৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰশান্ত কুমাৰ দাসৰ গল্প

লেখকঃ ড॰অসীম চুতীয়া • প্ৰকাশিতঃ ২০ ডিচেম্বৰ, ২০২৫
২৭ মিনিট পঠন • ৭৫০ বাৰ পঢ়া হৈছে

 ড॰ অসীম চুতীয়া


আধুনিক সাহিত্যত কাহিনী বা নেৰেটিভ নিৰ্মাণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ এই নেৰেটিভ হৈছে মানৱ জীৱন, অভিজ্ঞতা, স্মৃতি আৰু চেতনাৰ এক জটিল বিন্যাস৷ ফৰাচী সাহিত্যতাত্ত্বিক ৰ’লা ৱাৰ্থে নেৰেটিভ নিৰ্মাণৰ প্ৰসংগ বিশ্লেষণ কৰোঁতে যি বিচিত্ৰতা আৰু বহুমুখিতাৰ প্ৰসংগ উল্লেখ কৰিছে, সেই দৃষ্টিভংগীয়ে আধুনিক আৰু উত্তৰ-আধুনিক সাহিত্য বিশ্লেষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ তাত্ত্বিক আধাৰ প্ৰদান কৰিছে৷ কাহিনীৰ ৰূপ, গঠন, কৌশল আৰু বিষয়বস্তু–এই সকলো মিলিয়েই পাঠৰ অৰ্থ নিৰ্মাণ কৰে৷ কিন্তু বাস্তৱিকতে দেখা যায় যে সাহিত্য আলোচনাত মূলতঃ বিষয়বস্তুকেই প্ৰাধান্য দি আহিছে, আংগিক বা ৰূপগত দিশ বহু সময়ত উপেক্ষিত হৈ পৰিছে৷ অথচ পাঠৰ গভীৰ মৰ্ম উদঘাটনৰ বাবে বিষয় আৰু আংগিক– এই দুয়োটা দিশক সমান গুৰুত্ব দি বিচাৰ কৰাটো একান্তই প্ৰয়োজনীয়৷

এই প্ৰেক্ষাপটত একবিংশ শতিকাৰ অসমীয়া চুটিগল্পৰ ধাৰাত প্ৰশান্ত কুমাৰ দাস এক উল্লেখযোগ্য নাম৷ বিংশ শতিকাৰ শেষ ভাগৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া চুটিগল্পক নতুন বিষয়বস্তু, নতুন কৌশল আৰু নতুন দৃষ্টিভংগীৰে সমৃদ্ধ কৰা গল্পকাৰসকলৰ ভিতৰত তেওঁ অন্যতম৷ ভবেন্দ্ৰনাথ শইকীয়া সম্পাদিত ‘প্ৰান্তিক’ত প্ৰকাশিত ‘পৰ্যৱসন’ শীৰ্ষক গল্পৰ জৰিয়তে আত্মপ্ৰকাশ কৰা দাসে ইতিমধ্যে একাধিক গল্পসংকলনৰ জৰিয়তে নিজৰ গল্পকাৰ পৰিচয় সুদৃঢ় কৰিছে৷ তেওঁৰ গল্পসমূহে আধুনিক মানুহৰ মনোজগত, নিঃসংগতা, অনি(য়তা, অস্তিত্ববোধ আৰু জীৱনৰ অন্তৰ্নিহিত শূন্যতাক গভীৰভাৱে অনুসন্ধান কৰিছে৷

প্ৰশান্ত কুমাৰ দাসৰ গল্পৰ এটা মুখ্য বৈশিষ্ট্য হ’ল– তেওঁৰ দৃষ্টি বাহ্যিক জগতৰ ঘটনাৰ সলনি চৰিত্ৰৰ আভ্যন্তৰীণ মনোজগতৰ ফালে অধিক নিবদ্ধ৷ বাহ্যিক জগত–অৰ্থাৎ সমাজ, ৰাজনীতি, সময় বা ঘটনা দাসৰ গল্পত প্ৰাসংগিকভাৱেই উপস্থিতি ধৰা পৰে৷ ই চৰিত্ৰৰ মনোজগতত প্ৰৱেশ কৰা এক প্ৰভাৱ বা অভিঘাত মাথোন৷ সেয়েহে দাসৰ গল্পত ঘটনা কি কিয় ক’ত কেনেনৈ ঘটিছে– এইবোৰতকৈ অধিক গুৰুত্ব পাইছে সেই ঘটনাবোৰে চৰিত্ৰৰ মনত সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ ধৰণ-কৰণবোৰ৷ এই দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে দাসৰ গল্পত চৰিত্ৰসমূহ সদায় এক মানসিক দোদুল্যমান অৱস্থাত প্ৰত্যক্ষ কৰা যায়৷ এই চৰিত্ৰসমূহ কেতিয়াও সম্পূৰ্ণৰূপে বৰ্তমানত স্থিৰ হৈ থাকিব নোৱাৰে৷ অতীতৰ স্মৃতি চৰিত্ৰসমূহৰ মনত পুনঃপৌনিকভাৱে উভতি আহে– কেতিয়াবা সুখৰ ৰূপ লৈ, কেতিয়াবা বেদনা বা অনুশোচনাৰ ৰূপ লৈ৷ এই স্মৃতিবোৰ নষ্টালজিক নহয়; ই বৰ্তমানৰ চিন্তা, সিদ্ধান্ত আৰু অনুভৱক নিৰ্ধাৰণ কৰে৷ অৰ্থাৎ, অতীত দাসৰ গল্পত মৃতপ্ৰায় অৱস্থা নহয়; ই বৰ্তমানৰ সৈতে সক্ৰিয়ভাৱে জড়িত অনুষংগিক ঘটনাহে৷

একেদৰে, ভৱিষ্যতৰ কল্পনাও দাসৰ চৰিত্ৰৰ মানসিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ৷ এই কল্পনা কেতিয়াবা আশাৰ ৰূপত, কেতিয়াবা পলায়নৰ ৰূপত প্ৰকাশ পায়৷ বৰ্তমানৰ একঘেয়ামি, নিসংগতা আৰু অৰ্থহীনতাৰ পৰা মুক্তি বিচাৰি চৰিত্ৰই কল্পনাৰ পৃথিৱীত আশ্ৰয় লয়৷ এই কল্পনা সদায় বাস্তৱসম্ভৱ বা যুক্তিসংগত হ’বই লাগিব তেনে নহয়; কিন্তু ই মানৱ মনৰ এক প্ৰাকৃতিক প্ৰতিক্ৰিয়া৷ দাসে এই কল্পনাক অসাৰ বুলি নাভাৱে; বৰঞ্চ ই চৰিত্ৰৰ মানসিকতা সন্তুলন ৰখাৰ এক উপায় হিচাপে চিহ্নিত কৰিছে

