৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অশুচি মেদিনী

লেখকঃ প্ৰয়াগ শইকীয়া • প্ৰকাশিতঃ ২৯ অক্টোবৰ, ২০২১
২ মিনিট পঠন • ৩৪৯৫ বাৰ পঢ়া হৈছে

প্ৰয়াগ শইকীয়া

(‘অন্যযুগ’ত শিবানন্দ কাকতিৰ গল্প ‘মেকবেথ’ পঢ়ি)

মধুকৈতভ আৰু মেকবেথ

আটায়ে ঘাতক

আটাইৰে কলুষতাৰে আজিও অশুচি ধৰণীৰ ত্বক

ত্ৰিকালৰ তিনিজনী ডাইনী

কিনো পাশাৰে বাৰে বাৰে কঁপাৱ মেদিনী

কিয় বাৰে বাৰে তোল ৰজা হোৱাৰ জঁক

 

মধু আৰু কৈতভ দুয়ো অসুৰ আছিল

সুৰৰ পক্ষত ৰোৱা প্ৰভূৱে সংহৰিছিল

ছেক্সপীয়েৰৰ মেকবেথ মানুহ আছিল

ৰজা হৈ ক্ষমতাৰ জালত খাইছিল পিছল


উত্থানৰ শেষত সময়-বিচাৰৰ গৰল

 

জীৱনৰ দুদণ্ড সময়

তেজৰ ফাকুত পৰিলে জঁই

এনে লাগে ৰাজনীতিৰ চাতুৰীক

ৰুধিবলৈ কলমেই হ’ব পাৰে একান্ত হাতুৰী


নহ’লেনো পুৰাণৰ কলম 

ছেক্সপীয়েৰৰ কলম 

অৰিন্দম + আনন্দৰ কলম মেদিনীত আজিও সক্ৰিয় কিয়

প
লেখকৰ পৰিচয়

প্ৰয়াগ শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)