লুইত
কিৰণ দাস
ঢোলে
গুমেগুমায় অ’ সোণপখিলী,
এই
যৌৱনতে ক’লৈ পলালি?
(পলাল নে বান?)
টেটৌ মাহীয়ে নাতিনীয়েকৰ বিয়াত কঁপাই দিছিল চোতাল
বানে-গানে মিলাই জমি উঠিছিল এটকীয়া আইৰ ৰাতি৷
সাত জাঁপ মাৰি পীতাম্বৰ পেহাই মৃদংগ খেলিছে
ষাঠিজোপা তামোলৰ মালিক পেহাদেউ।
কঁপাই তোল বৰপুখুৰীৰ পাৰ
নিজানৰ চকুৱেদি ককাই চাই আছে বাৰহটীয়া নাচ।
‘টাওঁ খিটা খিটি টাওঁ টাট্টাও খিটি টাওঁ...
ফাটি ওলাই অহা মৰা তেজ পি খাওঁ।
কঁকলীয়া পথাৰত নৰাপিন্ধা জ্বৰ। পেট বান্ধ পেট বান্ধ
ধান কাটি সিপাৰৰ মেঘনা দাই। আকাশৰ অসুখ চাবলৈ যায়।
‘সভাত প্ৰৱেশী কলিয়া কৃষ্ণকাই
ভোকত কলেমলায় কটহুৱা ৰাধেমাই
ঢলি পৰিল তজবজীয়া সেইহাল চকু লুটিয়াই দে নাট
চিকাৰিয়ে শেলক গোলাপী তলুৱা
চাইটিয়া খাটিয়াখনৰ এহাল ভৰি হেৰাল
‘হুৰাও ৰাও হুৰ হুৰ...
কটানি মাটিত কাঁহিবন সুৰ।
চেৰা বিহুৰ বাকৰিত চকুপানী সৰিছে। কোন মনায়ে ভুকুৱাই কান্দিছে?
সিঁচি সিঁচি সোঁৱৰণিৰ পুখুৰী
অহা বাটেদিয়েই সকলো গৈছেগৈ। বৰঘৰৰ ঘড়ীটোত মাজনিশাৰ
ঘণ্টা বাজিছে...৷

ঠিকনা:
অসমীয়া
বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ
ভ্ৰাম্যভাষ-
৯১০১৮১৩১৭৯
শ্ৰব্য ৰূপ
ল
লেখকৰ পৰিচয়
লুইত কিৰণ দাস
অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।
এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)
মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)