পঙ্কজ প্ৰতিম বৰদলৈ
ৰাভাদেৱক অসমীয়া জনমানসৰ লগত চিনাকি কৰোৱাৰ প্ৰয়োজন নাই। প্ৰাক্স্বাধীনতাকালীন সময় আৰু উত্তৰ স্বাধীনতা যুগৰ প্ৰায় একুৰি দুবছৰ অসমৰ
সমাজ জীৱনৰ বিষ্ণু ৰাভা এক এৰাব নোৱাৰা অংগ আছিল। অসমৰ মধ্যবিত্ত সমাজত বিষ্ণু
ৰাভা এক মধ্যবিত্ত আৱেগ। এই সমাজখনত ৰাভাৰ গ্ৰহণযোগ্যতা এক
তৰ্কৰ বিষয় যদিও বহুসময়ত ৰাভাক প্ৰয়োজন অনুসাৰে গ্ৰহণযোগ্য
কৰি লোৱা হৈছে বুলি কোৱাতো ভুল নহ’ব। ৰাভাৰ কেৱল মাত্ৰ
সাংস্কৃতিক চিনাকি আৰু বহুল সমাদৃত ‘কলাগুৰু’ উপাধি ৰাভাৰ বহুমুখী প্ৰতিভা আৰু কৰ্মৰাজিক এক গণ্ডীৰ মাজত ৰাখি ৰাভাৰ
আভাক প্ৰতিহত কৰাৰ অসমীয়া মধ্যবিত্ত সমাজৰ নিৰন্তৰ প্ৰয়াসৰ অন্যতম জ্বলন্ত
উদাহৰণ। ৰাভা কেৱল এজন শিল্পী নাছিল। বিষ্ণু ৰাভাৰ ৰাজনৈতিক দৰ্শন, ধৰ্মীয় চেতনা, জনগোষ্ঠীয় বিষয় কেন্দ্ৰিক গৱেষণা,
লোককলা আৰু শাস্ত্ৰীয় নৃত্যৰ তুলনামূলক অধ্যয়ন, ‘প্ৰাগজ্যোতিষ কলা পৰিষদ’-ৰ জৰিয়তে কৰিব খোজা
বিভিন্ন কাৰ্যসূচী আদি বহুবোৰ দিশৰ প্ৰকৃত অধ্যয়ন আজিকোপতি হোৱা নাই৷ বিষ্ণু ৰাভা
আৰু অসমৰ মধ্যবিত্ত সমাজৰ এই সংঘাট পৰ্যালোচনা কৰিলে অসমীয়া মধ্যবিত্ত সমাজৰ
ৰাভাৰ প্ৰতি যি বিভ্ৰান্ত স্থিতি সেয়া বুজিব পাৰি।
বিষ্ণু ৰাভাৰ পৰিৱৰ্তিত ৰাজনৈতিক চেতনাধাৰা তদানীন্তন
অসমীয়া মধ্যবিত্ত সমাজৰ বাবে ৰাভাৰ প্ৰথম অবাঞ্চিত পদক্ষেপ আৰু মূলতঃ এই দিশটোৰ বাবেই
ৰাভাক এই তথাকথিত সমাজখনৰ পৰা আজিও প্ৰণালীবদ্ধভাৱে নিলগাই থোৱাৰ প্ৰয়াস কৰা হয়।
জীৱনৰ প্ৰথম অৱস্থাত গান্ধীজীৰ অহিংস আন্দোলনত বিশ্বাসী ৰাভাই ক্ৰমান্বয়ে অসমৰ
মধ্যবিত্তৰ নেতৃত্বাধীন কংগ্ৰেছৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি মোহাচ্ছন্ন হয় আৰু
সাম্যবাদী ভাৱধাৰাৰ প্ৰতি আকৰ্ষিত হৈ, প্ৰাক্স্বাধীনতাকালীন উত্তপ্ত সময়তে আৰ চি. পি. আই.-ত যোগদান কৰে। কংগ্ৰেছৰ একছত্ৰী সময়কালৰ তথা
