৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

লতা আৰু ককা

লেখকঃ স্বপ্নালী কলিতা • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২০
২ মিনিট পঠন • ১৯১৮ বাৰ পঢ়া হৈছে

স্বপ্নালী কলিতা

এদিন পুৱা ককাৰ পিঠিত লতা  উঠি ল’লে

ককাক বোলে, ব’লা ককা এৰাবাৰীৰ ফালে৷

 

ককাই বোলে হেৰৌ লতা!

ক’লৈ যাৱ তই?

এৰাবাৰীৰ আমৰ তলত 

ভূতৰ আপোন ঘৰ৷

 

ককা, ককা কিনো কোৱা!

সকলো যে‍ মিছা,

যোৱাৰ ভয়ত কিয় তুমি

মিছা মাতি আছা!

 

ভূতৰ ঘৰত বহি আমি আমৰ জুতি ল’ম,

ৰাহি হোৱা দুটা বাৰু ভূতলৈও থ’ম৷

 

আমাৰ স্কুলৰ ৰাতুল ছাৰক 

তুমি যদি চিনা,

তেনেহ’লে ছাৰে কোৱা

কথাখিনি শুনা৷

 

বিজ্ঞানে আমাক দিছে নতুন নতুন দান,

ভালদৰে চিনি-বুজি লোৱাই আমাৰ কাম৷

ভূত বুলি একো বস্তু পৃথিৱীতেই নাই,

ভয়ৰ বাবে সকলোৱে ভূত দেখা পায়৷

 

সেয়ে ককা, ব’লা ব’লা, এৰাবাৰীলৈ‍ যাম,

গছে-বনে কথা হোৱা উলাহেৰে চাম৷

পকা আমৰ ৰঙা ডালত হাঁকুটি লগাম,

আমৰ কলি চুপি চুপি বনৰ শোভা চাম৷

 

লতাৰ কথা শুনি ককাৰ হোৰাল মুখৰ বাক্,

খোজ ল’লে মনে মনে পিঠিত উঠাই লতাক।

 

 

ঠিকনা :

বৰটিং নাওশলীয়া

জিলা: গোলাঘাট(অসম)

পিন: ৭৮৫৬২৬

ফোন নং: ৯১০১৮৪০৭৫৭

স
লেখকৰ পৰিচয়

স্বপ্নালী কলিতা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)