৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নিজকে টুকুৰা টুকুৰ কৰি

লেখকঃ ৰাশ্বেল চৌধুৰী • প্ৰকাশিতঃ ২৭ ফেব্ৰুৱাৰী, ২০২১
২ মিনিট পঠন • ৩৮৫০ বাৰ পঢ়া হৈছে

ৰাশ্বেল চৌধুৰী   

পথৰ মাজত নিজকে টুকুৰা টুকুৰ কৰি ছটিয়াই দি

চিয়ঁৰিলোঁ

যাৰ যি লাগে লৈ যাওক।

ট্ৰেফিক পুলিচ এজনে আহি অবৈধ কাম নচলিব বুলি লাইচেঞ্চ বিচৰাত

দুশৰীয়া কবিতা এটি লিখি দিলোঁ

সি সন্তুষ্ট হৈ গুচি গ’ল

নতুন চাইকেল এখন কিনিবলৈ মোৰ শৈশৱৰ অলেখ নিদ্ৰাহীন ৰাতি লৈ গ’ল

প্ৰাইভেট স্কুলৰ এজন শিক্ষকে তেওঁৰ সন্তানৰ বাবে

স্কুলৰ টিফিন বাকচটি নিলে এজনী আয়ে

চকুলো জমা কৰিবলৈ

জাফ্ৰাণ কালিৰে লিখা সোতৰখন চিটি লৈ গ’ল (প'ষ্ট নকৰা)

ৰঙা ফ্ৰক পিন্ধা এজনী কিশোৰীয়ে

ঠিক বুকু বৰাবৰ তেজলগা হালধীয়া ছাৰ্টটো ল'লে এজন বেকাৰ যুৱকে

আৰু মুঠিত কল্‌মলাই থকা অপমানবোৰ

ভৰাই থ'লে পকেটত

মোৰ অনুচ্চাৰিত তপ্তবোৰ হাঁহি হাঁহি নিলে

এজনী ডাইনীয়ে

(সমাজে দিয়া নাম)

প্ৰচাৰবিমুখ এজন কবিয়ে মুঠি ভৰাই

(নিজৰ প্ৰকাশিত কোনো সংকলন নাই)

দেহত ঘঁহিলে দুখ আৰু হুমুনিয়াহবোৰ

বেলি লহিয়ালত অপ্ৰয়োজনীয় টুকুৰাবোৰ লৈ আগবাঢ়িলোঁ

আৰু পৰুৱাৰ দৰে পাছে পাছে আগবাঢ়িল

মানুহবোৰ।

 

ভ্ৰাম্যভাষ:    ৬০০২০১১১৩৭

শ্ৰব্য ৰূপ
ৰ
লেখকৰ পৰিচয়

ৰাশ্বেল চৌধুৰী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)