৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কমৰেড

লেখকঃ বেদান্ত নাথ • প্ৰকাশিতঃ ২৮ এপ্ৰিল, ২০২৬
১১ মিনিট পঠন • ২৩২১ বাৰ পঢ়া হৈছে

 বেদান্ত নাথ


চাৰি বছৰমানৰ বিৰতিত সমীৰণদাক হঠাতে লগ পাই গ’লোঁ পানবজাৰত৷ অকস্মাৎ এইদৰে সমীৰণদাক ক’ৰবাত লগ পাই যাব পাৰোঁ বুলি মই সপোনতো ভবা নাছিলোঁ৷ অবিন্যস্ত চুলি৷ আধা পকা আধা কেঁচা এমুখ নুখুৰুৱা দাড়ি৷ বিবৰ্ণ জিন্‌চ৷ এই কেইটা বছৰত মানুহটোৰ যথেষ্ট পৰিৱৰ্তন হৈছে৷ আগৰ চৰ্বিযুক্ত চেহেৰা এতিয়া নাই৷ মই স্থিৰ হৈ কেইমুহূৰ্তমান তেওঁৰ চকুলৈ চাই ৰ’লোঁ৷ চকুত হতাশাৰ চিন স্পষ্ট৷

: বলক, চাহ একাপকে খাই লোৱা যাওঁক৷

জুইশলাৰ বাকচটোৰ পৰা উলিয়াই লোৱা কাঠিটো সমীৰণদাই পুনৰ সোমোৱাই থ’লে৷ ওঁঠৰ কোণত গুজি থোৱা চিগাৰেটটো টি-চাৰ্টটোৰ পকেটত ভৰাই তেওঁ মোৰ লগে লগে সমুখৰ চাহ দোকানখনলৈ খোজ ল’লে৷


কেইটামান নিৰৱ মুহূৰ্ত৷ সমুখত দু’কাপ ধোঁৱা উৰি থকা গৰম চাহ৷ ক’ৰ পৰা আৰম্ভ কৰিম যেন ঠিৰাং কৰিব পৰা নাই৷

: পান বজাৰলৈ কেতিয়া আহিল?


আচলতে মই সুধিব খুজিছিলোঁ—এতিয়া কিহত ব্যস্ত, পান বজাৰত কেনেকৈ? খবৰ এটাও নাপাওঁ, অথচ সপ্তাহটোত এবাৰ পান বজাৰলে নাহিলে নহয় মোৰ৷

: ঔষধৰ হ’লচেল দোকান এখনতে সোমাই আছোঁ৷ কিবা এটা কৰি আকৌ আৰম্ভটো কৰিব লাগিব৷

: এৰা, আৰম্ভটো কৰিবই লাগিব! — মনৰ ভিতৰতে এবাৰ আওঁৰালোঁ মই৷

: পুৰণা কনটেক্টবোৰ নাইকিয়া হোৱাত বৰ বিপদত পৰিছোঁ৷ ক’ৰ পৰা আৰম্ভ কৰিম ধৰিবই নোৱাৰা হৈছোঁ৷

উদাস দৃষ্টিৰে সমীৰণদাই সমুখৰ ব্যস্ত ৰাস্তাটোলৈ চাই পঠিয়ালে৷ মই চাহকাপ হাতত লৈ সোহা এটা মাৰিলোঁ৷ সমীৰণদাক কি বুলি ক’ম—ঠিক শব্দ বিচাৰি পোৱা নাই৷ নিৰৱতাই পৰিৱেশটো অসহজ কৰি তুলিছে৷

সমীৰণদাক প্ৰথম লগ পাওঁতে তেওঁ ডাঙৰ কোম্পানি এটাত মেডিকেল ৰিপ্ৰেজেনটেটিভৰ চাকৰি এটা কৰি আছিল৷ মইয়ো সৰু কোম্পানি এটাত সোমাই নতুনকৈ গুৱাহাটীলৈ আহিছিলোঁ৷ সহজ-সৰল, পৰিশ্ৰমী মানুহজনক সকলোৱে সন্মান কৰি চলে৷ কম দিনৰ ভিতৰতে সমীৰণদা আমাৰ দৰে নতুনকৈ মেডিকেল ৰিপ্ৰেজেনটেটিভৰ চাকৰিত সোমোৱা ল’ৰাবোৰৰ আইডল হৈ উঠিছিল৷

সমীৰণদাক লগ পাবলৈ হ’লে তুমি ফিল্ডত ওলাব লাগিব৷ সৰু-সুৰা ডাক্তৰেতো সমীৰণদাক দেখা পালেই থিয় হৈ দিয়ে৷ সমীৰণদা নবহালৈকে নিজে চেম্বাৰৰ চকীত নবহে৷ মেনেজমেণ্ট সমীৰণদা বুলিলেই কঁপি উঠে৷ কিমান যে মিথ সমীৰণদাক লৈ!

