৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰ’জীৰ দু:খ সুখ (শিশুগল্প)

লেখকঃ ভৰত ৰাজখোৱা • প্ৰকাশিতঃ ২২ অক্টোবৰ, ২০২০
৫ মিনিট পঠন • ৪৪১৬ বাৰ পঢ়া হৈছে
ৰ’জীৰ দু:খ সুখ (শিশুগল্প)
ডাঙৰকৈ চাওক (Zoom)

ভৰত ৰাজখোৱা

ৰ’জীৰ মনটো বেয়া৷ অকণো ভাল লগা নাই৷ কথাষাৰ তাই সৰু ভাইটি, নীলা, মণি, বৰমাক  আৰু বৰদেউতাকক কেইবাবাৰো ক’বলৈ চেষ্টা কৰিছে৷ কিন্তু তেওঁলোকে তাইক অকণো বুজিবলৈ চেষ্টা কৰা নাই৷ বৰকৈ আমনি কৰি থকা বুলি তাইকহে ধমকি দিছে৷

আজি দুপৰীয়া তাই ভাতেই নাখালে৷ নীলাই বহু চেষ্টা কৰিছিল তাইক খুৱাবলৈ৷ কিন্তু তাই নাখাওঁ বুলি এবাৰ যি সিদ্ধান্ত ল’লে, তাৰ পৰা লৰ-চৰকে নকৰিলে৷

“অ’ ৰ’জী খাচোন, দুটামান খা৷ এইডোখৰ মাছ দিছোঁ চা...৷”— নীলাই ফুচুলাইছিল৷

কিন্তু ৰ’জী অলৰ-অচৰ৷ তাই নাখাওঁ বুলি ভাবিছে যেতিয়া নাখায়েই আৰু৷ তাই ভাতৰ ফালে নাচালেই৷

সৰু ভাইটিয়ে বিস্কুট দুটা লৈ তাইক মাতিছিল৷ এটা সি নিজে খাইছিল৷ আনটো তাইক দিছিল৷ বিস্কুট দেখি যেনিবা তাই খালে৷ সৰু ভাইটিৰ বৰ ফূৰ্তি লাগিল৷ তাই সৰু ভাইটিৰ লগত অলপ খেলিলেও৷

তাই আজি দিনটো আটাইৰে ওচৰে-পাঁজৰেই ফুৰিছে৷ কিন্তু কাৰো কাষলৈ আগৰ দৰে অহা নাই৷ কথাটো সৱে‍ই লক্ষ্য কৰিছে৷ বৰমাকে বৰদেউতাকক কেইবাবাৰো কোৱাও শুনিছে তাই৷

“এইজনীৰ কি হৈছে মন কৰিছানে? আঁতৰি আঁতৰি ফুৰিছে যে তাই৷”

“এৰা, এইজনীৰ খং উঠি থকা যেন লাগিছে৷”— বৰদেউতাকে কৈছিল৷

ৰ’জীৰ সঁচাকৈয়ে খং উঠিছে৷ দেখিবলৈ মন নোযোৱা লেতেৰাডালে তাইক ইবাৰ ঠেলিব, সিবাৰ জোকাব, ভাল লাগে নেকি? সৰু ভাইটিৰ লগত তাৰ কি দোস্তি! আৰু নামটোও কেনেকুৱা! শুনি ভাল নলগা৷ ‘ৰ’কী’-এক্কেবাৰে ইংলিছ নাম৷ কোনজন জ্যোতিষীয়ে দিছিল জানো সেইটো নাম? ছিঃ! আমাৰ গাঁৱে-ভূঞে সেইটো নাম খাপ খায় জানো?

