৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

হাত

লেখকঃ খনিন্দ্ৰ ভূষণ মহন্ত • প্ৰকাশিতঃ ২৯ মাৰ্চ, ২০২১
৩ মিনিট পঠন • ২৩৭৯ বাৰ পঢ়া হৈছে

 খনিন্দ্ৰ ভূষণ মহন্ত

কণমানিটোৱে হাতখন মুখলৈ নি

চুপি থাকে

হাতে-গালে বগাই থাকে লেলাৱতি

চকুৱে-মুখে নাচে স্বৰ্গীয় সুখৰ ফুল

আইতাই কয়

"গোসাঁয়ে অমৃত সানি পঠিয়াইছে। চুপি খা গোসাঁই, চুপি খা।"

 

হাতবোৰ ডাঙৰ হয়

ফলিত অ-আ লিখি

অমিতা আঁকি ভালপোৱা হাতবোৰে

উকা কাগজত সাজ পিন্ধাবলৈ শিকে

আঙুলিৰ মূৰত কৰা যোগ-বিয়োগ ক'ৰবাত লুকাই যায়

হাতবোৰে ভাবি থাকে বীজগণিতৰ সূত্ৰত

হাতৰ কামেই বা কি !

 

কি আছিল ফ্লেমিঙৰ বাওঁহাতত

কি আছিল মেক্সৱেলৰ সোঁহাতত

একাকাৰ হৈ যায় ইহাত-সিহাত

ছাৰৰ হাতৰ বেতডালে ফুল বাচে কোমল হাতবোৰত

চেটেপ-চেটেপ ...

সোৱাদ আছে মাথোঁ আইৰ হাতৰ ভাতসাঁজত

প্ৰত্যাশা আছে দেউতাৰ হাতত ধৰি দিয়া

প্ৰথম খোজটোত

 

হাতবোৰ কিছু সবল হয়

কি ৰ'দ, কি বৰষুণ

সকলো সামৰি থয় সেই হাতে

সপোনবোৰ আপোন কৰা হেঁপাহত

হাতবোৰ দৌৰে, মাথোঁ দৌৰে...

 

দুবেলা-দুমুঠি খাবলৈ নোপোৱাজনে হাতখন মেলে

দুই এখন হাতে সেই হাত চিনে

বহুজনে পাহৰি পেলায় তেওঁলোকৰো এখন হাত আছে

সামৰ্থবান !

কিমাশ্চৰ্যম ! কিমাশ্চৰ্যম !

 

টেবুলৰ তলেদিও বহুতৰ হাত অগা-দেৱা কৰে

এন্ধাৰৰ বাটত হাতেই খামুচি থাকে

কিছু নিষিদ্ধ উপত্যকা, পাহাৰ-ভৈয়াম

তেনে হাতৰ কিছু বিশেষ স্পৰ্শই জন্ম দিয়ে

নতুন হাতৰ অধিকাৰীৰ

 

এদিন হাতবোৰ থৰক-বৰক হয়

কেলেণ্ডাৰৰ পৰা সময় সৰি পৰাৰ দৰে

ঘনাই পৰে চাহৰ কাপ, পানীৰ গিলাচ

উফৰি পৰা শব্দৰ বজ্ৰাঘাত

শোটোৰা ছালে সহিব নোৱাৰে

অথচ একো ক'বও নোৱাৰে

(কিজানি পাৰে, হয়তো নকয়)

 

কায়িক হাতবোৰৰ উপৰি আমাৰ আৰু এযোৰ হাত আছে

সেই হাতে বিচাৰি ফুৰে

নিজৰ দৰে হাতবোৰ

বুকুৰ হাতবোৰ

(হাত নথকা মানুহৰো সেই হাত থাকে)

সিহঁতে জানে কেনেকৈ নিচুকাব লাগে কোলাত লৈ

কেনেকৈ ছাঁ দিব লাগে কাষত ৰৈ

 

হাতবোৰক এলাই-বাডু নকৰিবা

কোনে জানে

নিঠৰ হোৱাৰ আগত

কোন কাৰ হাতৰ স্পৰ্শলৈ ৰৈ থাকে ?

 

ভ্ৰাম্যভাষ নং : ৯১০১৯৮৬১৪০

খ
লেখকৰ পৰিচয়

খনিন্দ্ৰ ভূষণ মহন্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)