বৰ্তমানটো দাসৰ গল্পত এক সংকটময় অৱস্থা ৰূপত ধৰা দিছে৷ এই বৰ্তমান একঘেয়া, স্থবিৰ আৰু নিঃসংগতাৰে ভৰা৷ চৰিত্ৰই যেতিয়া এই বৰ্তমানৰ সৈতে মুখামুখি হয়, তেতিয়া তেওঁলোকৰ মন স্বাভাৱিকভাৱে অতীত বা ভৱিষ্যতৰ দিশে ঢলি পৰে৷ এইখিনিতে স্মৃতি আৰু কল্পনাই দোলা দিছে–এটাই বৰ্তমানক ব্যাখ্যা কৰিছে, আনটোৱে বৰ্তমানৰ পৰা সাময়িক মুক্তিৰ পথ দেখুৱাইছে৷ দাসৰ গল্পৰ কেন্দ্ৰীয় দিশটো ইয়াতেই নিহিত আছে৷ অতীত-বৰ্তমান-ভৱিষ্যত– এই তিনিটাৰ মাজত মানুহে সামঞ্জস্য ৰক্ষা কৰি চলিব পাৰে, নে ৰক্ষা কৰি চলিব নোৱাৰে৷ এই মানসিক দোদুল্যমানতা কোনো ব্যক্তিগত দুৰ্বলতা হিচাপে দাসে উপস্থাপন কৰা নাই৷ বৰঞ্চ আধুনিক মানুহৰ অস্তিত্বগত অৱস্থা হিচাপেই ইয়াক দাঙি ধৰিছে৷ আধুনিক সমাজ ব্যৱস্থাত মানুহ বাহ্যিকভাৱে ব্যস্ত, সংযুক্ত আৰু সচল যেন লাগিলেও আভ্যন্তৰীণ জগতখনত তেওঁ অধিকাংশ সময়তে নিঃসংগ আৰু বিভ্ৰান্ত৷ দাসৰ গল্পত এই অন্তৰ্নিহিত বিভ্ৰান্তিকেই মুখ্য বিষয় হিচাপে আগবঢ়োৱা হৈছে৷

সেইবাবে প্ৰশান্ত কুমাৰ দাসৰ গল্প পঢ়িলে অনুভৱ হয় যে কাহিনীটো বাহ্যিক নহয়, আভ্যন্তৰীণ৷ বাহ্যিক ঘটনা, সমাজ বা সময় কেৱল প্ৰবেশদ্বাৰ; প্ৰকৃত কাহিনী গঢ় লৈ উঠিছে চৰিত্ৰৰ মনোজগতত–স্মৃতি, কল্পনা আৰু বৰ্তমানৰ সংকটৰ টনা-আঁজোৰাৰ মাজত৷ এই মানসিকতাই দাসৰ গল্পক গভীৰ, সংবেদনশীল কৰি তুলিছে৷

এই মননশীল দৃষ্টিভংগীৰ স্বাভাৱিক পৰিণতি হিচাপেই প্ৰশান্ত কুমাৰ দাসৰ গল্পত আংগিকৰ ক্ষেত্ৰত নতুনত্ব দেখা যায়৷ আধুনিকতাবাদী আৰু উত্তৰ-আধুনিকতাবাদী সাহিত্যচেতনাৰে দাসে নিজস্ব সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটত গল্পৰ ‘নেৰেটিভ’ পুনৰ্নিৰ্মাণ কৰিছে৷ তেওঁ পৰম্পৰাগত কাহিনী কথনৰ পথ এৰি নতুন কৌশল গ্ৰহণ কৰিছে যদিও সেই কৌশল কৃত্ৰিম বা দৃষ্টিনন্দনৰ বাবে ব্যৱহৃত নহয়৷ ‘ফেণ্টাছী’ৰ ব্যৱহাৰ দাসৰ গল্পৰ বিশেষভাৱে উল্লেখযোগ্য দিশ৷ দাসৰ ফেণ্টাছী বাস্তৱৰ পৰা পলায়নবাদী কৌশল নহয়; ই বাস্তৱৰ সৈতে গভীৰভাৱে সংলগ্ন৷ বাস্তৱ জীৱনৰ কঠোৰতা, আৰ্থ-সামাজিক বঞ্চনা, নিসংগতাবোধ আৰু বৈষয়িক অপূৰ্ণতাই মানুহৰ মন যেতিয়া ক্লান্ত আৰু আহত হৈ পৰে, তেতিয়া ফেণ্টাছী এক মানসিক আশ্ৰয় হিচাপে আত্মপ্ৰকাশ কৰে৷ এই ফেণ্টাছীয়ে বাস্তৱক অস্বীকাৰ নকৰে; বৰঞ্চ ই বাস্তৱৰ অসহনীয় দিশবোৰক সহ্য কৰিব পৰাকৈ মানৱ মনক মানসিক শক্তি যোগায়৷

‘এটা শদিয়াৰ গল্প, আনটো পৃথিৱীৰ’ গল্পটোত এই প্ৰৱণতা স্পষ্ট ৰূপত ধৰা পৰে৷ দাদু চৰিত্ৰটোৰ জীৱন ৰূঢ় বাস্তৱৰ প্ৰতীক– আৰ্থিক অনাটন, সামাজিক অৱহেলা আৰু দৈনন্দিন সংগ্ৰামৰ মাজত বন্দী এক সাধাৰণ নিম্ন মধ্যবিত্ত মানুহ৷ এই বাস্তৱত তেওঁৰ সপোন, প্ৰেম বা মানৱীয় সুখৰ কোনো স্থান নাই৷ কিন্তু একে সময়তে দাদুৰ মনত জন্ম লয় ‘শদিয়া’ নামৰ এক কাল্পনিক চহৰৰ প্ৰসংগই৷ এই শদিয়া কোনো স্বৰ্গীয় অলৌকিক পৃথিৱী নহয়; ই দাদুৰ অপূৰ্ণ আকাংক্ষা, দমন কৰা ইচ্ছা আৰু অবদমিত সুখৰ সমষ্টিগত ৰূপ৷

এইখিনিত দাসে ফেণ্টাছী আৰু বাস্তৱক সমান্তৰালভাৱে আগবঢ়াইছে৷ বাস্তৱ আৰু ফেণ্টাছী পৰস্পৰৰ বিৰোধী নহয়; ইহঁত মানৱ মনৰ দুটা স্তৰ প্ৰতিনিধি৷ বাস্তৱে দাদুক জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিবলৈ বাধ্য কৰে, আৰু ফেণ্টাছীয়ে দাদুক মানসিকভাৱে টিকি থাকিবলৈ সহায় কৰে৷ ‘শদিয়া’ সেইবাবে কেৱল এটা কাল্পনিক স্থান নহয়; ই নিপীড়িত আৰু বঞ্চিত মানুহৰ সমষ্টিগত স্ব›Ÿৰ প্ৰতীক৷ বাস্তৱ জীৱনত যি সুখ, মৰ্যাদা বা স্বীকৃতি সম্ভৱ নহয়, সেইবোৰে ফেণ্টাছীৰ জগতখনত অন্ততঃ কল্পনাৰ ৰূপত হ’লে নিজৰ অস্তিত্ব বৰ্তাই ৰাখে৷

