৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মূল কবিতা: ছাৰা টীজডে’ল

লেখকঃ অনুবাদ:গীতুমণি তালুকদাৰ • প্ৰকাশিতঃ ২৭ জানুৱাৰী, ২০২১
২ মিনিট পঠন • ৩৮৫২ বাৰ পঢ়া হৈছে
অসমীয়া অনুবাদ: গীতুমণি তালুকদাৰ
(ছাৰা টীজডে’ল (৮ আগষ্ট, ১৮৮৪ - ২৯ জানুৱাৰি‍, ১৯৩৩) এগৰাকী আমেৰিকান কবি৷ তেখেতৰ সম্পূৰ্ণ নাম ছাৰা ট্ৰেভ’ৰ টিজডেল৷ তেখেতেই ১৯১৮ চনত  কবিতাৰ বাবে  ‘কলম্বিয়া  বঁটা’ লাভ কৰা প্ৰথমগৰাকী কবি,  যিটো পাছত পুলিৎজাৰ বঁটা (কবিতাৰ ক্ষেত্ৰত) হিচাপে জনা যায়৷)
 

৷৷ দুৰ্গুণ ৷৷
তেওঁলোকে মোৰ ওচৰলৈ আহিছিল
আপোনাৰ দুৰ্গুণবোৰৰ বিষয়ে ক’বলৈ
 
তেওঁলোকে এটা এটাকৈ খুঁচৰিছিল সেইবোৰ
মই চিঞৰি হাঁহিছিলোঁ তেওঁলোকে কোৱাৰ পাছত
 
মই ভালদৰে চিনি পাইছিলোঁ  তেওঁলোক সকলোকে
আগৰে পৰাই
 
অ’হ, তেওঁলোক বিবেচনাশূন্য আছিল, বৰ বিবেচনাশূন্য
 
আপোনাৰ দুৰ্গুণবোৰে মৰম বঢ়াইছিল আপোনাৰ প্ৰতি মোৰ৷

 
৷৷ বসন্তৰ মৌন নিশা ৷৷
 
বসন্তৰ মৌন নিশা
চৌদিশ আমোলমোল
প্ৰতিজোপা গছৰে ফুল
 
তেওঁলোকলৈ নৈঃশব্দ্যয়ো শান্তি আনে,
নানে মোলৈ
 
মোৰ শান্তি
তেওঁৰ কুচবৃন্তৰ মায়াত বন্দী
আৰু মই বন্দী অনিশ্চয়তাৰ অটলত
 
সকলোৰে বুকুত প্ৰেমৰ জোৱাৰ উঠে দিনে-ৰাতিয়ে
কে‍ৱল মোৰ বুকুতে নিৰৱধি বয় বিষাদৰ নৈখন৷


৷৷ নৱে‍ম্বৰ ৷৷  
পৃথিৱীখন ভাগৰুৱা, বছৰটো পুৰণি,
জঁই পৰা পাতবোৰ পুলকিত মৰহিবলৈ পাই,
শীতলতাত বতাহছাটি কঁপিবলৈ ধৰিছে
য’ত বাদামৰঙী খাগৰিবোৰ শুকাই আছে৷
 
আমাৰ ভালপোৱা মৰহিবলৈ ধৰিছে ঘাঁহবোৰৰ দৰেই
আৰু আমি যে  চুম্বন কৰিছিলোঁ  আৱে‍গবিহীনভাৱে,
অৰ্ধপুলকিত হওঁ পুৰণি মৰম
হেৰাই যোৱালৈ চাই
বতাহৰ দিশে যোৱা পাতবোৰৰ দৰেই৷
অ
লেখকৰ পৰিচয়

অনুবাদ:গীতুমণি তালুকদাৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)