অকল সমীৰণদাই নে—বিজনদা, প্ৰাণজিতদা, বিপুলদা, গৌতমদা—এই আটাইকেইজনেই আছিল আমাৰ চকুত একো একোজন ৰিবেল৷ চেণ্টাৰ অৱ মেডিকেল চেল্‌ছ এণ্ড ৰিপ্ৰেজেনটেটিভছ (CRU)-ৰ দেওবৰীয়া মিটিঙবোৰ কঁপাই থাকিছিল সমীৰণদাহঁতে৷ শ্ৰমিক ৰিপ্ৰেজেনটেটিভৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কিমান যে পৰিকল্পনা, ধৰ্ণা, সমদল৷

পশ্চিমবঙ্গৰ সেই সময়ৰ কমিউনিষ্ট চৰকাৰৰ পৃষ্ঠপোষকতাত শক্তিশালী হৈ উঠা CRU-ৰ প্ৰভাৱ অসমতো আছিল প্ৰবল৷ সপ্তাহিক দেওবৰীয়া মিটিঙবোৰ বাধ্যতামূলক আছিল সকলোৰে বাবে৷ কোম্পানিবোৰত ৰিপ্ৰেজেনটেটিভৰ শ্ৰমিক কাউন্সিল গঠন হৈছিল৷ প্ৰতিবছৰে ব্যয়বহুলভাৱে এনুৱেল কাউন্সিলৰ অধিৱেশন অনুষ্ঠিত হৈছিল৷ অসমতো প্ৰতিবছৰে চেম্বাৰ্ছ অৱ কমাৰ্চত অসমৰ ৰিপ্ৰেজেনটেটিভসকলৰ বছৰেকীয়া অধিৱেশন অনুষ্ঠিত কৰা হৈছিল৷

তাত কলকাতাৰ পৰা অহা কমৰেডসকলৰ ভাষণ শুনি আমি ৰোমাঞ্চিত হৈ উঠিছিলোঁ৷ পৃথিৱীৰ শ্ৰমিক আন্দোলনৰ ইতিহাসৰ ওপৰত তেওঁলোকৰ জ্ঞানৰ  বিস্তৃতি দেখি তবধ মানিছিলোঁ৷ নিজকে কমৰেড বুলি  আমি পতিয়ন গৈছিলো৷

কলকাতাৰ বুকুৰ পৰা জন্ম হোৱা মেডিকেল ৰিপ্ৰেজেনটেটিভসকলৰ এই শ্ৰমিক সংগঠনটো কেৰেলা, দিল্লী, জম্মু-কাশ্মীৰ, পাঞ্জাৱ আৰু উত্তৰ-পূৰ্বলৈ বিয়পি পৰিছিল৷ আঠ ঘণ্টা কামৰ অধিকাৰ, নিম্নতম মজুৰি, PF, অত্যাৱশ্যকীয় মেডিকেল ইনচুৰেন্স—কিমান যে পৰিৱৰ্তন আহিছিল! এই সকলোবোৰ  CRU-ৰেই  অবদান বুলি ক’ব লাগিব ৷


তাৰ নেপথ্যত আছিল সমীৰণদাহঁতৰ দৰে কিছুমান মানুহৰ নেৰা-নেপেৰা প্ৰচেষ্টা আৰু ত্যাগ৷ কিমান ধৰ্ণা, সমদল, বহিৰাজ্যলৈ সঘনাই হোৱা ট্ৰেন্সফাৰৰ বিৰোধিতাত হোৱা আন্দোলনবোৰ…
এতিয়া এই কথাবোৰ ভাবিলে বৰ আচৰিত লাগে৷