স্বাধীনতা লাভৰ পৰৱৰ্তী সময়ৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ দিনত
এয়া আছিল অসমৰ মধ্যবিত্ত সমাজৰ প্ৰতি ৰাভাৰ প্ৰথম প্ৰত্যাহ্বান। অসমৰ জনগণৰ
ৰাজনৈতিক চেতনাক কেইবা দশকো ধৰি স্বাধীনতাৰ আকাংখ্যাৰে নিয়ন্ত্ৰিত কৰি অহা
কংগ্ৰেছৰ লগতে সেই সমাজখনৰ বাবে বিষ্ণু ৰাভাৰ এই বিপৰীতমুখী ৰাজনৈতিক দৰ্শন গ্ৰহণযোগ্য নোহোৱাটোৱেই স্বাভাৱিক৷ ৰাভা আছিল খাটিখোৱা
জনতা সমাজৰ সৰবৰহী, সাৰ্বজনীন নেতা। মধ্যবিত্তীয়
স্থিতাৱস্থাক বিপ্লৱী উগ্ৰপন্থাৰে সলনি কৰাৰ সপোন দেখা সৈনিক শিল্পী আছিল বিষ্ণু
ৰাভা । ১৯৪০-ৰ পৰা ৫০ৰ দশকৰ মাজত লিখা বহুবোৰ বিপ্লৱী গীত আৰু কবিতা অসমীয়া সমাজত সত্তৰ আৰু আশীৰ দশকতহে প্ৰকৃতভাৱে
জনপ্ৰিয় হৈছিল৷ ইয়েই ৰাভাৰ অসমীয়া মধ্যবিত্ত সমাজৰ লগত থকা দূৰত্বকে সূচায়।
সাধাৰণশ্ৰেণী
জনতাৰ লগত ৰাভাৰ আছিল আত্মিক সম্পৰ্ক। ৰাভাৰ জনপ্ৰিয়তা শাসনযন্ত্ৰৰ বাবে আছিল মূৰকামোৰণি। কেৱল মাত্ৰ চৰকাৰী শাসনযন্ত্ৰইহে যে ৰাভাৰ পৰা দূৰত্ব বজাই ৰাখিছিল এনে নহয়, অসমৰ বৌদ্ধিক দিশত বিশেষ প্ৰভাৱ থকা অসম সাহিত্য সভাই বিষ্ণু ৰাভাক ১৯৬০
চনৰ পলাশবাৰী অধিৱেশনৰ সাংস্কৃতিক অধিৱেশনৰ বাবে মাত্ৰ ২৫ টকা বানচ দি নিমন্ত্ৰণ কৰিছিল মিৰ্জাৰ কৃষক ৰাইজৰ আগ্ৰহক
নেওচা দিব নোৱাৰিহে। সভাৰ মূল বিষয়ববীয়া বহুকেইজনেই ৰাভাৰ
সভাত অংশগ্ৰহণ কৰা নাছিল। এই অধিৱেশনৰ
বাহিৰে অসম সাহিত্য সভাই ৰাভাক জীৱিত অৱস্থাত কোনো কাৰ্যসূচীত ভাগ ল’বলৈ দিয়া নাছিল আৰু মৃত্যুৰ পাছতো এখন শোকসভা
অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তাবোধ কৰা নাছিল।
উগ্ৰ বিপ্লৱী চিন্তা-চৰ্চাৰ পৰা ক্ৰমাৎ সমাজবাদী হোৱা ৰাভাই সংসদীয় গণতন্ত্ৰৰে পুনৰ নতুনকৈ পৃথিৱী সজোৱাৰ সপোন দেখিলে। ১৯৫৭ চনৰ সংসদীয়
নিৰ্বাচনত কোকৰাঝাৰৰ পৰা পৰাজয় বৰণ কৰিলে যদিও ই ৰাভাৰ জনপ্ৰিয়তাক ম্লান কৰিব নোৱাৰিলে। কিন্তু ৬২-ৰ চীনা আক্ৰমণে পুনৰবাৰ ৰাভাৰ প্ৰতি থকা অসমৰ
