৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চিনাকি চহৰখনৰ মাজেদি এদিন গুচি যাম

লেখকঃ ৰণজিত গগৈ‍ • প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২১
৩ মিনিট পঠন • ২৬০০ বাৰ পঢ়া হৈছে

ৰণজিত গগৈ

কিবা থৈ যাব পাৰিম নে নোৱাৰিম একোতো নাজানো

চিনাকি চহৰখনৰ মাজেদি এদিন গুচি যাম।

যেনেকৈ উকি এটা এৰি থৈ গুচি যায় ৰেল গাড়ীখন

নদীৰ ঘাট এৰি পকনীয়াত পাকঘূৰণি খাই খাই পানী

 

এই চহৰে মোৰ কথা আৰু ক’ব নে নক’ব

একেজনী চৰায়ে একেটা গছৰ ডালতে বহি

একেটা সুৰেৰে গোৱা গীতটোৰেনো

কেইটা বসন্ত পাৰ কৰি দিব

 

এই চহৰ এৰি মই গুচি যোৱাৰ পাছত

আপোনালোক আকৌ আগৰ দৰে

কিদৰে বসন্তৰ বিয়লিবোৰ একগোট হ’ব

মই আৰু কাহানিও নাজানিম।

শুকান গছৰ পাতবোৰ সৰি সৰি

সাৰুৱা হৈ পৰা মাটিখিনিত আকৌ গজি উঠিবনে

ৰসাল ফলৰ গছবোৰ গছৰ ফেৰেঙনিৰে সৰকি অহা শুকান ৰ’দজাকি

একেদৰে হৈ থাকিবনে মিঠা আৰু সজীৱ

এই কথাবোৰ আৰু মই একো নাজানিম

 

মই যে চহৰখনক বিদায় জনাই গুচি যাম

এই কথাটোকে বাৰু চহৰখনে জানিবনে

কেতিয়াবা ? কেনেবাকৈ ?

 

শোকাকুল সময়বোৰত বুকুত শংকা এটাই লোদোৰ-পোদাৰকৈ

নোদোকাটি হৈ আহোঁতে আপোনজনৰ স্পৰ্শৰ ভয়ে

আমাক পিঠিয়া-পিঠি দি আছিল। এই কথাও আৰু কেতিয়াই

কাকো জনাব নোৱাৰিম। সময় সঁচাই কি যে স্পৰ্শকাতৰ

ভালপোৱাৰ তাগিদাতে কৰিব পৰা নাছিলোঁ প্ৰিয়জনকো অকণ স্পৰ্শ

 

মোৰ সেউজীয়া চহৰৰ বুকুলৈ ক্ৰংকিটৰ সপোনবোৰ

উবুৰি খাই পৰিছে। মেদময় চহৰ। মেদময় শৰীৰ।

 

শীতৰ কোমল পুৱাবোৰত চহৰৰ মাজ-মজিয়াৰ বাট-পথবোৰলৈ

আকৌ যৌৱন উভতি আহিছে। শৰীৰ সচেতন হৈ উঠা প্ৰতিজনৰে

পৰস্পৰৰ মুখামুখিত সৌজন্যৰ মুৰ দোঁ খাই পৰিছে।

 

বাটৰ সেউজীয়াবোবত কুঁৱলীৰ কোমল আবিৰ এটাই

বুকুখন কিবা ইমান টানি ধৰিছে।

অচিনা উলাহ এচিকুটে

জুবুৰিয়াই-জপতিয়াই প্ৰথম ভালপোৱাৰ জপনাখন

কিবা হেঁচা-ঠেলা কৰি তুলিছে।

 

এই চহৰৰ বাটতো এদিন ধূলি উৰুউৱা বতাহজাক

বৰকৈ বলিছিল; ইমূৰৰ পৰা সিমূৰলৈ

উৰি ফুৰিছিল যৌৱনমতীয়া ল’ৰা-ছােৱালীজাকৰ

বান্ধোনহীন কিৰীলিবোৰ।

 

চিনাকি চহৰখন এৰি যাম থৈ যাম

অচিনাকি বাট এটাৰে

চিনাকি মানুহখিনি এৰি থৈ যাম

অসহায় মুখ এখনেৰে। হাঁহিলা-হাঁহিলোঁ। মাতিলা মাতিলোঁ।

তাৰ বাদে এই চহৰৰ সতে মোৰ কোনো লেনা-দেনা নাই।

 

ঠিকনা :

ৰণজিত গগৈ

শব্দ প্ৰকাশ, থানা ৰ’ড 

যোৰহাট-১ ম’বাইলঃ ৯৮৫ ৪৩৫ ৪৮০২ 

e-mail-ranjit_jrt@rediffmail.com

ranjitgogoil4@gmail.com

 

ৰ
লেখকৰ পৰিচয়

ৰণজিত গগৈ‍

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)