বহুতে সংগঠনটোক অনুচিত লাভ উঠাবলৈও ব্যৱহাৰ নকৰিছিল তেনে নহয়৷ কামত হেমাহি কৰা কিছুমানে হ’ব পৰা ডিচিপ্লিনাৰী একচনৰ পৰা ৰক্ষা পাবলৈ সংগঠনটোক ব্যৱহাৰ কৰিছিল৷ উপায়হীন হৈ তেনেবোৰ ক্ষেত্ৰত য়ুনিয়নক ব্যৱহাৰ কৰিবলৈ দিয়াৰ বাবেও সমীৰণদাহঁতৰ দৰে পৰিশ্ৰমী মানুহবোৰৰ কোম্পানিৰ ওচৰত ঋণাত্মক ভাবমূৰ্তি এটা গঢ়ি উঠিছিল৷ পিছলৈ এই ভাবমূৰ্তিটোৱেই অধিক ব্যাপক হৈ ভাল কথাবোৰ তল পৰি ৰৈছিল৷

পশ্চিমবঙ্গৰ কমিউনিষ্ট চৰকাৰৰ পতনৰ লগে লগে কথাবোৰ সলনি হৈ আহিল৷ পশ্চিমবঙ্গত শ্ৰমিক আন্দোলনটোৱে চৰকাৰী পৃষ্ঠপোষকতা হেৰুৱাই পেলোৱাৰ প্ৰভাৱ উত্তৰ-পূৰ্বতো পৰিল৷ সংগঠন দুৰ্বল হৈ আহিল৷ লগে লগে নতুন টেকন’লজি আৰু কোম্পানিয়ে আমদানি কৰা নতুন নতুন পলিচিয়ে পুৰণা মানুহবোৰক ক্ৰমাৎ মূলসূঁতিটোৰ পৰা বিচ্ছিন্ন কৰি আঁতৰাই লৈ গ’ল৷ পৰিৱৰ্তনৰ এক সাংঘাতিক সময়ৰ সাক্ষী আমি৷

আমিবোৰ যেতিয়া নিত্য-নতুন পৰিৱৰ্তনৰ লগত তাল মিলাই উত্তৰণৰ জখলা বগালোঁ, সমীৰণদাহঁতৰ দৰে সৰল অথচ পৰিৱৰ্তনৰ লগত খাপ খাবলৈ ইচ্ছা নকৰা মানুহবোৰ য’ত আছিল তাতেই ৰৈ গ’ল৷ আদৰ্শ আৰু কেৰিয়াৰৰ সংঘাতত তেওঁলোক বিচ্ছিন্ন হৈ পৰিল৷
কোম্পানিয়ে আমাৰ দৰে নতুনকৈ অহা কম বয়সীয়া উচ্চাকাংক্ষী ল’ৰা কিছুমানক তেওঁলোকৰ ওপৰত মেনেজাৰ কৰি বহুৱাই দিলে৷

পিপল-অৰিয়েণ্টেড ফিল’ছ’ফীৰ পৰা আতৰি বিজনেছ-অৰিয়েণ্টেড হৈ উঠা কোম্পানিয়ে কম বয়সীয়া উচ্চাকাংক্ষী ল’ৰাবোৰক বিচৰামতেই উঠা-বহা কৰাব পাৰিছিল, সেই সুবিধা কোম্পানিয়ে ভালকৈয়ে গ্ৰহণ কৰিলে৷ কোম্পানিৰ এসময়ত ভেঁটি নিৰ্মাণ কৰা মানুহবোৰ লাভ ঘটি দিয়া একো একোটা যন্ত্ৰলৈ পৰিৱৰ্তন‌  হ’ল৷ প্ৰতিজন কৰ্মচাৰীৰ নামত একোটাকৈ নম্বৰ ইছ্যু কৰা হ’ল৷ অৰ্থাৎ একো একোজন মানৱ সম্পদ একোটা নম্বৰ বা সংখ্যা মাত্ৰ হৈ ৰ’ল৷

সমীৰণদাহঁতৰ দৰে প্ৰতিবাদী সত্তাবোৰৰ বাবে এইয়া আছিল মোহভংগৰ তীব্ৰ যন্ত্ৰণাৰ সময়৷ দেওবৰীয়া মিটিংবোৰত মানুহ কমি আহিল৷ নতুনকৈ সোমোৱা ল’ৰাবোৰক সৰহকৈ ইনচেণ্টিভ লাগে, বিনামূলীয়া বিদেশ ভ্ৰমণৰ সুবিধা লাগে৷ তাৰ বাবে সিহঁতে আঠ ঘণ্টাৰ পৰিৱৰ্তে বাৰ ঘণ্টা পৰ্যন্ত কোম্পানিক দিবলৈ আপত্তি নকৰা হ’ল৷ আনকি দেওবাৰেও কোনোৱে কোনোৱে কামলৈ যাবলৈ ল’লে৷ য়ুনিয়নৰ দেওবৰীয়া মিটিংবোৰ নিজম পৰি আহিল৷