মধ্যবিত্ত সমাজৰ ক্ৰুৰতা প্ৰকাশ কৰিলে। অসমৰ চৰকাৰে চীনা
চৰকাৰৰ সহযোগী বুলি সন্দেহ কৰি বিষ্ণু ৰাভাক হেণ্ডকাফ লগাই তেজপুৰ চহৰৰ মাজেৰে
পদব্ৰজে নি গ্ৰেপ্তাৰ কৰিলে আৰু ৰাভাৰ জনপ্ৰিয়তাৰ বাবে জনতাৰ ৰোষত পৰাৰ ভয়ত
উৰিষ্যাৰ বেহৰামপুৰৰ জেলত বন্দী কৰি থ’লে। কিন্তু, অতি আশ্বৰ্যজনকভাৱে অসমীয়া মধ্যবিত্তৰ কোনো ব্যক্তিয়েই ৰাভাৰ গ্ৰেপ্তাৰৰ
প্ৰতিবাদ কৰাৰ কথা জনা নাযায়। ৰাভা আছিল উগ্ৰ কমিউনিষ্ট গতিকে অসমীয়া মধ্যবিত্তই
বিষ্ণু ৰাভাৰ পৰা দুৰত্ব বজাই ৰাখিছিল। ৰাভাৰ জীৱনকালত ৰাভাৰ বহুবোৰ লেখা অসমীয়া কাকত-আলোচনীয়ে প্ৰকাশ কৰা নাছিল বা তেওঁৰ সাহিত্যকৰ্মৰ
বিশেষ আলোচনাও কৰা নাছিল। মৃত্যুৰ ঠিক এক-ডেৰ বছৰৰ পূৰ্বে
মাত্ৰ ৰাভাৰ সৃষ্টিৰাজিক লৈ কিছু বৌদ্ধিক চিন্তা-চৰ্চা হৈছিল
যদিও, সেয়া সীমিত আছিল। একমাত্ৰ ভূপেন হাজৰিকা সম্পাদিত ‘আমাৰ প্ৰতিনিধি’ এই ক্ষেত্ৰত ব্যতিক্ৰম আছিল। ১৯৬৯
চনৰ ২০ জুলাইৰ দিনটোতে খুব সম্ভৱতঃ
ৰাভাৰ আদ্যশ্ৰাদ্ধ হৈছিল আৰু সেই দিনাই নীল আৰ্মষ্ট্ৰং
চন্দ্ৰত উপস্থিত হৈছিল আৰু ইন্দিৰা গান্ধীয়ে ১৪ টা ব্যক্তিগত বেংকৰ ৰাষ্ট্ৰীয়কৰণ
কৰিছিল আৰু ভূপেন হাজৰিকাই সম্পাদকীয় লিখিছিল “ৰাভা,
চন্দ্ৰ আৰু বেংক”। ৰাভাৰ মৃত্যুত প্ৰকৃত
শ্ৰদ্ধাঞ্জলি জনোৱাত অসমীয়া মধ্যবিত্তই সম্ভৱপৰ সকলো কৃপণালি কৰিছিল। বিষ্ণু ৰাভাৰ বন্দীত্বৰ কালছোৱাত যদি ৰাভাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ চেষ্টা কৰা মুষ্টিমেয় সকলৰ অন্যতম আছিল ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যাৰ বিষ্ণু ৰাভা এতিয়া
কিমান ৰাতি একমাত্ৰ উদাহৰণ বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।
যোৱা দশককেইটাৰ অসমীয়া মধ্যবিত্তৰ বৌদ্ধিক চিন্তাৰ বাহক
আৰু অসমৰ জাতীয় চেতনা-স্পন্দন যথাক্ৰমে অসম সাহিত্য সভা আৰু সদৌ অসম ছাত্ৰ সন্থাই