এই দৃষ্টিভংগীৰে চালে ফেণ্টাছী দাসৰ গল্পত কোনো অলংকাৰিক উপাদান নহয়৷ ই এক মানসিক শক্তি– জীয়াই থকাৰ এক অন্তৰ্নিহিত সম্বল৷ ফেণ্টাছীৰ সহায়তে চৰিত্ৰই নিজৰ অস্তিত্বক সম্পূৰ্ণৰূপে ভাঙি পৰাৰ পৰা ৰক্ষা কৰে৷ এইখিনিতে দাসৰ গল্পশিল্পৰ আধুনিকতা নিহিত– মানুহৰ মনোজগতৰ এই সূক্ষ্ম আত্মৰক্ষামূলক প্ৰতিক্ৰিয়াক তেওঁ অত্যন্ত সংবেদনশীলভাৱে ‘নেৰেটিভ’ ৰূপ দিছে৷

সেইবাবে প্ৰশান্ত কুমাৰ দাসৰ ফেণ্টাছী কোনো বিদেশী সাহিত্যিক প্ৰভাৱৰ অনুকৰণ নহয়৷ ই অসমৰ সমাজ-বাস্তৱতা, নিম্ন মধ্যবিত্ত জীৱনৰ অভিজ্ঞতা আৰু সমকালীন মানৱ-সংকটৰ পৰা জন্ম লোৱা এক স্বাভাৱিক শিল্পীসুলভ প্ৰতিক্ৰিয়া৷ সমাজৰ পৰিৱৰ্তনশীল মূল্যবোধ আৰু সাংস্কৃতিক চেতনাৰ পৰাই  জন্ম– এই উপলব্ধি দাসৰ ফেণ্টাছী প্ৰয়োগত স্পষ্টভাৱে প্ৰতিফলিত হৈছে৷

 ‘দ্য ডাউনটাউন’ আৰু ‘ষ্ট’ৰিজ এবাউট দ্য গ্ৰেট টিপিকে’ দৰে সংলাপহীন, চৰিত্ৰহীন গল্পৰ জৰিয়তে প্ৰশান্ত কুমাৰ দাসে বুদ্ধিদীপ্ততাৰ পৰিচয় দিছে৷ এই গল্প দুটাত গল্পৰ চিৰাচৰিত উপাদান পাবলৈ নাই৷ ইয়াত ব্যক্তি নাই, কিন্তু ব্যক্তিৰ অভিজ্ঞতা আছে; ঘটনা নাই, কিন্তু জীৱনৰ গভীৰ অনুভৱ আছে৷ এই আংগিক এই উপস্থাপন দাসৰ বুদ্ধিদীপ্ততাৰ মূল আধাৰ৷

‘দ্য ডাউন টাউন’ মূলতঃ আধুনিক মহানাগৰিক মানৱ-চেতনাৰ এক বিমূৰ্ত মানচিত্ৰ৷ ইয়াত ডাউন টাউন কোনো বিশেষ স্থান নহয়; ই একধৰণৰ মানসিক পৰিসৰ৷ মহানগৰৰ ব্যস্ততা, যান্ত্ৰিকতা আৰু অবিৰাম গতিশীলতাৰ মাজত মানুহে যি ক্লান্তি অনুভৱ কৰে, সেই ক্লান্তিৰ লগত মিহলি হৈ থাকে সপোন আৰু আকাংক্ষা৷ একে সময়তে থাকে প্ৰেমৰ আকুলতা আৰু নৈৰাশ্যৰ ভাৰ৷ দাসে এই সকলো অনুভৱক কোনো নিৰ্দিষ্ট চৰিত্ৰৰ ওপৰত আৰোপ নকৰি সমষ্টিগত চেতনাৰ ৰূপ দিছে৷ ফলত ‘দ্য ডাউন টাউন’ একে সময়তে ব্যক্তিগতো আৰু সামূহিকো হৈ উঠিছে– যেন এখন মহানগৰত বাস কৰা প্ৰায় সকলো মানুহৰ ভিতৰত থকা এক অভিন্ন মানসিক অৱস্থা৷ একেদৰে ‘ষ্ট’ৰিজ এবাউট দ্য গ্ৰেট টিপিকে’ত টিপিকে নামৰ চহৰখন বাস্তৱ জগতৰ কোনো মানচিত্ৰত নাই৷ ই মানুহৰ অন্তৰাত্মাত গঢ় লৈ উঠা এক কল্পিত আশ্ৰয়স্থল৷ জীৱনৰ কোনো এটা মুহূৰ্তত মানুহে অনুভৱ কৰে যে তেওঁ থকা ঠাইখন, যিটো জীৱন লৈ তেওঁ জীয়াই আছে, সেইটো সম্পূৰ্ণ নহয়৷ এই অপূৰ্ণতাৰ অনুভৱেই মানুহক ‘নিজৰ ঠাই’ বিচাৰি ফুৰিবলৈ প্ৰেৰণা দিয়ে৷ টিপিকে সেই মানসিক অনুসন্ধানৰ প্ৰতীক৷ ইয়াত মানুহে শান্তি, পূৰ্ণতা বা স্বীকৃতি লাভ কৰিব পাৰিব– এনে এক বিশ্বাস বা আশাই টিপিকেৰ কল্পনাক জীয়াই ৰাখে৷

এই দুয়োটা গল্পত কাহিনী নাথাকিলেও এক ধৰণৰ অন্তৰ্নিহিত গতিশীলতা আছে৷ এই গতিশীলতা বাহ্যিক ঘটনাৰ পৰা নহয়; ই মানৱ মনৰ চলমান শক্তিৰ পৰা জন্ম হয়৷ পাঠক কোনো ঘটনাৰ উত্তৰ বিচাৰি আগবাঢ়িব নোৱাৰে; বৰঞ্চ নিজৰ অভিজ্ঞতা, অনুভৱ আৰু চিন্তাৰ সৈতে এই ‘নেৰেটিভ’বোৰ মিলাই চাবলৈ বাধ্য হয়৷ এইখিনিতেই এই গল্প দুটাৰ দাৰ্শনিক ইংগিত নিহিত৷ মানুহৰ অস্তিত্ব, অপূৰ্ণতা আৰু মানসিক বিচৰণৰ প্ৰশ্নসমূহ এই সংলাপহীন ‘নেৰেটিভ’ৰ মাজেৰে নিঃশব্দে উত্থাপিত হৈছে৷

সেইবাবে ‘দ্য ডাউনটাউন’ আৰু ‘ষ্ট’ৰিজ এবাউট দ্য গ্ৰেট টিপিকে’ কাহিনীহীন হ’লেও অৰ্থহীন নহয়৷ বৰঞ্চ এই গল্প দুটাৰ মাজেৰে দেখুওৱা হৈছে যে আধুনিক সাহিত্যত ‘নেৰেটিভ’ নিৰ্মাণ কেতিয়াবা ঘটনাৰ অনুপস্থিতিতেই অধিক অৰ্থৱহ হৈ উঠিব পাৰে৷ সংলাপ আৰু চৰিত্ৰৰ সলনি চেতনা, অনুভৱ আৰু অন্তৰ্নিহিত দাৰ্শনিক সংকটক কেন্দ্ৰ কৰি দাসে ৰচনা কৰা এইধৰণৰ গল্পবোৰৰ জৰিয়তে অসমীয়া চুটিগল্পক এক নতুন চিন্তনধাৰাৰ দিশে আগবঢ়াই নিছে৷