মই মুম্বাইলৈ প্ৰথমটো প্ৰমোচনৰ ইণ্টাৰভিউৰ বাবে যাবলৈ ওলাওঁতে সমীৰণদাক মাত লগাই গৈছিলোঁ৷

“প্ৰথম শাৰীৰ মেনেজাৰ হ’বলৈ ওলালেও আপোনালোকৰ দিহা-পৰামৰ্শ লাগিব৷ মেনেজাৰ হ’লোঁ বুলিয়েই ৰাতিটোৰ ভিতৰতে বেলেগ কিবা এটাটো হৈ নপৰোঁ৷”

প্ৰথম পৰ্যায়ৰ মেনেজাৰ হৈয়ো কিছুদিনলৈ মই য়ুনিয়নৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিয়েই চলিছিলোঁ—বাৰ্ষিক মিটিঙলৈ বৰঙণি দিয়া, য়ুনিয়নে ষ্ট্ৰাইক দিলে মোৰ তলৰ ল’ৰাবোৰক ষ্ট্ৰাইকলৈ যাবলৈ অনুমতি দিয়া—এইবোৰ চলি আছিল৷ লাহে লাহে মোৰ আৰু সমীৰণদাহঁতৰ মাজত যোগাযোগ পাতলীয়া হৈ আহিল৷ দেখা-দেখিও কমকৈ হ’বলৈ ধৰিলে৷ সমীৰণদাহঁতৰ লগত লাহে লাহে এক দূৰত্ব নিজে নিজেই গঢ় লৈ উঠিল৷

কেইবাবছৰ ধৰি সমীৰণদাৰ খবৰ এটাও পোৱা নাছিলোঁ৷ মোৰো দ্বিতীয়টো প্ৰমোচন হৈ নৰ্থ-ইষ্টৰ দায়িত্ব ল’বলগীয়া হোৱাৰ পৰা গুৱাহাটীত সৰহীয়াকৈ থাকিবলৈ সময় নোপোৱা হ’লোঁ৷ য়ুনিয়নৰ ধাৰণাটোও যথেষ্ট শিথিল হৈ আহিল৷ তেনেকুৱাতে ক’ভিডে গোটেই পৃথিৱীৰ লগতে দেশৰ জনজীৱন স্তব্ধ কৰি তুলিলে৷ সম্পূৰ্ণ এটা বছৰৰ বাবে ফিল্ড ৱৰ্ক বন্ধ কৰি দিয়া হ’ল৷ সকলো ঘৰতে আৱদ্ধ হৈ পৰিলোঁ৷ এই এটা বছৰত বহু নতুন নতুন পদ্ধতি আৰু কৌশলৰ আমদানি ঘটিল৷ এই গোটেইবোৰে মেডিকেল ইণ্ডাষ্ট্ৰিটোকে সলনি কৰি দিলে৷ ঘৰতে বহি নিজৰ ব্ৰেণ্ড প্ৰমোট কৰাৰ বাবে জুম কল, জুম মিটিং, ৱেবিনাৰৰ উদ্ভৱ হ’ল৷ আগৰ সাধাৰণ কামৰ পদ্ধতি সলনি হৈ যেয়ে-যেনেকৈ পাৰে নিজৰ বজাৰখন ধৰি ৰাখিবলৈ উঠি পৰি লাগিল৷

