৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা থাকে যুগপৎ...

লেখকঃ উদয় কুমাৰ বৰুৱা • প্ৰকাশিতঃ ৩০ মে’, ২০২১
২ মিনিট পঠন • ২৮১০ বাৰ পঢ়া হৈছে

উদয় কুমাৰ বৰুৱা

 

যিবোৰ ভাবনাই পৃথক কৰি ৰাখিছিল

অত কাল সিয়েইচোন ক্ৰমাৎ ওচৰ চপাই আনিছে

 

প্ৰশ্ন হয়:

অনুভৱ কৰিবলে শিপাৰ অস্তিত্ব,

হ’ব লাগে নেকি মাজে মাজে

নিজৰ পৰা বিচ্ছিন্ন

 

একাকি‍ত্বয়ো কেতিয়াবা  দিয়ে নেকি

বন্ধ কৰি ৰাজপথলে খোলা দুৱাৰ

 

চকুত এখন ৰামধেনু আঁকি

কোনে কৈ যায়, কৈ যায় কোনে

‘‘অ মোৰ মাটিৰ মানুহ

সকলো নক্ষত্ৰ নুমাই যোৱাৰ পিচতো

সমস্ত মেঘৰ ছাঁ শেষ হোৱাৰ পিচতো

কবিতা থাকে যুগপৎ’’

 

মৃত্যুৰ দামামাই যেতিয়া কঁপাই থাকে চৌদিশ, কবিতাই তেতিয়াও কয়:

ট্ৰেজেডিও জীৱনৰে এটা

‘ষ্ট্ৰেটেজিক পইণ্ট’

 

তাৰ পৰাই নেদেখিও দেখি এন্ধাৰে-পোহৰে

নদীত নমা দ্বিতীয়াৰ জোন...

উ
লেখকৰ পৰিচয়

উদয় কুমাৰ বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)