বিষ্ণু ৰাভাৰ সাংস্কৃতিক দৰ্শনক নিজৰ বিভিন্ন কৰ্মসূচীত ব্যৱহাৰ কৰিছে, যাতে ৰাভাৰ জনমানসত থকা ভাৱমূৰ্তিয়ে এই
সংগঠনসমূহক নিজৰ লক্ষ্য, উদ্দেশ্যক
ৰাইজৰ মাজলৈ লৈ যোৱাত অধিক সহায় কৰে। অসমীয়া মধ্যবিত্ত সমাজৰ উঠি অহা প্ৰজন্মক
অতি কৌশলেৰে ৰাভাৰ ৰাজনৈতিক আৰু বিপ্লৱী চেতনাৰ পৰা দূৰৈত
ৰাখিবৰ বাবে ‘কলাগুৰু’ উপাধি দি ৰাভাৰ
গীত-কবিতাৰ ব্যাপক প্ৰচাৰ কৰি ৰাভাক কেৱল মাত্ৰ এজন শিল্পী হিছাপে চিনাকি দিয়াৰ
এই প্ৰয়াস অসম আন্দোলনকালৰে পৰাই চলি আহিছে। অসমে আন্দোলনৰ নেতাসকলে ৰাভাক এজন
জাতীয়তাবাদী শিল্পী হিচাপে প্ৰক্ষেপ কৰি ৰাভাৰ ৰাজনৈতিক
দৰ্শন আৰু চিন্তাক অতি কৌশলেৰে জনমানসৰ পৰা আতৰাই ৰাখি অসমীয়া মধ্যবিত্তৰ
সুবিধাবাদী চৰিত্ৰকে প্ৰকট কৰিছিল। অসম সাহিত্য সভাই বৰ্তমান আড়ম্বৰেৰে বিষ্ণু ৰাভা
দিৱস উদযাপন কৰে, কিন্তু জীৱিত কালত ৰাভাৰ প্ৰতি সভাৰ কি
স্থিতি আছিল ইতিমধ্যে উল্লেখ কৰিছোঁ।
বিষ্ণু ৰাভাক কেৱল জনজাতীয় পৰিচয়ৰে চিনাকি দিয়াৰ এক
সংঘবদ্ধ প্ৰয়াসো এটা সময়ত চলোৱা হৈছিল আৰু এয়া আছিল ৰাভাক অসমীয়া মধ্যবিত্ত
সমাজৰ পৰা দূৰৈত ৰখাৰ একাণপটিয়া চেষ্টাৰ অংশ। আনহাতে পৰিৱৰ্তিত সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ইয়াৰ
ভ্ৰাতৃ সংগঠন ছাত্ৰ মুক্তিয়ে বিষ্ণু ৰাভাৰ ৰাজনৈতিক পৰিচয়ক সাংস্কৃতিক পৰিচয়তকৈ
অধিক গুৰুত্ব দি নিজকে ৰাভাৰ আদৰ্শৰ প্ৰকৃত ধ্বজাবাহক বুলি প্ৰতিষ্ঠা কৰাৰ এক
প্ৰয়াস কৰা দেখা গৈছে। এয়াও আচলতে ৰাভাৰ প্ৰকৃত বহুমুখী আদৰ্শক
উত্তৰাধিকাৰসূত্ৰে লাভ কৰি ৰাজনৈতিক সুবিধাবাদ আদায় কৰাৰ প্ৰয়াসহে মাত্ৰ।
জীৱিত অৱস্থাত বিষ্ণু ৰাভা অসমীয়া মধ্যবিত্তৰ বাবে আছিল
শংকা আৰু উদ্বেগৰ কাৰণ। প্ৰতিষ্ঠানবিৰোধিতাৰ অন্যতম নিদৰ্শন। জীৱিত ৰাভা আৰু
মৃত্যুৰ পাছৰ ৰাভাৰ পৰিচয় আৰু গুৰুত্ব অসমীয়া সমাজৰ বাবে ভিন্ন। শিল্পী ৰাভা
সৰ্বজন গ্ৰহণযোগ্য। তেওঁৰ নামেৰে
