৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কিতাপে কি আনে

লেখকঃ ড°জোনালী পাটোৱাৰী বৰা • প্ৰকাশিতঃ ৩০ এপ্ৰিল, ২০২৬
৪ মিনিট পঠন • ১৭৯৬ বাৰ পঢ়া হৈছে
কিতাপে কি আনে
ডাঙৰকৈ চাওক (Zoom)

(২৩ এপ্ৰিল বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে)

ড° জোনালী পাটোৱাৰী বৰা


আমাৰ বাবে কিতাপ বুলিলেই দেউতা৷ নতুন কিতাপ এখন খুলিলেই আজিও দেউতা-দেউতা গোন্ধ এটা পাওঁ৷

মাকে ধৰি আমাৰ চাৰিওটা ল’ৰা-ছোৱালীৰে জন্মদিনত অথবা আন কিবা বিশেষ উপলক্ষত আৰু কেতিয়াবা একো বিশেষ কাৰণ নোহোৱাকৈও দেউতাই আমাক কিতাপ উপহাৰ দিছিল৷ লোকৰ বিয়া-সবাহতো সদায় কিতাপ আৰু প্ৰয়োজনবোধে অৰ্থ সাহায্য কৰিছিল আৰু আমাকো সেই শিক্ষাই দিছিল৷ তিনিজনীকৈ ছোৱালীৰ “কন্যাদায়গ্ৰস্ত পিতৃ” হৈও এদিনলৈও আমাৰ বিয়ালৈ বুলি পাট বা মুগাৰ কাপোৰ অথবা আ-অলংকাৰ কিনি থোৱাৰ কথা নিজেও নাভাবিলে আৰু মাকো ভাবিবলৈ নিদিলে৷ “ভালদৰে পঢ়া-শুনা কৰক, সিহঁত এদিন নিজেই নিজৰ সম্পদ হ’ব৷” -এয়াই আছিল মা-দেউতাৰ বিশ্বাস৷ 

সাতাইছ বছৰ বজালী মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ পাছত চাকৰি জীৱনৰ শেষৰ নটা বছৰ দেউতাই বৰনগৰ মহাবিদ্যালয়ত অধ্যক্ষৰ আসনত আছিল৷ এদিনলৈও গাড়ী চলাবলৈ নিশিকিলে, সদায় বাছতেই অহা-যোৱা কৰিলে৷ হাতৰ বেগখনত অইন কিবা থাকক নাথাকক, কিতাপ দুখন থাকিবই৷ মেজত মেলা কিতাপ এখন, মিহি-মিহিকৈ চোবাই থকা তামোলেৰে গহীন-গম্ভীৰ মুখখন আৰু ডাঠ ফ্ৰেমৰ চছমাৰ আঁ‌ৰত গভীৰ নিমগ্ন দুটা চকু – বহি থকা চকীখন অধ্যক্ষৰেই হওক অথবা হাজাৰ হাজাৰ মাইল ওপৰেদি উৰি থকা উৰাজাহাজৰ বিলাসী আসনখনেই হওক৷ মানুহ একেজনেই৷ হাতত কিতাপখন সহিতে পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন৷ 

এইবেলি বিহুৰ বতৰতে পাঠশালাৰ ঘৰলৈ গৈ পুৰণি আলমাৰি চাফা কৰোঁতে পোৱা কিছুমান কিতাপৰ ফটো (দেউতাৰ স্বাক্ষৰিত৷) মোৰ তলৰ ভনীজনীয়ে মোলৈ পঠাই দিছিল৷ “বিশ্ব গ্ৰন্থ দিৱস” বুলি (যদিওবা কালিয়েই পাৰ হৈ গ’ল৷) তাৰে কেইখন আজি Share কৰিবলৈ মন গ’ল৷

 


