৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বহেমিয়ান পদ্য

লেখকঃ চন্দন গোস্বামী • প্ৰকাশিতঃ ২৯ মাৰ্চ, ২০২১
৪ মিনিট পঠন • ৯৬৭ বাৰ পঢ়া হৈছে

চন্দন গোস্বামী

শগুণে‍ এৰি যোৱা হাড় চেলেকিবলৈ গাঁও এৰি অহা কুকুৰজাকলৈ মন দি থাকোঁতেই

মুখামুখিকৈ

স্থিৰ এখন ছবিৰ দৰে

নিজৰ

ছবিখন জীৱনৰ 

য‘ত আমি কিছু সময়ৰ আগতে লগ পোৱাৰ কথাটো আৰু

এতিয়া লগ পোৱা তুমি তুমি নহয়

মই মই নহয়

হয় হয় সেইজাক বৰষুণত তিতি-বুৰি জুৰুলি-জুপুৰি হোৱা পৃথিৱীৰ প্ৰথম প্ৰেমিকহালৰ কথাকে আমি অলপ আগতে  তুমি তুমি মই মই

জুইৰ ফিৰিঙতিৰ দৰে কথাটো বগাই বগাই

নল খাগৰি বিৰিণাৰ মাজেৰে আমাৰ কলিজালৈকে শিপোৱা কথাটো সন্ধ্যাৰ চিকেন পোলাও বিৰিয়ানি টেবুলত জমি উঠে

হয় হয় আমি পাতি থকা বহুত কথাত এটা শব্দও ব্যয় নকৰাটো নোহোৱা নহয়

যেন আমাৰ মুখামুখিৰ সেই স্থিৰ আকাশখন

য‘ত আমি সপোন সপোনৰ চেয়াৰ মাৰ্কেটৰ অংশীদাৰজনৰ কাহিনীৰ দৰে ৰুই লোৱা জুমুঠিটো

আমি ৰৈ আছোঁ

কিযে বাৰে-বাংকৰা কথা

যি কথা কিছু সময়ৰ আগতে ক‘লোঁ

তাত এতিয়া সেই নদীখনত

অকন আগতে পলাশ শিমলু মদাৰৰ ফাগুন নামি যোৱাটো হয়

জীৱনটোত ভুলকে সঁচা বুলি কিমান যে  মিছাতে পাৰ কৰিলোঁ

এতিয়া তাত তুমি তুমি মই মই 

নহয় গণিতৰ দৰে জী থকা কথাটো

ফুচকা খাবলৈ ৰৈ থকাৰ দৰেই যেন ভৱিষ্যত

তথাপি লগ হ‘ম

অৰণ্যত গভীৰভাৱে

য‘ত গছে পাতে কথায় প্ৰতি  হয় হয় ক‘ব

ইমানখিনিৰ পিছটো শিলৰ বুকুয়ে পিঠিয়ে স্মৃতিৰ এখন জাহাজ কঢ়িয়াই ওৰে ৰাতি

ওৰে ৰাতি নুবুজাকৈ পাৰ কৰে

নুবুজিবলৈ যিমান পাৰি সিমান যত্নত

যত্নত গজি উঠে পাহৰণিৰ নৈ

নৈখনৰ দৰে নেপাহৰিবলৈ আহাঁ আমি সাঁতোৰো

যিমানেই যত্ন নকৰো টোপনিৰ পিলবোৰে লাহে লাহে মোক কোনো

এখন প্ৰাচীন যুদ্ধভূমিত এৰি অহা কথাটো সহিবলৈ টান লগাটো  যিমান সহজ সিমানেই জটিল

আবেগৰ কোনো কাম নাই ই হেনো পাতি পইচাৰ দৰে

এচেৰেঙা শীতৰ ৰ‘দ গাত লৈ কমলাটোৰ বাকলি গুচাওঁ এফুটা দুফুটাকৈ

বেংকৰ ধাৰৰ বোজা সহিব নোৱাৰি পোহনীয়া আদৰৰ ছাগলীকেইটা কছাইৰ হাতত দি দিয়া

ভোক সহিব নোৱাৰি বাটৰ ভেঁকুৰী তিতাকে সোপাসোপে চোবোৱা

বিল জলাহৰ মাছে শুনে সদাগৰৰ শ্ৰুতলিপি

গঞা জালুৱৈৰ লালিলাং অচিন হৈ আহে

জীৱনটোক ভেঙুচালি কৰা মৃত নগৰখনৰ কথা শুনিবলৈ ৰৈ থকা চুঙা বাদুলিকেইটা

কাঠফুলাৰ বৰ্ণসংকৰ খেতি কৰা কিন্নৰকেইটাৰ

কিমান যে  জীৱনৰ জিনজিননি

জনসভাত ৰাউচিজুৰি কন্দা জন নেতা

ফকীৰৰ টোকাৰীত বেসুৰা গীতৰ ইলিজি

মূৰ তললৈ কৰি থকা ধানৰ থোকটো

ওপৰলৈ কৰি থকাটো

কোনটো ধান কোনটো পতান

কৃষকে চিনে বণিয়াই নুবুজে

চ
লেখকৰ পৰিচয়

চন্দন গোস্বামী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)