোধাৰ প্ৰয়োজনেই নহ’ব! বা ইজনেও মুখত এটা ক’ব, পেটত এটা থাকিব – এনে হ’ব নোৱাৰিব। বিজ্ঞানীসকলে দেখুৱাই দিয়া ধৰণে মগজুৰ এক বিশেষ অঞ্চলত স্কেন কৰিলেই ‘দুধ কা দুধ, পানী কা পানী’ ওলাই যাব!

*****

অ
লেখকৰ পৰিচয়

অভিজিত শৰ্মা বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)