প্ৰথমখন কিতাপ পূজ্যপাদ হোমেন বৰগোহাঞি ছাৰৰ “উচ্চাকাংক্ষা।” আমাৰ একমাত্ৰ ভাইটো  (Dr Kaustuv Patowary )ক দেউতাই দিছিল ১৯৯৮ ইং চনৰ ডিচেম্বৰৰ বাৰ তাৰিখে৷ হিচাপ কৰি দেখিছোঁ সেই সময়ত তাৰ বয়স আছিল দহ বছৰ৷ বেচেৰাটোৱে কি বা বুজি পাইছিল ! অথচ বুজা-নুবুজাৰ মাজতে সিও কিতাপখনৰ শেষৰ পৃষ্ঠাটোত তাৰ তেতিয়াৰ নাম আৰু ধাম লিখি থৈছিল (খুব সম্ভৱ দেউতাক অনুসৰণ কৰিয়েই৷) দ্বিতীয়খন কিতাপো বৰগোহাঞি ছাৰৰেই, “স্বাস্থ্যৰ সাধনা”৷ তাকেই দিছিল দুহেজাৰ ষোল চনৰ নৱেম্বৰৰ তিনি তাৰিখে৷ অৰ্থাৎ আজিৰ পৰা ঠিক দহ বছৰৰ আগেয়ে৷ উল্লেখিত দুয়োটা দিনৰ এটাও কিন্তু তাৰ জন্মদিন নহয়৷ উভতি চাই দেখিছো – তাৰে কেইমাহমানৰ আগেয়ে মাত্ৰ নতুন দিল্লীৰ গংগাৰাম হস্পিটেলত দেউতাৰ প্ৰথমটো মেজৰ অপাৰেচন হৈ গৈছিল৷ 

সঁ‌চাকৈয়ে কিতাপত কি যে এক সন্মোহিনী শক্তি লুকাই আছিল দেউতাৰ বাবে! জীৱন জীয়াবলৈ৷ জীৱন জিনিবলৈ৷ নিজৰো৷ লগতে আনৰো৷ 

দেশৰ দক্ষিণ-পশ্চিমৰ আটকধুনীয়া মহানগৰী এখনত সপৰিয়ালে থকা নুমলীয়া ভনীজনীক বাদ দি আমি তিনিটা এতিয়া কৰ্মসূত্ৰে একেখন মহানগৰীতে ওচৰা-উচৰিকৈ থাকোঁ৷ ঘনাই লগালগি হোৱাৰো সুবিধা পাওঁ৷ ভাইটিৰ মুখখন দেখিলেই মোৰ একেবাৰে “উলাহে নধৰে হিয়া”৷ তালৈ আগবঢ়াই দিয়া হৰেক ৰকম ব্যঞ্জনৰে ভৰা ভাতৰ কাঁ‌হীখনলৈ চাই সি প্ৰায়েই কয় – “বাইদেউ, আমি খোৱাটো, বিশেষকৈ ৰাতিৰ সাঁজ এৰিবৰ হ’ল আৰু৷” মই বোলোঁ, হয়তো আকৌ! নহ’লেনো দেউতাই তোমাক সেই তেতিয়াই সেইখন কিতাপ দি থৈছে নে! ভাতৰ গৰাহটো মুখত ভৰাই সি ওপৰলৈ চাই মিচিককৈ হাঁ‌হে৷ ময়ো হাঁ‌হো৷ অথচ মই জানো – তাৰ অন্তৰখনে কান্দে৷ মোৰো৷ কোনেও কাকো নকওঁ৷ কোনেও কাকো নেদেখুৱাওঁ‌৷

 

এৰা, কিতাপে হঁ‌হুৱায়৷

কিতাপে কন্দুৱায়৷

কিতাপেই জীৱন৷

নে জীৱনেই কিতাপ ?

 



(ফটোত সেয়া আমাৰ পাঠশালাৰ ঘৰৰ বাৰাণ্ডাত কণমানি ভাইটি- চছমা আৰু চেণ্ডেল বেলেগৰ, হাতৰ কিতাপখন নিজৰ৷)
ড
লেখকৰ পৰিচয়

ড°জোনালী পাটোৱাৰী বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)