শিল্পী বটাঁ দি বিষ্ণু ৰাভাৰ নামেৰে ভোট কিনাৰ চেষ্টা আজিও
চলি আছে। ‘কলাগুৰু’-ৰ নামত উদযাপিত
দিৱসত উঠি অহা ল’ৰা ছোৱালীয়ে কবিতা আওঁৰাই, গীত গায়, নৃত্য কৰে। ৰাভাৰ শিল্পী সত্বাক সংস্কৃতিৰ
বাহক হিচাপে প্ৰচাৰ আৰু প্ৰকাশ কৰাৰ নিৰলস প্ৰচেষ্টা চলি আছে
আৰু চলি থাকিব। পি.এইছ.ডি. গৱেষণাৰ বিষয় হিছাপে ৰাভাৰ আদৰ আছে, কিন্তু বেছিবোৰতেই
ৰাভাৰ সাংস্কৃতিক দিশৰ চৰ্চা। ৰাজ্যৰ এখনো বিশ্ববিদ্যালয়ে ৰাভাৰ সকলো দিশ সামৰি
কোনো ছিৰিয়াছ গৱেষণাৰ নজিৰ নাই। আনহাতে বিপ্লৱী ৰাভা বৰ্জনীয়। আজিও সৰ্বজন গ্ৰহণযোগ্য নহয়। মধ্যবিত্ত অসমীয়া সমাজৰ বাবে সেইজন ৰাভা অচিনাকি হৈ থকাটোৱেই মংগল। এই কাৰ্য বাস্তৱায়িত কৰাৰ দৃঢ় চেষ্টা আজিও চলি আছে। ৰাভাৰ
ৰাজনৈতিক দৰ্শনক একাষৰীয়া কৰি ৰাভাৰ জনপ্ৰিয়তা জাতীয় সংগঠনৰ বাবে ৰাইজৰ ওচৰ
চপাৰ উত্তম আহিলা।
বিষ্ণু ৰাভাৰ মৃত্যুৰ অৰ্ধশতিকা পাৰ হোৱাৰ পাছতো তেওঁৰ
বহুমুখী প্ৰতিভাৰ উচিত মূল্যায়ণ আৰু প্ৰকৃত সন্মান প্ৰদান কৰিব নোৱাৰাটোৱেই অসমীয়া মধ্যবিত্তৰ
ৰক্ষণশীলতা পৰিচায়ক। অসমীয়া মধ্যবিত্ত বৌদ্ধিক সমাজে ‘সুন্দৰৰ
পূজাৰী’-ৰ পৰা সৈনিক শিল্পী’-ৰ
পৰিক্ৰমাত আৱদ্ধ কৰি ৰখা বিষ্ণু ৰাভা যিদিনা এই বান্ধোনৰ পৰা মুক্ত হ’ব আৰু অসমীয়া সমাজে ৰাভাৰ বহুমুখী প্ৰতিভাক নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে
ব্যৱহাৰ নকৰি যিদিনা বিষ্ণু ৰাভাৰ প্ৰতিভা আৰু কৰ্মৰাজিৰ প্ৰকৃত মূল্যায়ণ কৰিব
পাৰিব, সেই দিনাহে প্ৰকৃতাৰ্থত বিষ্ণু ৰাভা দিৱস পতাৰ নৈতিক
দায়িত্ব অসমীয়া জাতিয়ে লাভ কৰিব। তেতিয়ালৈকে বিষ্ণু ৰাভা অসমীয়া মধ্যবিত্ত
সমাজৰ সহজলভ্য ‘আৱেগ’-ৰ প্ৰতীক মাত্ৰ।
ঠিকনা:
ৰাষ্ট্ৰপতি ভৱন সংগ্ৰহালয়
ৰাষ্ট্ৰপতি ভৱন, নিউ দিল্লী-১১০০০৪
ফোন নং
৮৮০০৯৪৮৮০৮
ই-মেইল: protimpankaj@gmail.com
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)