৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নিজে এটা গাহৰি হৈ ঘূৰি আহিছিলোঁ

লেখকঃ নীলাভ সৌৰভ • প্ৰকাশিতঃ ২৫ আগষ্ট, ২০২১
২ মিনিট পঠন • ২০৭৪ বাৰ পঢ়া হৈছে

নীলাভ সৌৰভ


এটা গাহৰি ৰ'দ 

কচুতলিত সেমেকি আছে

কচুপাতত গজাল বৰষুণ

হাত ভৰি মেলি পৰি আছে ফটাকানি পথ

ভঁৰালেটা উঁইৰ অট্টালিকা, ছালখন ৰ'দ

ৰ'দখিনি আকাশ

আকাশ ডাৱৰীয়া

ডাৱৰত পানী

পানীত লতা

লতা নৈ

নৈত বেলি

বেলিটো গাহৰি

গাহৰি কচুতলিত

পাঠক, ৰুচিত যতি চিন দিবলৈ মই কোন

উৰাই ঘুৰাই পঢ়িব পাৰিব

কাৰণ এই বিচৰণে আপোনাক এটা গাহৰি কৰিব 

পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰাব

ঘুৰি আহি ফটাকানি পথৰপৰা নামি কেঁকুৰিটোতে 

আপোনাৰ ঘৰখন আছিল

পদূলি মূৰতে গোহালি এটা আছে

পিছফালে কচুৱনি

চিনি পাইছেনে

চকু মেলি চাওক

কি সলনি হ'ল আপুনি নে ঘৰখন  

ঠিকনা :
দীঘলীআটি, ৰহা, নগাওঁ (অসম)
ডাক সূচাংক : ৭৮২১০৩
ভ্ৰাম্যভাষ: +৯১ ৮৬৪৮ ৮৯০৯০
       +৯১ ৯৪৩৫০ ০৩৮২৪
ন
লেখকৰ পৰিচয়

নীলাভ সৌৰভ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)