৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বৃন্দাবন যাত্ৰা

লেখকঃ ধ্ৰুৱকুমাৰ তালুকদাৰ • প্ৰকাশিতঃ ২৬ নৱেম্বৰ, ২০২০
৩ মিনিট পঠন • ২৮৯৩ বাৰ পঢ়া হৈছে
ধ্ৰুৱকুমাৰ তালুকদাৰ
 
(এক)
কিন্‌কিনীয়া এজাক বৰষুণত বাটটো তিতি উঠিছিল। আমি ইজনে সিজনৰ হাতত ধৰা-ধৰিকৈ আহি আছিলোঁ বৃন্দাবনলৈ...
 
ৰাতিৰ চৰাইবোৰ গুচি যোৱাৰ পাছত বৃন্দাবনত ৰাতি পুৱাইছিল। আৰু নাওঁ এখনৰ পৰা কিছুমান ৰঙা-নীলা কপোৰ যমুনাৰ বুকুলৈ দলিয়াই দিছিল 
হেমন্তৰ মেঘবোৰে…
 
ৰঙা কপোৰবোৰ আমি গাত পিন্ধি লৈছিলোঁ আৰু নীলাবোৰ পিন্ধি লৈছিল
বৃন্দাবনবাসীয়ে...
 
(দুই)
পথাৰখন উদং কৰি গৰু আৰু গৰখীয়াবোৰ বিন্ধা-পৰ্বতৰ তলত সোমাইছিল। বৃন্দাবনত ইমানকৈ বৰষুণ নামিছিল…
 
ভিৰৰ মাজত আমি কৃষ্ণক দেখা নাছিলোঁ।  তেওঁ সোহাতৰ কেঞা আঙুলিটোৰে পৰ্বতখন ওপৰলৈ দাঙি ধৰি আছিল। 
 
আমি নন্দৰ ঘৰ পোৱাৰ আগতে এজাক মৌ আকাশলৈ উৰা মাৰিছিল। বৰষুণৰ মাজেৰে...
 
(তিনি)
কৃষ্ণৰ হেৰাই যোৱা আঙুঠিটো আমি পাইছিলোঁ। বৃন্দাবনৰ বাটত ...
 
দধি-লৱণু মথি থকা গোপীসকলে পুৰণি এটা বাটেৰে নন্দৰ ঘৰলৈ আমাক বাট চমুৱাই দিছিল।…
‘‘এইফালে আমাৰ কৃষ্ণৰ ঘৰলৈ বেচি দূৰ নহয়।’’...
 
মেঘবোৰে তেতিয়াই কিছুমান হালধীয়া কাপোৰ গোপীসকলে নেদেখাকৈ 
গছবোৰত আঁৰি থৈছিল।…
 
কৃষ্ণৰ হেৰোৱা আঙুঠিটো আমি সকলোৱে একো একোটা আঙুলিত পিন্ধি লৈছিলোঁ। আৰু কৃষ্ণৰ হাতত ওভতাই দিয়াৰ কথা ভাবিছিলোঁ।…
 
(চাৰি)
‘‘মূৰত ময়ূৰৰ পাখি, হাতত মোহন বাঁহী, মুখত মনোহৰ হাঁহি’’ লৈ কৃষ্ণ ৰৈ আছিল। 
নন্দৰ বাটচ'ৰাত। 
 
আমি গৈ সেইখিনি পোৱাৰ পাছত তেওঁ আমাক কিছুমান খেল দেখুৱাব। এটা সূৰ্যই আন এটা সূৰ্যক ধৰি আনিব।  আৰু আমাৰ আকাশত থকা মেঘবোৰ কাগজৰ  দৰে পুৰি পেলাব। আজি দুপৰীয়া।
শ্ৰব্য ৰূপ
ধ
লেখকৰ পৰিচয়

ধ্ৰুৱকুমাৰ তালুকদাৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)