যাদুকৰী বাস্তৱবাদ প্ৰশান্ত কুমাৰ দাসৰ গল্পশিল্পত কেৱল এটা অলংকাৰিক কৌশল নহয়; ই হৈছে সামাজিক বাস্তৱতাক অধিক গভীৰ আৰু তীক্ষ্ণভাৱে উন্মোচন কৰাৰ একধৰণৰ সংবেদনশীল উপায়৷ বৰ্হেছ বা গাৰ্সিয়া মাৰ্কেজৰ ৰচনাত দেখা পোৱা যাদুকৰী বাস্তৱতাৰ সৈতে দাসৰ গল্পৰ সাদৃশ্য থাকিলেও, দাসে এই কৌশলক কেতিয়াও হুবহু অনুকৰণ কৰা নাই৷ তেওঁ অসমীয়াৰ সামাজিক পৰিৱেশ, মানৱ সম্পৰ্কৰ ক্ষণভংগুৰতা আৰু নৈতিক সংকটৰ সৈতে ইয়াক সংযোগ কৰিছে৷ ফলস্বৰূপে, দাসৰ যাদুকৰী বাস্তৱতা বিদেশী পৰিৱেশৰ অলৌকিকতাৰ দৰে নহয়; ই অসমীয়াৰ চিৰপৰিচিত বাস্তৱতাৰ মাজতেই অদ্ভুত আৰু বিস্ময়কৰ ৰূপ লৈ আত্মপ্ৰকাশ কৰিছে৷

‘গল্প’ শীৰ্ষক চুটিগল্পটোত উপস্থিত অদ্ভুত জীৱটো প্ৰথম দৃষ্টিত এক অলৌকিক ঘটনা যেন লাগিলেও, ই মূলতঃ সমাজৰ মানৱীয় আচৰণৰ এক কঠোৰ দাপোণ৷ জীৱটোৰ আগমনত সমাজৰ প্ৰথম প্ৰতিক্ৰিয়া হ’ল কৌতূহল আৰু উত্তেজনা৷ কিন্তু সময় বাগৰাৰ লগে লগে সেই কৌতূহল নিস্তেজ হৈ পৰে আৰু দায়িত্ববোধৰ ঠাই লয় উদাসীনতা৷ কোনোবাই সেই জীৱটোৰ দায়িত্ব ল’বলৈ আগ্ৰহ নেদেখুৱায়; সকলোৱে যেন দায়িত্বটো আনৰ ওপৰত ঠেলি দিয়ে৷ এই আচৰণে সমাজৰ স্বাৰ্থপৰ মানসিকতা আৰু মানৱীয় দায়বদ্ধতাৰ অভাৱক উন্মোচিত কৰে৷ ইয়াত অলৌকিক জীৱটোৱে বাস্তৱৰ অন্তনিৰ্হিত নিষ্ঠুৰ সত্যক অধিক স্পষ্ট কৰি তুলিছে৷ একেদৰে ‘পোহন’ গল্পটোত যাদুকৰী বাস্তৱতাৰ প্ৰয়োগ অধিক প্ৰতীকধৰ্মী৷ চৰাইবোৰৰ কাহিনী বাহ্যিকভাৱে অলৌকিক যেন অনুভৱ হ’লেও ইয়াৰ অন্তৰ্নিহিত অৰ্থ সম্পূৰ্ণৰূপে সামাজিক৷ পুহি ৰখা চৰাইবোৰে যেতিয়া নিজৰ ঠাই বিচাৰি উভতি যায় আৰু বন্ধনৰ পৰা মুক্ত হ’ব বিচাৰে, তেতিয়া সেই ঘটনা কেৱল প্ৰাকৃতিক অলৌকিকতা হৈ নাথাকে; ই স্বাধীনতাৰ মৌলিক আকাংক্ষাৰ প্ৰতিফলন হৈ উঠে৷ আধিপত্য আৰু নিয়ন্ত্ৰণৰ মাজত আবদ্ধ হৈ থকা জীৱনে অৱশেষত নিজৰ স্বাভাৱিক মুক্তিৰ পথ বিচাৰে– এই সত্যক দাসে যাদুকৰী বাস্তৱতাৰ সহায়েৰে উপস্থাপন কৰিছে৷

এই গল্পটোত অলৌকিকতা কোনো অচিনাকি বা অবিশ্বাস্য চমক নহয়৷ বৰঞ্চ ই মানুহৰ সামাজিক আচৰণ আৰু ক্ষমতাৰ কাঠামোৰ বিৰুদ্ধে এক নীৰৱ প্ৰতিবাদ৷ চৰাইবোৰে নিজৰ জগতলৈ উভতি যোৱাৰ সিদ্ধান্ত মূলতঃ দমনমূলক ব্যৱস্থাৰ পৰা মুক্তিৰ প্ৰতীক৷ ইয়াত যাদুকৰী বাস্তৱতা বাস্তৱ সমস্যাৰ পৰা আঁতৰি যোৱা নাই; ই সেই সমস্যাক অধিক বোধগম্য আৰু সংবেদনশীল কৰি তোলাত সহায় কৰিছে৷

এইদৰে ‘গল্প’ আৰু ‘পোহন’ত যাদুকৰী বাস্তৱবাদৰ প্ৰয়োগে দেখুৱাইছে যে প্ৰশান্ত কুমাৰ দাসৰ বাবে অলৌকিকতা কোনো পলায়নৰ পথ নহয়৷ বৰঞ্চ বাস্তৱৰ কঠোৰতা, মানৱীয় অৱক্ষয় আৰু স্বাধীনতাৰ সংকটক অধিক তীব্ৰ ৰূপত প্ৰকাশ কৰাৰ এক কাৰ্যকৰী কৌশলহে৷

কল্পবিজ্ঞানভিত্তিক গল্পসমূহত প্ৰশান্ত কুমাৰ দাসৰ লেখকসত্তাই বিশেষকৈ এজন ভৱিষ্যৎ-সচেতন আৰু সতৰ্ক দৃষ্টিসম্পন্ন চিন্তক হিচাপে পৰিচিতি লাভ কৰিছে৷ ‘প্ৰেমৰ টেবলেট’ আৰু ‘ফোনিক্স-ৱান’ গল্প দুটাত তেওঁ বিজ্ঞান-প্ৰযুক্তিৰ সম্ভাৱ্য সুফলতকৈ অধিক গুৰুত্ব দিছে তাৰ অন্তৰালত লুকাই থকা মানৱীয় সংকটলৈ৷ এই গল্পবোৰত বিজ্ঞান কেৱল প্ৰগতিৰ প্ৰতীক নহয়; ই মানুহৰ অস্তিত্ব, অনুভৱ আৰু নৈতিকতাৰ প্ৰতি এক সম্ভাৱ্য হুমকি স্বৰূপে দেখা দিয়ে৷

