সমুদ্ৰ কাজল শইকীয়া
কথাবোৰ এনেকুৱা আছিল,
নখবোৰ দীঘল হৈছে। দাঢ়ি কাটিম বুলি
ভবাতে থাকিল, কটাহে নহ’ল।
কথাবোৰ এনেকুৱা আছিল, ইমান জোৰেৰে
গান বজালে কিবা ভাল নালাগে। অ’ ৰ’বা,
আজি কি হ’ল জানা? আৰম্ভহে হ’ল
কথাখিনি শেষ নহ’ল।
কি হ’ল বুলি তেওঁ নুসুধিলে,
নে মইহে নক’লোঁ মনত নাই।
কথা কৈ থকাৰ মাজতে এবাৰ গমি চালোঁ—
আজি মই বেছিকৈ কথা কৈছোঁ নেকি!
কথাবোৰ আছিল ভাত খোৱা শাক খোৱা কথা।
কিন্তু সেইখিনি সময়তে ভূচিত্ৰাৱলীৰ ৰেখাবোৰ
মচ খাই গৈ বিমূৰ্ত ৰং এসোপাহে ৰৈছিলগৈ
ফুল তুলিবলৈ ছোৱালীহঁত উভতি আহিছিল
প্ৰাচীন পুথি-পাঁজিৰ ভঁৰালটোতো জুই লাগিছিল
কিবা এটা অদ্ভুত চুম্বকীয় কাৰবাৰে
সমস্ত ঘড়ী অচল কৰি দিছিল। আমি
ইজনে সিজনৰ হাতত হাত থৈ
ঢেৰ কথা পাতিবলৈ সুযোগ পাইছিলোঁ।
মই আকৌ বেছি কথা পাতি ভাল নাপাওঁ বুলিও যে
অনৰ্গল কথা পাতি আছিলোঁ,
কথাবোৰ ঠিক তেনেকুৱা আছিল
কথাবোৰ তেনেকুৱা আছিল।
কথাবোৰ এনেকুৱা আছিল,
নখবোৰ দীঘল হৈছে। দাঢ়ি কাটিম বুলি
ভবাতে থাকিল, কটাহে নহ’ল।
কথাবোৰ এনেকুৱা আছিল, ইমান জোৰেৰে
গান বজালে কিবা ভাল নালাগে। অ’ ৰ’বা,
আজি কি হ’ল জানা? আৰম্ভহে হ’ল
কথাখিনি শেষ নহ’ল।
কি হ’ল বুলি তেওঁ নুসুধিলে,
নে মইহে নক’লোঁ মনত নাই।
কথা কৈ থকাৰ মাজতে এবাৰ গমি চালোঁ—
আজি মই বেছিকৈ কথা কৈছোঁ নেকি!
কথাবোৰ আছিল ভাত খোৱা শাক খোৱা কথা।
কিন্তু সেইখিনি সময়তে ভূচিত্ৰাৱলীৰ ৰেখাবোৰ
মচ খাই গৈ বিমূৰ্ত ৰং এসোপাহে ৰৈছিলগৈ
ফুল তুলিবলৈ ছোৱালীহঁত উভতি আহিছিল
প্ৰাচীন পুথি-পাঁজিৰ ভঁৰালটোতো জুই লাগিছিল
কিবা এটা অদ্ভুত চুম্বকীয় কাৰবাৰে
সমস্ত ঘড়ী অচল কৰি দিছিল। আমি
ইজনে সিজনৰ হাতত হাত থৈ
ঢেৰ কথা পাতিবলৈ সুযোগ পাইছিলোঁ।
মই আকৌ বেছি কথা পাতি ভাল নাপাওঁ বুলিও যে
অনৰ্গল কথা পাতি আছিলোঁ,
কথাবোৰ ঠিক তেনেকুৱা আছিল
কথাবোৰ তেনেকুৱা আছিল।
শ্ৰব্য ৰূপ
স
লেখকৰ পৰিচয়
সমুদ্ৰ কাজল শইকীয়া
অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।
এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)
মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)