ক’ভিডে কোম্পানিবোৰৰ দৃষ্টিভংগী সম্পূৰ্ণৰূপে সলাই দিলে৷ বহু সৰু-সুৰা কোম্পানি অন্ধকাৰ সময়চোৱাত টিকি থাকিব নোৱাৰি বন্ধ হৈ যাবলৈ বাধ্য হ’ল৷ হাজাৰ হাজাৰ কৰ্মচাৰী ৰাতিৰ ভিতৰতে কৰ্মহীন হ’ল৷ বহু কোম্পানিয়ে নিয়মীয়াকৈ দৰমহা দিব নোৱাৰা হ’ল৷
ক’ভিড যোৱাৰ পাছত কোম্পানিৰ নীতি আগতকৈ ভালেখিনি কঠোৰ হৈ উঠিল৷ প্ৰতিযোগিতা ইমান বেছি হ’ল যে য়ুনিয়নৰ নীতি-নিয়মৰ প্ৰভাৱ কমাবলৈ য়ুনিয়ন নিজেই বাধ্য হ’ল৷
ক’ভিডৰ পাছতে এবাৰ শুনা পালোঁ—সমীৰণদাহঁতৰ কোম্পানিটো বিক্ৰী হ’বলৈ ওলাইছে৷ কোনোবা এটা ডাঙৰ হাউছে কোম্পানিটো কিনি লৈছে৷ কিন্তু সমস্যাটো হ’ল সেইখিনিতেই৷ কোম্পানিটোৱে সমীৰণদাহঁতৰ দৰে জ্যেষ্ঠ কৰ্মচাৰীসকলক ল’বলৈ অনিচ্ছুক৷ তাৰ সলনি নতুনকৈ সোমোৱা কম বয়সীয়া ল’ৰাবোৰৰ প্ৰতিহে কোম্পানি আগ্ৰহী৷ জীৱনৰ বেছিখিনি সময় কোম্পানি আৰু য়ুনিয়নৰ কাৰণে দিয়া সমীৰণদাক কিবা এটা পৰিমাণৰ টকা দি কোম্পানিৰ পৰা উলিয়াই পঠিওৱা হ’ল৷ কোনেও একো নক’লে৷ আচলতে এতিয়া কোনেও একো ক’ব নোৱাৰে৷ পৰিস্থিতি এতিয়া আগৰ দৰে নহয়—এতিয়া সকলো পুঁজিপতিৰ পক্ষত৷

এইখিনি খবৰ মই পাইছিলোঁ বেলেগৰ মুখত৷ দুই-এবাৰ সমীৰণদাৰ লগত কথা হৈছিল৷ তাৰ পাছত এক দীঘলীয়া বিৰতি৷

সমীৰণদাই শূন্য দৃষ্টিৰে সমুখৰ পথটোলৈ চাই ৰৈছে৷ “অলপমান টকা নিদিয়া নহয়, কিন্তু সেইখিনিয়ে জীৱনটো চলাবলৈ যথেষ্ট নহয়৷” সমীৰণদাৰ মাতত হতাশাৰ চিন সুস্পষ্ট৷

: ছোৱালীজনীয়ে য়ুনিভাৰ্চিটিত চিট পাইছে—তাইকো পঢ়ুৱাব লাগিব৷ মাৰ গাটোও প্ৰায়েই বেয়া হৈ থাকে৷ বয়স হৈছে দিয়াচোন৷

মই উত্তৰ দিয়াৰ শব্দ বিচাৰি পোৱা নাই৷ আমাক হাতত ধৰি কাম শিকোৱা, নৈতিকতাৰ পাঠ পঢ়োৱা, সিংহৰ দৰে দপদপাই থকা মানুহজন এতিয়া এটা ডিষ্ট্ৰিবিউটৰৰ সাধাৰণ কৰ্মচাৰী৷ পাৰিবনে সমীৰণদাই মালিকৰ নিৰ্দেশ শুনিব? কোনোবা অনা-অসমীয়া মালিকৰ ৰুক্ষ ব্যৱহাৰ সহ্য কৰিব? নোৱাৰিলে হ’ব জানো? ছোৱালীজনীৰ পঢ়া শেষ কৰিব লাগিব, অসুস্থ মাকক চিকিৎসা কৰিব লাগিব, নিজেও জীয়াই থাকিব লাগিব৷ এতিয়া নতুনকৈ সমীৰণদাক কোন কোম্পানিয়ে চাকৰি দিব !

চাহকাপ ইতিমধ্যে শেষ হৈছে৷ মই জানো সমীৰণদা এতিয়া বেছি সময় মোৰ লগত বহি থাকিব নোৱাৰে৷ সমীৰণদাক অলপ সহায় কৰিবলৈ ইচ্ছা হৈছিল, কিন্তু স্বাভিমানী মানুহজনৰ কেনেবাকৈ কৰবাত আঘাত লাগে যদি!

সমীৰণদাৰ নম্বৰটো মোৰ নতুন মোবাইলত চেভ কৰি  কল এটা দি দিলোঁ৷

“কল কৰিব৷ মইয়ো খবৰ লৈ থাকিম৷ কিবা সহায় কৰিব পৰা থাকিলে জনাব৷”
সমীৰণদা থিয় হ’ল৷ আবেগত মোৰ হাতখন সাৱটি ধৰোঁতে তেওঁৰ চকুদুটা ক্ষন্তেকৰ বাবে সেমেকি উঠিল৷

***

ভ্ৰাম্যভাষ :৭০৯৯০০৬৬৯২

 

ব
লেখকৰ পৰিচয়

বেদান্ত নাথ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)