‘প্ৰেমৰ টেবলেট’ত দাসে এনে এখন ভৱিষ্যৎ সমাজ কল্পনা কৰিছে, য’ত বিজ্ঞান-প্ৰযুক্তিৰ উন্নতিয়ে মানুহৰ জীৱন সহজ কৰাৰ লগতে মানুহৰ অন্তৰ্জগতকো যান্ত্ৰিক কৰি তুলিছে৷ প্ৰেম, স্নেহ বা আবেগ যেন স্বাভাৱিক অনুভৱ হৈ নাথাকি এটা কৃত্ৰিমভাৱে প্ৰস্তুত কৰা যন্ত্ৰত পৰিণত হৈছে৷ প্ৰেমৰ টেবলেটৰ ধাৰণাই মানুহৰ অনুভৱবোৰক নিয়ন্ত্ৰণযোগ্য আৰু ব্যৱস্থাপনাযোগ্য কৰি তোলাৰ ভয়ংকৰ সম্ভাৱনাক ইংগিত দিছে৷ এইখিনিতে দাসে দেখুৱাইছে যে প্ৰযুক্তিৰ অতিৰিক্ত আধিপত্যই মানুহক অনুভূতিসম্পন্ন সত্তাৰ পৰা ধীৰে ধীৰে যন্ত্ৰসদৃশ সত্তালৈ ৰূপান্তৰ কৰিব পাৰে৷ সেইদৰে ‘ফোনিক্স-ৱান’ গল্পটোত যন্ত্ৰ-সভ্যতাৰ আগ্ৰাসন অধিক তীব্ৰ ৰূপত ধৰা পৰে৷ ইয়াত যন্ত্ৰ বা কৃত্ৰিম সত্তা কেৱল মানুহৰ সহায়ক নহয়; ই মানুহৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা এক শক্তিত পৰিণত হয়৷ যন্ত্ৰৰ যুক্তিবাদী, অনুভূতিহীন সিদ্ধান্তই মানৱীয় বিবেচনাক অগ্ৰাহ্য কৰে৷ এই গল্পটোত দাসে ইংগিত দিছে যে যেতিয়া বিজ্ঞান-প্ৰযুক্তি নৈতিকতা আৰু মানৱীয় দায়বদ্ধতাৰ পৰা বিচ্ছিন্ন হয়, তেতিয়া ই সৃষ্টিকৰ্তাকেই নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে৷

এই দুয়োটা গল্পত অনুভূতিহীনতা এক কেন্দ্ৰীয় বিষয়৷ প্ৰযুক্তিনিৰ্ভৰ সমাজত মানুহে নিজকে যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে সংবেদনশীলতা, সহানুভূতি আৰু মানৱীয় মূল্যবোধৰ দৰে বিষয়বোৰ ধীৰে ধীৰে হেৰাই যাব৷ দাসে এই পৰিৱৰ্তনক বৰ্তমানৰ প্ৰযুক্তিনিৰ্ভৰ জীৱনৰ এক স্বাভাৱিক পৰিণতি হিচাপে আগতীয়াকৈ সৰ্তক দৃষ্টি নিক্ষেপ কৰিছে৷

নাট্যধৰ্মী গাঁথনি আৰু দৃশ্যভাগে এই গল্পবোৰৰ প্ৰভাৱ বৃদ্ধি কৰিছে৷ কাহিনীটো একাধিক দৃশ্যত বিভক্ত হোৱাৰ ফলত ঘটনাবোৰ তীব্ৰ গতিত আগবাঢ়ি গৈছে৷ সংক্ষিপ্ত কিন্তু অৰ্থবহ বৰ্ণনাই চৰিত্ৰৰ মানসিক অৱস্থা আৰু সমাজৰ যান্ত্ৰিকতা স্পষ্ট কৰি তুলিছে৷ গল্প দুটাৰ নাট্যধৰ্মী উপস্থাপনে পাঠকক সম্ভাৱ্য ভবিষ্যতৰ ভয়াবহতাৰ মুখামুখি হ’ব পৰাকৈ সাজু কৰি তুলিছে৷

এইফালৰ পৰা ‘প্ৰেমৰ টেবলেট’ আৰু ‘ফোনিক্স-ৱান’ৰ জৰিয়তে প্ৰশান্ত কুমাৰ দাসে কল্পবিজ্ঞানক কেৱল প্ৰযুক্তিগত কৌতূহলৰ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰা নাই৷ বৰঞ্চ মানুহ আৰু যন্ত্ৰৰ সম্পৰ্ক, অনুভূতিৰ অৱলুপ্তি আৰু মানৱীয়তাৰ সংকটৰ দৰে গভীৰ বিষয়সমূহক উন্মোচন কৰাৰ এক শক্তিশালী সাহিত্যিক মাধ্যম হিচাপেহে কল্পবিজ্ঞানক ব্যৱহাৰ কৰিছে৷

চেতনা-স্ৰোত পদ্ধতি প্ৰশান্ত কুমাৰ দাসৰ মননশীল গল্পসমূহত মানুহৰ অন্তৰ্জগত অনাবৃত কৰাৰ এক মুখ্য মাধ্যম হিচাপে ধৰা দিছে৷ ‘পৰ্যৱসন’ আৰু ‘এটা গল্প কিম্বা জীৱনৰ পুনঃপৌনিক খচৰা’ত এই পদ্ধতিৰ ব্যৱহাৰে দাসৰ আগ্ৰহ বাহ্যিক ঘটনাৰ ক্ৰমবিকাশতকৈ অধিক চৰিত্ৰৰ মনত একেলগে চলি থকা চিন্তা, স্মৃতি আৰু অনুভৱৰ সংঘাতৰ ফালে ঢাল লৈছে৷ এই গল্পবোৰত চৰিত্ৰৰ মনোজগতখন যেন এখন ভাঙি-পৰা, খণ্ডিত পৃথিৱী– য’ত চিন্তা একোটা সহজ পথত নচলে, বৰঞ্চ বাৰে বাৰে ঘূৰি ঘূৰি একে বিন্দুলৈ উভতি আহে৷

