৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অৰণ্যত দুৰ্গাপূজা

লেখকঃ সংকল্পজিৎ শইকীয়া • প্ৰকাশিতঃ ২৮ ছেপ্টেম্বৰ, ২০২১
৪ মিনিট পঠন • ৩০২৫ বাৰ পঢ়া হৈছে

সংকল্পজিৎ শইকীয়া

অৰণ্যৰ ৰজা সিংহৰ কথাত
হাবিত পাতিছে পূজা,
হাতী, বাঘ আদি সকলো জন্তুৰ
মনত লাগিল মজা।


বাঘৰ পুতেক বাঘেশ্বৰ বৰাই
কিনিলে বল-বেট,
সমনীয়াৰ লগত বাঘৰ পুতেকে
খেলিব হেনো ক্ৰিকেট।


হাতীৰাম গগৈৰ দুয়োটা পুতেক
অতিকে শান্ত-শিষ্ট,
বেলুন, পুতলা একো কিনা নাই
কেৱল খোৱাত ব্যস্ত।


কিয়া ছেল্টছ্ গাড়ীত উঠি
ভালুকে চালে পূজা,
নতুন গাড়ীত উঠি ভালুকীৰ
মনত লাগিল মজা।


ফপৰা শিয়াল আৰু শিয়ালীয়ে
মিঠাইৰ বেপাৰ কৰে,
খঁকুৱা পুতেকে তাৰে আধাখিনি
অকলেই শেষ কৰে।


মলুৱা বান্দৰে  বান্দৰীৰ লগত
পূজাত কৰিলে ইনজয়,
পুতেক দুটাৰ কাৰণে সিহঁতে
পুতলা কিনি লয়।


হৰিণী ওলাল সাজি-কাচি
পূজা চাবলৈ বুলি,
ওঁঠত লিপ্‌ষ্টিক চকুত কাজল
ষ্টাইল কৰিলে চুলি।


অৰণ্যত পূজা পাতে উলাহেৰে 
সকলোটি মিলি-জুলি,
আটায়ে প্ৰাৰ্থনা কৰিছে দেৱীক
সকলোৰে ভাল হওক বুলি।

:
(একাদশ শ্ৰেণী, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়, নগাঁও)

ঠিকনা :
গাঁও : চাংচকী
ডাক : দক্ষিণ চাংচকী
থানা : কামপুৰ
জিলা : নগাঁও (অসম)
পিন : ৭৮২৪২৬
ফোন : ৯৯৫৪৭৬৮৪৮৭/ ৮৪৮৬৬৪১৮৭৮
ই-মেইল : sankalpasaikia006@gmail.com
স
লেখকৰ পৰিচয়

সংকল্পজিৎ শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)