৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কি অসুখত ভুগিছে সেউজীয়া নাৰীয়ে

লেখকঃ গায়ত্ৰী দেৱী বৰঠাকুৰ • প্ৰকাশিতঃ ২২ জানুৱাৰী, ২০২৬
১ মিনিট পঠন • ২৪৪৭ বাৰ পঢ়া হৈছে

গায়ত্ৰী দেৱী বৰঠাকুৰ

 

কি অসুখত ভুগিছে সেউজীয়া নাৰীয়ে

 

যে খৰস্ৰোতা নদীবোৰে

ক্ৰমাৎ পাহৰি পেলাইছে 

গতিশীলতাৰ  সুপ্ৰাচীন স্বৰলিপি

 

 

আকাশ ধিয়াই বাঢ়িব খোজা গছবোৰে

উদ্ভ্ৰান্তৰ দৰে অকস্মাৎ

আৰম্ভ কৰিছে প্ৰলাপ

 

 

শস্য শ্যামল উপত্যকাত 

হঠাতেই বাজি উঠিছে 

কোনো এক সকৰুণ ৰাগ

 

দলতি বজ্ৰস্য হৃদয়ম্

 

অতৃপ্ত পথাৰত 

সেইয়া  কোনে  কৰ্ষণ কৰিছে 

আদিতম শৃংগাৰ 

 

 

কি অসুখত ভুগিছে সেউজীয়া নাৰীয়ে

 

যে ক্ৰমশঃ টুটি আহিছে 

সগৰ্ভা পৃথিৱীৰ  চম্পাৱতী আয়ুস....

 ***

 

 

ম’বাইল : ৮৮২২৯৪৩০৬৪ 

গ
লেখকৰ পৰিচয়

গায়ত্ৰী দেৱী বৰঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)