তাইৰ নামটোও ইংলিছ নাম৷ হ’লেও শুনি ইমান ভাল লাগে৷

সি এটা মস্ত গুণ্ডা৷

সি নীলাহঁতৰ ঘৰত থাকিবলৈ আহোঁতে ৰ’জীয়ে প্ৰথমে ভালেই পাইছিল, খেলিবলৈ লগ এটা পালে বুলি৷ সৰু ভাইটি, নীলা আৰু মণিয়ে তাইৰ লগত খেলিয়েই থাকে বাৰু৷ তথাপি, নিজৰ বুলিও কথা এটা আছে নহয়৷

সিহঁতকেইটা স্কুললৈ যোৱাৰ পাছত তাই বৰ অকলশৰীয়া অনুভৱ কৰে৷ অকলে অকলে কিমাননো খেলিব৷ ডাঙৰ হ’লে তাইও বাৰু স্কুললৈ যাব৷ নীলাই নিম বুলি কৈছেই৷

কিন্তু ই গুণ্ডাই প্ৰথম দিনাৰ পৰাই তাইৰ লগত কাজিয়া আৰম্ভ কৰিলেই নহয়৷ ৰ’জীৰ প্লেটৰ পৰা থাপ মাৰি মাংস এডোখৰ লৈ গ’ল৷ তাই আপত্তি কৰিলত সিহে আকৌ বেছিকৈ বকিলে৷ তাৰ মুখখন বৰ চোকা৷

সৰু ভাইটিয়ে আক’ তাকহে বেছি পাত্তা দিয়ে৷ দুইটাই জঁপিয়াই জঁপিয়াই খেলি থকা দেখিলে তাইৰ ক’ৰবালৈ গুচি যাবলৈ মন যায়৷ ই আহিয়েই তাইৰ স্বাধীন জীৱনটোত বহুত অশান্তিৰ সৃষ্টি কৰি দিলে৷ চালা ... হাৰামী!

গুণ্ডাই কেতিয়াবা তাইক জোৰেৰে মাৰি দিয়ে৷ তাই কান্দিবও নোৱাৰে, হাঁহিবও নোৱাৰে৷ তাইৰ সেই অৱস্থাটো সি খুউব উপভোগ কৰে৷ বৰদেউতাকৰ ওচৰত বহি মিচিক-মাচাককৈ হাঁহি তাইৰ ফালে চাই থাকে৷ তেনেকুৱা সময়ত তাৰ মূৰটো চোবাই চোবাই খাবলৈ মন যায় তাইৰ৷

এইবোৰকে ভাবি ভাবি তাই কেতিয়া চোতাল পাৰ হৈ পদূলি পালেগৈ গমকে নাপালে৷ সিহঁতৰ ঘৰৰ কাষৰে ৰাণুৰ বাপেকে কিহবালৈ মাৰি পঠিওৱা ফৰ্মূটি এটা লাগিলহি নহয় তাইৰ মূৰত৷ তাই বৰ দুখ পালে৷ কপালখন ফাটিয়েই গ’ল নেকি? তাই চিঞৰি চিঞৰি ঘৰ পালেহি৷ ফৰ্মূটি লগা ঠাইডোখৰ উখহি আহিল৷

“গৈছিলি নহয় ওলাই৷ পালি এতিয়া মজাটো?”— বৰদেউতাকে আকৌ তাইকহে গালি পাৰিলে৷ তাইৰ চকুপানী ওলাই আহিল৷

তাইৰ চিঞৰ শুনি গুণ্ডাটো ওলালহি৷ সি এতিয়া কম লাজ দিবনে তাইক? তাৰ মুখলৈ নাচাওঁ বুলি ৰ’জীয়ে চকু দুটা মুদি দিলে৷

কিন্তু তাইক আচৰিত কৰি গুণ্ডাটোৱে তাইৰ কাষতে বহি লৈ তাইৰ দুখ পোৱা ঠাইডোখৰ শুঙি শুঙি বিচাৰি লৈ চেলেকিবলৈ ধৰিলে৷ তাইৰ ডিঙিয়েদি নিজে গম নোপোৱাকৈয়ে ‘কুঁই কুইঁ’ শব্দ এটা ওলাই আহিল৷

“হেৰা, আমাৰ কুকুৰপোৱালিহালে দোস্তি কৰিলে হে— চোৱাঁহি আহাঁ৷”— বৰদেউতাকে বৰমাকক কোৱা ৰ’জীৰ কাণত পৰিল৷ তাই চকু দুটা জোৰকৈ মুদি দিলে৷ তাই চকু মেলিলেই কিজানি গুণ্ডাটো আঁতৰি যায়, সেই ভয়ত৷


ঠিকনা : 

কদম, লখিমপুৰ 

ফ’ন : ৯৬৭৮১৭৩৭৯০

ভ
লেখকৰ পৰিচয়

ভৰত ৰাজখোৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)