‘পৰ্যৱসন’ত দেখা পোৱা মানসিক দোদুল্যমানতা আধুনিক মানুহৰ এক মৌলিক অস্তিত্বগত সমস্যাৰ প্ৰতিফলন৷ চৰিত্ৰটোৱে বাহ্যিকভাৱে জীৱনৰ বহু ভূমিকা পালন কৰিছে, কিন্তু ভিতৰত এক গভীৰ শূন্যতা অনুভৱ কৰে৷ এই শূন্যতাৰ উৎস তেওঁ নিজেও স্পষ্টকৈ বুজি নাপায়৷ ফলস্বৰূপে চিন্তা, স্মৃতি আৰু অনুভৱবোৰ একেটা ৰৈখিক যুক্তিত আগবঢ়া নাই; কেতিয়াবা অতীতৰ স্মৃতি উভতি আহে, কেতিয়াবা বৰ্তমানৰ ক্লান্তিয়ে মনক ভাৰাক্ৰান্ত কৰে, কেতিয়াবা আকৌ অৰ্থহীন কিছুমান প্ৰশ্নই মনটোক আৱৰি ধৰে৷ চেতনা-স্ৰোতৰ খণ্ডিত বাক্য আৰু আত্মকথনৰ জৰিয়তে দাসে এই মানসিক অস্থিৰতাক অতি সূক্ষ্মভাৱে দাঙি ধৰিছে৷ ‘এটা গল্প কিম্বা জীৱনৰ পুনঃপৌনিক খচৰা’ত চেতনা-স্ৰোত পদ্ধতি চৰিত্ৰৰ স্ব-বিৰোধী চিন্তাৰ প্ৰকাশৰ এক মুখ্য উপায়৷ ইয়াত চৰিত্ৰটোৱে নিজকে নিজেই প্ৰশ্ন কৰে, সমালোচনা কৰে, আৰু একে সময়তে নিজে লোৱা সিদ্ধান্তসমূহকেই সন্দেহৰ চকুৰে চায়৷ এই স্ব-বিৰোধী চিন্তাধাৰা আধুনিক মানুহৰ অস্তিত্ববাদী সংকটৰ সৈতে গভীৰভাৱে জড়িত৷ জীৱনৰ কোনো স্থায়ী অৰ্থ বা চূড়ান্ত লক্ষ্য নেদেখি মানুহে নিজকে নিজেই এক পুনঃপৌনিক প্ৰশ্নোত্তৰৰ মাজত আবদ্ধ কৰি পেলায়– এই সত্যক দাসে চেতনা-স্ৰোতৰ সহায়েৰে মূৰ্ত ৰূপ দিছে৷

এই গল্পবোৰত আলবেয়াৰ কাম্যুৰ অস্তিত্ববাদী চিন্তাধাৰাৰ সামঞ্জস্য স্পষ্ট৷ কাম্যুৰ দৰে দাসেও মানুহক এক অৰ্থহীন, উদাসীন পৃথিৱীত বিক্ষিপ্ত সত্তা হিচাপে চাইছে– য’ত মানুহে নিজে নিজেই অৰ্থ নিৰ্মাণ কৰিব লাগে, যদিও সেই প্ৰয়াস প্ৰায়েই ব্যৰ্থ হয়৷ এই ব্যৰ্থতাৰ অনুভৱেই জন্ম দিয়ে নিঃসংগতা, বিৰক্তি আৰু একধৰণ গভীৰ মানসিক ক্লান্তি৷ চেতনা-স্ৰোত পদ্ধতিয়ে এই অনুভৱবোৰক কোনো দাৰ্শনিক ব্যাখ্যাৰ মাজেৰে নহয়, বৰঞ্চ জীৱন্ত মানসিক অভিজ্ঞতা হিচাপে উপস্থাপন কৰিছে৷

স্মৃতিচাৰণ এই পদ্ধতিৰ এক গুৰুত্বপূৰ্ণ অংশ৷ অতীতৰ স্মৃতি কেতিয়াও শান্ত বা সুসংগঠিত ৰূপত উভতি নাহে; ই হঠাৎ, অসংলগ্নভাৱে মনত উদয় হয় আৰু বৰ্তমানৰ চিন্তাৰ সৈতে সংঘাত সৃষ্টি কৰে৷ এই সংঘাতেই চৰিত্ৰৰ নিঃসংগতা অধিক তীব্ৰতৰ কৰি তোলে৷ দাসে খণ্ডিত বাক্য, অন্তৰ্মুখী স্বগতোক্তি আৰু আত্মকথনৰ জৰিয়তে এই মানসিক অৱস্থাক অতি সূক্ষ্মভাৱে ৰূপায়িত কৰিছে৷

এইদৰে চেতনা-স্ৰোত পদ্ধতিৰ সফল প্ৰয়োগে ‘পৰ্যৱসন’ আৰু ‘এটা গল্প কিম্বা জীৱনৰ পুনঃপৌনিক খচৰা’ত আধুনিক মানুহৰ অস্তিত্ববাদী যন্ত্ৰণা, স্ব-বিৰোধী চিন্তা আৰু অন্তহীন আত্মঅনুসন্ধানক গভীৰ সাহিত্যিক মাত্ৰা প্ৰদান কৰিছে৷

সমাজ-সচেতন লেখক হিচাপে প্ৰশান্ত কুমাৰ দাসে অসমৰ উগ্ৰপন্থী সমস্যাৰ সময়ছোৱাক কেৱল ৰাজনৈতিক ঘটনাৰ ৰূপত নেদেখি সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত তাৰ কু-প্ৰভাৱ কেনেকৈ পৰিছিল, সেই দিশটোকেই মুখ্য কৰি তুলিছে৷ ‘এপ্ৰিল,’৯৯’ গল্পটোত তেওঁ সন্ত্ৰাস, ভয় আৰু সন্দেহে গঢ়ি তোলা এখন অদৃশ্য কিন্তু শক্তিশালী সামাজিক পৰিৱেশ অতি সংবেদনশীলভাৱে উপস্থাপন কৰিছে৷ ইয়াত উগ্ৰপন্থা কোনো বীৰত্বগাথা বা ৰোমাণ্টিক ৰাজনৈতিক আন্দোলন নহয়; ই হৈছে মানুহৰ স্বাভাৱিক জীৱন-প্ৰবাহ ভাঙি পেলোৱা এক নিষ্ঠুৰ বাস্তৱ৷

গল্পটোত এজন সাধাৰণ, নিতান্তই নিৰ্দোষ মানুহ আকস্মিকভাৱে সন্দেহৰ আৱৰ্ত সোমাই পৰে৷ এই সন্দেহ কোনো প্ৰমাণৰ ওপৰত নিৰ্ভৰশীল নহয়; বৰঞ্চ সময়ৰ ৰাজনৈতিক পৰিৱেশ আৰু ভয়াৰ্ত মানসিকতাৰ ফল৷ চৰকাৰী ব্যৱস্থা আৰু আৰক্ষীৰ সন্দেহপ্ৰবণ দৃষ্টিভংগীয়ে মানুহজনক সম্ভাৱ্য অপৰাধী হিচাপে গণ্য কৰিছে৷ এইখিনিতে দাসে দেখুৱাইছে যে সন্ত্ৰাসৰ সময়ছোৱাত সন্দেহ নিজেই এক প্ৰকাৰৰ শাস্তি হৈ উঠিছিল– যাৰ কোনো আইনগত সীমা বা নৈতিক বাধা নাথাকে৷

