৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সৰল মানুহবোৰৰ মৃত্যু হৈছিল

লেখকঃ অৰুণ গগৈ • প্ৰকাশিতঃ ১৯ মে’, ২০২৬
২ মিনিট পঠন • ১২২১ বাৰ পঢ়া হৈছে

 অৰুণ গগৈ  

 

ৰ’দ বৰষুণ ভালপোৱা মানুহবোৰে

উদং আকাশৰ তলত

উশাহ ল’ব পৰাকৈ জন্ম দিছিল 

এখন সেউজ অৰণ্য

 

হাড় ভঙা পৰিশ্ৰমৰ বিনিময়ত

ওঁঠত ফুলিছিল হাঁহিচম্পা

 

হাতৰ তলৰ ৰেখাবোৰ 

অথবা কপালৰ পথালি আঁচবোৰ

গণনা কৰিব নাজানিছিল বাবে

জনা নাছিল সৰল, উলম্ব 

আৰু বক্ৰৰেখাৰ পাৰ্থক্য

 

লেকামৰ লেলিহান শিখাত দগ্ধ হোৱা

সৰল মানুহবোৰে নাজানিছিল

নেতাৰ নিয়মবিহীন নেওতা 

অথবা জনা নাছিল পৰাধীনতাৰ শিকলি ছিঙি

স্বাধীন হোৱাৰ আখৰা

 

ৰ’দ বৰষুণ ভালপোৱা মানুহবোৰে

বাট কাটি সাজিছিল জীৱনৰ কঠিন বাট

ভোকাতুৰ শিশুবোৰে আকাশলৈ মূৰ তুলি

আগবঢ়াই দিছিল কণমানি দুহাত

 

সৰল মানুহবোৰে ভোকাতুৰ শিশুবোৰক আঁকোৱালি

খোজ দিব নাজানিছিল বেঁকাবেঁকি বাটত

ঈশ্বৰৰ নামত খোৱা নাছিল মিছা শপত

 

ঘোঁৰাৰ লেকাম টনা লগুৱাবোৰে

এদিন হাত দিছিল 

ৰ’দ বৰষুণ ভালপোৱা মানুহবোৰৰ

সেউজ অৰণ্যত

 

কাঢ়ি নিছিল মাটি মুখৰ মাত

কাঢ়ি নিছিল মাটি মানুহৰ হাট

 

সেইদিনা ৰ’দ বৰষুণ ভালপোৱা মানুহবোৰৰ

চকুৰে চকুপানী সৰা নাছিল

সেইদিনা গছবোৰে কান্দিছিল

গছৰ কটা অংশৰে অৰণ্যত তেজৰ নৈ বৈছিল

 

সৰল মানুহবোৰৰ সেইদিনা মৃত্যু হৈছিল

যিয়ে বক্ৰপথত খোজ দিব নাজানিছিল ৷

 

***

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

অ
লেখকৰ পৰিচয়

অৰুণ গগৈ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)