৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অনূদিত কবিতা

লেখকঃ ঝঁ ফ’ল্যাঁ • প্ৰকাশিতঃ ২৭ জানুৱাৰী, ২০২১
৩ মিনিট পঠন • ২০৮৪ বাৰ পঢ়া হৈছে
মূল : ফৰাচী
ঝঁ ফ’ল্যাঁ (Jean Follain)
অনুবাদ : ড° প্ৰশান্ত মিশ্ৰ

(১৯০৩ চনৰ ২৯ আগষ্টত জন্মগ্ৰহণ কৰা ঝঁ ফ’লাঁ (Jean Follain) পেছাত আৰম্ভণিতে অধিবক্তা আৰু পাছলৈ এগৰাকী ন্যায়াধীশ হয়গৈ। ফ্ৰান্সৰ অন্য কবিসকলতকৈ  কিছু পৃথক এই কবিগৰাকীৰ কবিতাত পূব এছিয়াৰ সাহিত্যৰ, ঘাইকৈ জাপানী হাইকুৰ প্ৰতিধ্বনি শুনা যায় বুলি সমালোচকসকলে মত প্ৰকাশ কৰিছে। ১৯৭১ চনৰ ১০ মাৰ্চত ঝঁ ফ’লাঁৰ মৃত্যু হয়।

কুকুৰ আৰু স্কুলীয়া ল’ৰাবোৰ (Dog and School boys, Chien aux ecoliers) আৰু জীৱন (Life, Vie) শীৰ্ষক কবিতা দুটি A. S. Kline-ৰ মূল ফৰাচীৰ পৰা অনূদিত আৰু সংকলিত ইংৰাজী ই-গ্ৰন্থ ‘Selected French Poems from the early to mid 20th Century’-ৰ পৰা লোৱা হৈছে। প্ৰথম কবিতাটিত স্কুলীয়া ল’ৰা আৰু সমবয়সীয়া নিৰাশ্ৰয় কুকুৰ এটাৰ  পিন্ধন-উৰণ আৰু কৰ্মৰ বৈপৰি‍ত্যৰ মাজেৰে মানৱ ব্যতিৰেকে আন জীৱ-জন্তুৰ প্ৰতি কৰুণাৰ ভাব প্ৰকট হৈছে। তদুপৰি, এই চুটি অথচ অৰ্থৱহ কবিতাটিত প্ৰতীকী ৰূপত নিম্নবৰ্গৰ মানুহৰ জীৱনৰ দুখ-দুৰ্দশাৰ ছবি‍ এখনো ফুটি উঠিছে। আনহাতে, দ্বিতীয় কবিতাটিত কবিয়ে দেশৰ কাৰণে প্ৰাণ উৎসৰ্গা কৰা এগৰাকী সৈনিকৰ সতে প্ৰজ্ঞাৰ ধাৰণাৰ সংশ্লেষণ ঘটাইছে। উল্লেখযোগ্য যে মূল কবিতাত থকা ‘আপেল’-ৰ প্ৰসংগ সমগ্ৰ খ্ৰীষ্টীয় মানসৰ জ্ঞান বা প্ৰজ্ঞা, অমৰত্ব আৰু প্ৰলোভনৰ প্ৰতীকী ধাৰণাৰ পৰা উদ্ভূত যেন অনুভৱ হয়। অৱশ্যে, মাধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰৰ নেপথ্যত থকা ‘আপেল আৰু নিউটন’-ৰ সৰ্বজনবিদিত মজাৰ কাহিনীটোও কবিতাটিৰ উপজীৱ্য হ’ব পাৰে।)

 ১. কুকুৰ আৰু স্কুলীয়া ল’ৰাবোৰ

স্কুলীয়া ল’ৰাবোৰে

ধেমালিতেই বৰফৰ টুকুৰাবোৰ ভাঙে

ৰাস্তাৰ দুয়োকাষে

ৰে’লৱে লাইনৰ আশে-পাশে

 

সিহঁতৰ গাত পুৰণি ঊণৰ পোছাক

কঁকালত চামৰাৰ শোভিত বেল্ট্

 

যিটো কুকুৰ

সিহঁতৰ পিছে পিছে আহে

খাবলৈ নাই

এমুঠি অন্নও তাৰ বাবে

 

সি এটা বুঢ়া কুকুৰ

ল’ৰাহঁতৰ বয়সৰ।

 

২. জীৱন 

এটি শিশু ভূমিস্থ হ’ল

এখন বিশাল দেশত

অৰ্ধ শতিকাৰ পাছত

তেওঁ হ’লগৈ এগৰাকী মৃত সৈনিক

আৰু এইজনেই সেই মানুহজন

আমি আৱিৰ্ভাব হোৱা দেখিছিলোঁ

আৰু ভূতলত অধিশায়িত

সম্পূৰ্ণ গধুৰ এটি আপেলৰ মোনা

দুটা বা তিনিটা তাৰ মাজৰে আন্দোলিত 

এটি শব্দ জগতৰ শব্দৰ মাজত

য’ত চৰায়ে গীত গাইছিল

শিলৰ ফলকত পৰি। 

ঠিকনা: 

অসম কৃষি বিশ্ববিদ্যালয়,
যোৰহাট-৭৮৫০১৩
ঝ
লেখকৰ পৰিচয়

ঝঁ ফ’ল্যাঁ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)