আৰক্ষীৰ জেৰাৰ প্ৰক্ৰিয়া, চৰকাৰী ব্যৱস্থাৰ কঠোৰতা আৰু যান্ত্ৰিক আচৰণে গল্পটোৰ চৰিত্ৰটোক ধীৰে ধীৰে সামাজিকভাৱে বিচ্ছিন্ন কৰি তোলে৷ তেওঁ কেতিয়াও দোষী প্ৰমাণিত নহয়; তথাপিও সমাজে তেওঁক স্বাভাৱিকভাৱে গ্ৰহণ কৰিব নোৱাৰে৷ চুবুৰীয়া, আত্মীয় বা পৰিচিত মানুহৰ দৃষ্টিত তেওঁ সন্দেহজনক ব্যক্তি হৈ পৰে৷ এই সামাজিক সন্দেহ আৰু দূৰত্বই চৰিত্ৰটোক নিঃসংগতালৈ ঠেলি দিয়ে– যি নিঃসংগতা শাৰীৰিক পৰ্যায়তকৈ অধিক পৰিমাণে মানসিক৷

এই গল্পটোত দাসে ভয়াৰ্ত সমাজৰ মানসিকতাকো উন্মোচন কৰিছে৷ সন্ত্ৰাসজনিত পৰিৱেশত মানুহে নিজৰ সুৰক্ষাৰ স্বাৰ্থত নীৰৱতা অৱলম্বন কৰে, আনৰ দুখ-দুৰ্দশাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে৷ এই নীৰৱতাই অন্যায়ৰ প্ৰতি একপ্ৰকাৰৰ মৌন সমৰ্থনত পৰিণত হয়৷ ‘এপ্ৰিল,’৯৯’ত এই সামাজিক নীৰৱতা স্পষ্ট– য’ত কোনোবাই পোনে পোনে অত্যাচাৰ নকৰিলেও, কোনেও অন্যায়ৰ বিৰুদ্ধে মাত মাতিব নোখোজে৷ এইদৰে ‘এপ্ৰিল, ‘৯৯’ গল্পটোত প্ৰশান্ত কুমাৰ দাসে দেখুৱাইছে যে সন্ত্ৰাস কেৱল বোমা, গুলি বা সশস্ত্ৰ সংঘাতৰ মাজতেই সীমাবদ্ধ নহয়৷ ই সন্দেহ, ভয় আৰু নিঃসংগতাৰ ৰূপ লৈ সাধাৰণ মানুহৰ জীৱনটোক ছেদেলি-ভেদেলি কৰি পেলাব পাৰে৷ গল্পটো এই দিশৰ পৰাই এক গভীৰ সামাজিক দলিল হৈ উঠিছে৷

ব্যংগ আৰু প্ৰতীকৰ সচেতন ব্যৱহাৰে প্ৰশান্ত কুমাৰ দাসৰ গল্পশিল্পক অধিক তীক্ষ্ণ আৰু প্ৰভাৱশালী কৰি তুলিছে৷ দাসৰ ব্যংগ সস্তীয়া হাস্যৰসৰ স্তৰত সীমাবদ্ধ নহয়; ই গভীৰ সামাজিক সচেতনতা আৰু নৈতিক উদ্বেগৰ পৰা জন্ম লোৱা এক গম্ভীৰ শিল্পীসুলভ অস্ত্ৰ৷ ‘ঈশ্বৰ আৰু মন্ত্ৰী’ গল্পটোত এই ব্যংগ বিশেষভাৱে তীব্ৰ৷ ইয়াত দাসে ৰাজনৈতিক ক্ষমতা, ধৰ্মীয় ভাবাবেগ আৰু ব্যক্তিগত স্বাৰ্থৰ মাজৰ অসংলগ্ন সম্পৰ্কক উন্মোচিত কৰিছে৷ মন্ত্ৰী চৰিত্ৰটোৰ আচৰণত ধৰ্ম, নৈতিকতা আৰু ঈশ্বৰ-ভক্তিৰ কথা থাকিলেও বাস্তৱত সেইবোৰ কেৱল সুবিধাবাদৰ নামান্তৰ মাথোন৷ ব্যংগৰ জৰিয়তে দাসে দেখুৱাইছে যে আধুনিক ৰাজনীতিত ঈশ্বৰো কেতিয়াবা ক্ষমতা আৰু স্বাৰ্থৰ হাতৰ পুতলা হৈ পৰে৷ গল্পটোৰে মাধ্যমেৰে পাঠকক চিন্তা কৰিবলৈ বাধ্য কৰা গল্পকাৰে ব্যংগক এক সূক্ষ্ম কৌশল হিচাপে ব্যৱহাৰ কৰিছে৷৷

প্ৰতীকৰ ব্যৱহাৰো দাসৰ গল্পৰ এক শক্তিশালী দিশ৷ ‘বগ আৰু বকুল’ গল্পটোত বগ আৰু বকুল কেৱল জীৱ-জন্তু বা চৰিত্ৰ নহয়; ই সমাজৰ বিভিন্ন শ্ৰেণী আৰু ক্ষমতা বিভাজনৰ প্ৰতীক৷ বগ শক্তি, আধিপত্য আৰু শোষণৰ প্ৰতিনিধি, আনহাতে বকুল নিষ্পাপ, দুৰ্বল আৰু বঞ্চিত শ্ৰেণীৰ প্ৰতীক৷ এই সহজ প্ৰতীকৰ জৰিয়তে দাসে সামাজিক বৈষম্যৰ এক গভীৰ ছবি আঁকিছে– য’ত ক্ষমতাশালী শ্ৰেণীয়ে স্বাভাৱিকভাৱে দুৰ্বলীক দমনৰ অধিকাৰ নিজৰ বুলি ভাবি লয়৷ একেদৰে ‘কাগজৰ পখিলা’ গল্পটোত পখিলাটো এক সূক্ষ্ম কিন্তু অত্যন্ত অৰ্থবহ প্ৰতীক৷ কাগজৰ পখিলা দেখাত সুন্দৰ, হালধীয়া আৰু উৰন্ত যেন লাগিলেও ই স্থায়ী নহয়, অতি সহজে উৰি যাব পৰা৷ এই পখিলাই আধুনিক সমাজত মানুহৰ দায়িত্ববোধ, সহানুভূতি আৰু নৈতিক প্ৰতিশ্ৰুতিৰ ক্ষণস্থায়ী ৰূপটোক ইংগিত দিছে৷ মানুহে দুখ, অন্যায় বা দুৰ্ঘটনাৰ মুখামুখি হ’লে ক্ষণিকৰ অনুভৱ প্ৰকাশ কৰে, কিন্তু দায়বদ্ধতাৰে বাস্তৱিক দায়িত্ব ল’বলৈ আগবাঢ়ি নাহে– এই মানসিকতাক কাগজৰ পখিলাই অত্যন্ত সংবেদনশীলভাৱে প্ৰতিনিধিত্ব কৰিছে৷

ভাষা প্ৰশান্ত কুমাৰ দাসৰ গল্প শিল্পৰ এক মৌলিক প্ৰকাশ৷ তেওঁৰ গল্পৰ ভাষাত এক সূক্ষ্ম কাব্যিকতা অনুভৱ কৰা হয়৷ উপমা, চিত্ৰকল্প আৰু লয়যুক্ত বাক্যগাঁথনিয়ে দাসৰ ভাষাক সংবেদনশীল কৰি তুলিছে আৰু ইয়ে পাঠকক কাহিনীৰ চৰিত্ৰৰ মনোজগতৰ আভ্যন্তৰত প্ৰৱেশৰ বাট মুকলি কৰি দিয়ে৷ এই কাব্যিকতা কোনো অলংকাৰিক আড়ম্বৰপূৰ্ণ নহয়; ই ভাববস্তুক অধিক গভীৰ আৰু অন্তৰ্মুখী ৰূপত প্ৰকাশ কৰাৰ এক স্বাভাৱিক প্ৰয়াস মাথো৷

দাসৰ উপমাবোৰে কেৱল বাহ্যিক সৌন্দৰ্যই প্ৰদৰ্শন নকৰে; ই চৰিত্ৰৰ মানসিক অৱস্থা, নিঃসংগতা, ক্লান্তি বা দোদুল্যমানতা প্ৰকাশতো অন্যতম ভূমিকা পালন কৰে৷ চিত্ৰকল্পৰ সহায়েৰে তেওঁ পৰিৱেশ আৰু অনুভৱৰ মাজত এক সূক্ষ্ম সেতুবন্ধন গঢ়ি তোলে৷ ফলত পৰিৱেশ বৰ্ণনা কেৱল দৃশ্যগত অৱস্থাতে নাথাকি মানসিক অনুভৱৰ প্ৰতিফলন হৈ উঠে৷ এই লয়যুক্ত গদ্যই গল্পৰ ভাষাত এক অন্তৰ্নিহিত সংগীতৰ সৃষ্টি কৰে, যিয়ে পাঠকক ধীৰে ধীৰে কাহিনীৰ আৱহমান জগতত নিমজ্জিত হোৱাত সহায় কৰে৷

কথন ৰীতিৰ ক্ষেত্ৰতো দাস অত্যন্ত সচেতন৷ তৃতীয় পুৰুষৰ কথনে তেওঁ বহু সময়ত নিৰপেক্ষ দৃষ্টিভংগী গ্ৰহণ কৰি চৰিত্ৰ আৰু পৰিস্থিতিক দূৰৰ পৰা চাবলৈ সুবিধা কৰি দিয়ে৷ একেদৰে প্ৰথম পুৰুষৰ কথনে চৰিত্ৰৰ ব্যক্তিগত অনুভৱ, আত্মকথন আৰু মানসিক সংঘাতক অধিক ঘনিষ্ঠভাৱে প্ৰকাশ কৰে৷ বহুবচনাত্মক ‘আমি’ৰ ব্যৱহাৰে ব্যক্তিগত অভিজ্ঞতাক সামূহিক চেতনালৈ উন্নীত কৰে, যাৰ ফলত এটা চৰিত্ৰৰ অনুভৱেই বহুজনৰ মনত অভিন্ন অনুভৱ হৈ উঠে৷

ফ্লেছবেক্‌ আৰু দৃশ্যভাগৰ ব্যৱহাৰো দাসৰ কথন কৌশলৰ আন এক গুৰুত্বপূৰ্ণ দিশ৷ ফ্লেছবেকৰ জৰিয়তে অতীত আৰু বৰ্তমান একোটা ‘নেৰেটিভ’ক একেটা পৰিসৰত সহাৱস্থান কৰায়, যাৰ ফলত স্মৃতি আৰু বাস্তৱৰ সংঘাত স্পষ্ট হয়৷ দৃশ্যভাগে গল্পক নাট্যধৰ্মী গতি প্ৰদান কৰে; কাহিনী একোটা  নাটকৰ দৃশ্যৰ দৰে আগবাঢ়ে আৰু পাঠকে সজীৱ যেন লগা ঘটনাবোৰ চকুৰ সন্মুখত দেখিবলৈ পায়৷ এই সকলো কৌশল দাসে বিষয়বস্তুৰ প্ৰয়োজন অনুসাৰেই ব্যৱহাৰ কৰিছে৷

কাব্যিক ভাষা আৰু বহুমুখী কথন কৌশলৰ সচেতন প্ৰয়োগে প্ৰশান্ত কুমাৰ দাসৰ গল্পক সংবেদনশীল, গভীৰ আৰু কলাসুলভ মাত্ৰা প্ৰদান কৰিছে৷

প্ৰশান্ত কুমাৰ দাস আধুনিক অসমীয়া চুটিগল্পৰ এক দৃঢ় আৰু স্বতন্ত্ৰ কণ্ঠস্বৰ৷ বিশ্বসাহিত্যৰ বিভিন্ন ধাৰাৰ সৈতে তেওঁ গল্পৰ বিষয়বস্তুয়ে সম্পৰ্ক স্থাপন কৰিছে ঠিকেই, কিন্তু সেই সম্পৰ্ক কেতিয়াও অনুকৰণত সীমাবদ্ধ হৈ থকা নাই৷ বৰঞ্চ সেই আন্তঃসম্পৰ্কৰ মাজেৰেই দাসে নিজস্ব আংগিক চেতনাক বিকশিত কৰিছে আৰু এক স্বকীয় গল্পৰ এখন জগত গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ তেওঁৰ গল্পসমূহত ব্যৱহৃত কৌশলসমূহ বাহ্যিক নহয়; ই গল্পকাৰ দাসৰ ভাষা, অভিজ্ঞতা আৰু সময়-চেতনাৰ পৰা স্বাভাৱিকভাৱে উদ্ভাসিত হোৱা৷

ফেণ্টাছী, যাদুকৰী বাস্তৱতা, কল্পবিজ্ঞান, চেতনা-স্ৰোত, প্ৰতীক আৰু ব্যংগ– এই সকলোবোৰ কৌশল দাসৰ গল্পত আন্তঃসংলগ্ন ৰূপত সংযোজিত হৈছে৷ এই সংমিশ্ৰণৰ ফলতেই তেওঁৰ গল্পসমূহে কেৱল কাহিনী কথনতকৈ গল্পকাৰৰ চিন্তাই বহু প্ৰশ্ন উত্থাপন কৰিছে আৰু সেইবোৰে পাঠকক ভাবনাৰ এখন জগতৰ সন্ধান দিছে৷ কৌশলসমূহে গল্পৰ বাহ্যিক পৰিকাঠামোক জটিল কৰি তুলিলেও তাৰ অন্তৰ্নিহিত লক্ষ্য পৃথক, একক আৰু অনন্য৷ এইবোৰত আধুনিক মানুহৰ মানসিক অৱস্থা আৰু সময়ৰ সংকটক কলাসুলভভাৱে প্ৰকাশ কৰিছে৷

এইদৰে দাসে অসমীয়া চুটিগল্পক কেৱল বিষয়গত দিশতেই নহয়, আংগিক আৰু বৌদ্ধিক দিশতো সমৃদ্ধ কৰিছে৷ তেওঁৰ গল্পই আধুনিক অসমীয়া সাহিত্যক এক নতুন চিন্তনশীলতা আৰু কলাসুলভ মূল্যবোধ প্ৰদান কৰিছে৷

ফোন ঃ ৭০০২৯-৬৬১৯৯

 

ড
লেখকৰ পৰিচয়

ড॰অসীম চুতীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)